এডভাণ্টেজ আছাম ২.০- বিনিয়োগ আৰু আন্ত:গাঁথনি সন্মিলন ২০২৫-ৰ বিষয়ে ভাবিলে মোৰ মনটো উৎফুল্লিত পৰে। এই সন্মিলনৰ অংশীদাৰ হিচাপে মই ইয়াৰ ব্যতিক্ৰমী পৰিচালনা আৰু ৰূপায়ণৰ সকলো দিশ প্ৰত্যক্ষ কৰিছিলোঁ।
বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চ প্ৰতিনিধিৰ উপস্থিতিয়ে এই সন্মিলনক এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিলে। প্ৰদৰ্শনীস্থলীত উপস্থিত হওঁতে অংশগ্ৰহণকাৰীৰ উৎসাহ-উদ্দীপনা স্পষ্টৰূপত দেখিবলৈ পোৱা গৈছিল।
এই সফলতা অসম চৰকাৰৰ সু-পৰিকল্পিত পদক্ষেপ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ফলাফল। তেখেতে নিশ্চিত কৰিছিল যে প্ৰতিগৰাকী অতিথিয়ে অসমৰ সম্ভাৱনাৰ বিষয়ে অৱগত হৈ এই বাটেৰে অগ্ৰসৰ হওক। ৮,০০০তকৈ অধিক শিল্পীৰ ঝুমইৰ নৃত্যৰে আৰম্ভ হোৱা বর্ণিল অনুষ্ঠানৰ পৰা লৈ বি টু বি বৈঠকৰ সফলতা — সকলোতে অসমৰ সমৃদ্ধ সংস্কৃতিৰ সৈতে এক উন্নয়নৰ প্ৰতিচ্ছবি জিলিকি উঠিছিল।
*দ্ৰুত অৰ্থনৈতিক উন্নয়নৰ পথত অসম*
সন্মিলনখনৰ আয়োজনৰ সৈতে অসমৰ শক্তিশালী অৰ্থনৈতিক দিশটো জড়িত হৈ আছে। বিচক্ষণ নীতি আৰু অসমবাসীৰ পৰিশ্ৰমৰ ফলস্বৰূপে অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ২০১৮ চনত ২.৭৫ লাখ কোটিৰ পৰা ২০২৪ চনত প্ৰায় দুগুণ হৈ ৬ লাখ কোটিলৈ বৃদ্ধি পাইছে। কেৱল ২০২২-২৩ বিত্তীয় বৰ্ষতে ১০.২% বৃদ্ধিৰে অসমে ভাৰতৰ ৭.২% বৃদ্ধিকো অতিক্ৰম কৰে।
অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত প্ৰাথমিক খণ্ডৰ অৱদান ৩৫%, গৌণ খণ্ডৰ ১৯% আৰু আন খণ্ডৰ ৪৬%। ২০২০-২০২৪ সময়ছোৱাৰ ভিতৰত প্ৰাথমিক খণ্ডই ১৩% বার্ষিক গড় (চিএজিআৰ) হাৰে, গৌণ খণ্ডই ১১.৪% (উৎপাদন খণ্ড ১৩.২%) আৰু আন খণ্ডই প্ৰায় ১২.৮% হাৰত বৃদ্ধি লাভ কৰিছে, যিয়ে আন্ত:ৰাষ্ট্ৰীয় আৰু দেশৰ বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো এক উল্লেখযোগ্য সফলতা কঢ়িয়াই আনিছে।
এই প্ৰতিফলন এডভাণ্টেজ আছাম ২.০ সন্মিলনত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছিল, য’ত ৫ লাখ কোটি বিনিয়োগৰ প্ৰস্তাৱ পোৱা গৈছে। যি ২০১৮ চনৰ তুলনাত পাঁচ গুণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছিল। শক্তি, শিক্ষা, পৰ্যটন আৰু প্ৰযুক্তিৰ দৰে বহু খণ্ডত ৩০০তকৈ অধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে।
অসমৰ উন্নয়নৰ বাবে গতিশীল নেতৃত্বৰ স্বীকৃতি দিয়াটো গুৰুত্বপূৰ্ণ কথা প্ৰাসংগিক। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০৩০ৰ ভিতৰত অসমক ১৫০ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্থনীতিৰ ৰূপত গঢ়ি তোলাৰ উদ্দেশ্যৰ কথা উল্লেখ কৰে। ২০২৫-২৬ আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষৰ দিশে আগবাঢ়ি অসমে অৰ্থনীতিৰ সুদৃঢ় পথ আৰু আশাৰ বাট এটি মুকলি কৰিছে। টাটাৰ ২৭,০০০ কোটিৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প জাগীৰোডত স্থাপন হৈছে আৰু এই প্ৰকল্প ২০২৫ চনৰ ভিতৰতে কাৰ্যকৰী হ’ব।
পেপচিকোৰ ৭৫০ কোটিৰো অধিক বিনিয়োগৰে নলবাৰীত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম খাদ্য প্ৰস্তুতকাৰী উদ্যোগ ২০২৫-২৬ চনত মুকলি হোৱাৰ সম্ভাৱনা আছে। ৰিলায়েন্সৰ বার্ষিক ১০ কোটি লিটাৰ উৎপাদনক্ষমতাৰ সৈতে গুৱাহাটীস্থিত বৃহৎ কেম্পা কোলা বটলিং প্লাণ্ট ইতিমধ্যে কাৰ্যক্ষম হৈছে। অসম চৰকাৰৰ ইথানল প্ৰচাৰ নীতিৰ অধীনত বহুতো ইথানল কাৰখানা গঢ়িবলৈ ধৰিছে, যিয়ে উৎপাদন বৃদ্ধিৰ লগতে ভাৰতৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰ সৈতে সমভাৱে আগুৱাই গৈছে।অইল ইণ্ডিয়া আৰু অ’ এন জি চি-এ অনুসন্ধান আৰু শোধন কাৰ্য বৃদ্ধিৰে গেছ উৎপাদনত অসমৰ নিজৰ স্থানক অধিক দৃঢ় কৰি তুলিছে। নামৰূপ-৪ সাৰ উৎপাদন কেন্দ্ৰ আৰু পেট্ৰ’কেমিকেল খণ্ডৰ সম্প্রসাৰণেও আগন্তুক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তদুপৰি ৰাজ্যখনৰ দ্বাৰা গঢ়ি তোলা শক্তিশালী “ভূমি বেংক” ব্যৱস্থাই উদ্যোগৰ বাবে সহজে ভূমি উপলভ্য থকাটো নিশ্চিত কৰিছে। ইয়াৰ লগতে চাহ, কৃষি উৎপাদন আৰু খনিজ সম্পদৰ সদ্ব্যৱহাৰ আৰু একক প্ৰণালীৰ জৰিয়তে অনুমোদন প্ৰক্ৰিয়া অধিক সৰল কৰা হৈছে। এই সকলো পদক্ষেপে অসমৰ ইজ অৱ ডুইং বিজনেছৰো উল্লেখযোগ্যভাৱে উন্নত কৰিছে। অসমৰ যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণেও ৰাজ্যখনৰ বিকাশত প্ৰভাৱ পেলাইছে। কেন্দ্রীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৮০,০০০ কোটি টকাৰ নতুন প্ৰকল্পৰ ঘোষণা কৰি এই দিশত নতুন সংযোজন ঘটাইছে। ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ তলত সুৰংগ আৰু কাজিৰঙাৰ এলিভেটেড কৰিড’ৰ উল্লেখযোগ্য। ২০২৯ চনৰ ভিতৰত মুঠ ৩ লাখ কোটি টকাৰ পৰিবহণ প্ৰকল্পই ৰাজ্যখনৰ সংযোগ ব্যৱস্থাক উন্নত কৰিব।
এটি নতুন অধ্যায়ৰ আৰম্ভণি
এডভাণ্টেজ আছাম ২.০-এ পৰিৱৰ্তনশীল চিন্তাৰে অপাৰ সম্ভাৱনাৰে ভৰপূৰ অসমক বিশ্বদৰবাৰত প্ৰদৰ্শন কৰিলে। এই সন্মিলনৰ সফলতাই বিনিয়োগৰ প্ৰতিশ্ৰুতি আৰু মূল্যবান নীতি নিৰ্ধাৰণৰ জৰিয়তে ভৱিষ্যৎ উন্নয়নৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰিলে। এডভাণ্টেজ আছাম ২.০-ক সমৃদ্ধিৰ এক নতুন যুগ আৰম্ভ কৰাৰ ঐতিহাসিক মুহূৰ্ত হিচাপে মনত ৰখা হ’ব।
(মিত্রভানু চৌধুৰী হৈছে Ernst & Young (EY)-ৰ এজন অংশীদাৰ। তেখেতে ‘Economic Development Advisory’ অনুশীলনত ৰণনীতি আৰু লেনদেন পৰামৰ্শদাতা হিচাপে নেতৃত্ব দিয়ে)










