শেহতীয়াকৈ প্ৰকাশিত এটা বাতৰি অনুসৰি দুটা চিমেণ্ট, এটা আগশাৰীৰ এফএমচিজি আৰু অন্যান্য কেইটামান কোম্পানীয়ে অসমত ৮০০০ কোটি টকাৰ অধিক বিনিয়োগ কৰিব৷ বৰ্তমানৰ চৰকাৰখনৰ দ্বিতীয়টো কাৰ্যকাল পূৰ্ণ হোৱাৰ মুহূৰ্তত লাভ কৰা এই বাতৰিয়ে অনাগত দিনলৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ সুখানুভূতি প্ৰদান কৰিছে৷
এই চৰকাৰখনে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰেপৰা উন্নয়ন আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে৷ মোৰ মনত পৰে যে যোৱা বছৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰি ৯০,০০০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আগবঢ়াইছিল৷ এনে পদক্ষেপসমূহক আমি ইতিবাচক বিকাশ হিচাপে আখ্যা দিব পাৰোঁ৷ অৱশ্যে অসমে ঘৰুৱা বিনিয়োগ আৰু বৈদেশিক প্ৰত্যক্ষ বিনিয়োগ (এফডিআই) আকৰ্ষিত কৰি থকা দেশৰ আন ৰাজ্যসমূহৰ সৈতে একেলগে খোজ পেলাব লাগিব আৰু ইয়াৰ বাবে এক বহুমুখী ব্যৱস্থাৰ প্ৰয়োজন আছে ৷
এগৰাকী উদ্যোগপতি হিচাপে বহুখিনি অভিজ্ঞতা বুটলাৰ পাছত মই ৰাজ্যখনৰ বিকাশ যাত্ৰাৰ বাবে প্ৰয়োজনীয় যেন অনুভৱ হোৱা পদক্ষেপ আৰু ক্ষেত্ৰসমূহ তালিকাভুক্ত কৰিবলৈ চেষ্টা কৰিছোঁ৷
প্ৰকৃততে বিভিন্ন শিতানৰ (সূক্ষ্ম, লঘু, মজলীয়া আৰু বৃহৎ) উদ্যোগসমূহৰ সংখ্যা, সংগঠিত আৰু অসংগঠিত খণ্ডত বিভক্ত হৈ থকা উদ্যোগৰ বিশদ বিৱৰণ, ইয়াত নিয়োজিত হৈ থকা কৰ্মচাৰীৰ সংখ্যা, সংযোজিত বিদ্যুতৰ পৰিমাণ, অৱস্থান, বিনিয়োগ আৰু ৰাজসাহায্য (মূলধন আৰু কাৰ্যকৰী) ইত্যাদি সামৰি এখন শ্বেতপত্ৰ নহ’লেও স্থিতি অধ্যয়ন পত্ৰ প্ৰস্তুত কৰাটো প্ৰয়োজনীয়৷
উত্তৰ-পূৰ্বাঞ্চলত তথ্যৰ অভাৱ হৈছে চিন্তাৰ অন্যতম কাৰণ৷ সেয়ে উল্লিখিত পদক্ষেপসমূহৰ আধাৰত অস্পষ্টতা আৰু ত্ৰুটি দূৰ কৰি ইটো সিটোৰ পৰিপূৰক হ’বপৰাকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এক স্বচ্ছ ঔদ্যোগিক নীতি প্ৰস্তুত কৰিব লাগিব৷
প্ৰায় ১০ বছৰ কাল ফাইনাৰৰ প্ৰাক্তন সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰা মই
এন.ই.আই.আই.পি.পি., ২০০৭-ৰ আধাৰত আৰু সাত বছৰৰ বাবে (কোনো সম্প্ৰসাৰণ অবিহনে) কেন্দ্ৰৰ নতুন নীতি তৎক্ষণাৎ ঘোষণা কৰি মাজভাগতে কোনো পৰিৱৰ্তন (সংশোধন, সালসলনি আৰু একত্ৰীকৰণ ইত্যাদি) নোহোৱাকৈ আখৰে আখৰে ৰূপায়ণ কৰাৰ পক্ষত স্থিতি গ্ৰহণ কৰি আহিছোঁ৷ এই খচৰা নীতি প্ৰস্তুত কৰোঁতে উদ্যোগ সংগঠন/বিশেষজ্ঞৰপৰা পৰামৰ্শসমূহ গ্ৰহণ কৰাটো প্ৰয়োজনীয়৷
কম সময়ৰ ভিতৰতে ভূমিৰ উপলভ্যতা নিশ্চিত কৰাটো জৰুৰী, বিশষকৈ এমএছএমই গোটসমূহৰ বাবে৷ এই ভূমি উদ্যোগ স্থাপন/চলাব বিচৰা লোকসকলে ৰেহাই মূল্যত বা কম ভাড়াত দীৰ্ঘম্যাদী লীজত লাভ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগিব৷ ৰাজ্য চৰকাৰে উন্নত ঔদ্যোগিক ভূমি প্ৰদান কৰিবলৈ ঔদ্যোগিক শ্বেড বা বিকাশ কেন্দ্ৰ স্থাপন কৰি উন্নত আৰু দ্ৰুত বিনিয়োগ আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব৷ মোৰ যুক্তিৰ সমৰ্থনত উল্লেখ কৰিম যে চি.পি.এছ.ইউ.-ৰ বিনিয়োগ লাভ কৰিবলৈ সক্ষম হ’ব পৰাটো অতি গুৰুত্বপূৰ্ণ৷ তেতিয়াহে সঠিক উদ্যোগীকৰণ নিশ্চিত কৰিব পৰা যাব আৰু ফলত আনুষঙ্গিক গোটসমূহ (এই চি.পি.এছ.ইউ./ৰাজ্যিক প্ৰতিষ্ঠানসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ স্থাপন হোৱা এম.এছ.এম.ই. গোট) স্থাপন কৰিব পৰা যাব৷ এনে ব্যৱস্থাই অস্থায়ী বিনিয়োগকৰ্তাসকলকো ধৰি ৰাখিব পৰা এক সুস্থিৰ পৰিৱেশ প্ৰদান কৰিব৷ প্ৰতিৰক্ষা কৰিড’ৰ/ বিশেষ উদ্দেশ্য বাহক (এছপিভি)ৰ জৰিয়তে প্ৰতিৰক্ষা খণ্ডত বিনিয়োগে এই উদ্দেশ্যক এক সঠিক গতি প্ৰদান কৰিব
যিকোনো ঔদ্যোগিক নীতিৰ সফলতাৰ চাবিকাঠী হৈছে নিয়োগ সৃষ্টি৷ ইয়াৰ জৰিয়তে চৰকাৰ এখনে এই গোটসমূহলৈ আগবঢ়োৱা ৰাজসাহায্যক ন্যায্যতা প্ৰদান কৰিব পাৰিব৷ উল্লেখ্য যে, এই সকলোৰ লগতে এক মানৱীয় দৃষ্টিভংগীসম্পন্ন নমনীয় শ্ৰমিক নীতিৰো প্ৰয়োজন৷
চৰকাৰে এই গোটসমূহৰ বাবে, বিশেষকৈ এমএছএমই গোটসমূহৰ বাবে সুলভ মূল্যত উন্নত শক্তি যোগান সেৱাও নিশ্চিত কৰিব লাগিব৷ প্ৰতি ইউনিট বিদ্যুতৰ মূল্য কৃষিখণ্ডত প্ৰযোজ্য হোৱা মূল্যৰ দৰে হোৱাটো জৰুৰী৷ যেতিয়া বিনিয়োগকৰ্তাসকলে অনুভৱ কৰিব যে উন্নত আৰু পৰ্যাপ্ত ভূমি, শক্তি আৰু মানৱ শক্তিৰ সৈতে উদ্যোগীকৰণৰ এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে, তেতিয়া তেওঁলোক বিনিয়োগৰ উদ্দেশ্যে উৎসাহিত হ’ব৷ আমি মনত ৰখাটো ভাল যে বিনিয়োগকাৰীসকলৰ ওচৰত বহুতো বিকল্প আছে; সেয়েহে ৰাজ্যখনে নিশ্চিত কৰিব লাগিব যাতে তেওঁলোকে ইয়াত বিনিয়োগ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰে৷
এদিন এনে সময় আহিব যেতিয়া এই প্ৰাসঙ্গিক অংশীদাৰসকলৰ বাবে বিনিয়োগৰ প্ৰথম পছন্দ হ’ব ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্ব৷ এনে পৰিস্থিতিৰ বাবে, চৰকাৰে সহযোগী বা নিৰ্ভৰযোগ্য ভূমিকা পালন কৰি আৰু ব্যক্তিগত খণ্ডৰ ব্যৱস্থাপনা দক্ষতাত আস্থা ৰাখি বিদ্যমান নিৰ্দেশনাসমূহক অধিক বিনিয়োগ অনুকূল কৰি তুলিব পৰা এখন নীতি প্ৰস্তুত কৰাৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব৷
উদ্যোগ সম্পৰ্কীয় সকলো উৎসাহ-উদ্দীপনাৰ মাজত আমি এটা সত্যক বাদ দিব নোৱাৰোঁ – আমাৰ সেৱা খণ্ডত এক প্ৰচুৰ সম্ভাৱনা আছে, যিটো বিগত সময়ত প্ৰমাণিত হৈছে৷ এই খণ্ডটোক বহনক্ষম বিনিয়োগৰ সৈতে উত্তম ব্যৱহাৰ কৰিব পৰাটো চৰকাৰ এখনৰ সফলতা হিচাপে গণ্য কৰিব পৰা যাব৷
উদ্যোগ ব্যৱস্থাৰ পৰিসৰ বৃহৎ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে আন কিছুমান ক্ষুদ্ৰ পদক্ষেপ ল’ব লাগিব৷ আমি আন্তৰিকতাৰে কাম কৰি যাব লাগিব আৰু ‘ইজ অফ ডুয়িং বিজনেছ’ৰ ক্ষেত্ৰত সাহসী পদক্ষেপ গ্ৰহণ কৰিব লাগিব৷
এই ব্যৱস্থাসমূহে মুখ্যমন্ত্ৰীৰ অসমক দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত অন্যতম কৰি তোলাৰ লক্ষ্য আৰু ‘বিকশিত অসম’ৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰি তোলাটো সুনিশ্চিত কৰিব৷ ইয়াক ৰূপায়ণ কৰাৰ দিশত সন্মুখীন হোৱা হস্ৰম্যাদী সমস্যাসমূহক দিছপুৰৰ চৰকাৰখনে অতিক্ৰম কৰিব পাৰিলে এক দীৰ্ঘম্যাদী লভ্যাংশ ৰাজ্যখনে উপভোগ কৰিব পাৰিব৷