৮ জুন ২০২৩, এই দিনটো অসমৰ ইতিহাসত এক উল্লেখনীয় দিন হিচাপে স্মৰণীয় হৈ ৰ’ব৷ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সিদিনা এক কোটি বাণিজ্যিক গছপুলি ৰোপণৰ লক্ষ্যৰে এক জন আন্দোলন গঢ়ি তোলাৰ আহ্বান জনায়৷
অমৃত বৃক্ষ আন্দোলন হৈছে এক বছৰজোৰা পদক্ষেপ যাৰ সৈতে বহু অংশীদাৰ জড়িত হৈ আছে৷ ইয়াৰ উদ্দেশ্য হৈছে আগন্তুক সপ্তাহবোৰত ৰাজ্যজুৰি এক কোটি বাণিজ্যিক গছপুলি ৰোপণ কৰা৷ বহনক্ষম পদ্ধতি প্ৰয়োগৰ জৰিয়তে বাণিজ্যিক গছপুলি ৰোপণ আৰু কৃষিবন খণ্ডক উৎসাহিত কৰি অসমৰ সেউজ অৰ্থনীতিক এক গুৰুত্বপূৰ্ণ উৎসাহ প্ৰদান কৰাৰ বাবে বনাঞ্চলৰ বাহিৰত গছৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে এই পদক্ষেপ হাতত লোৱা হৈছে৷
সক্ৰিয় অংশগ্ৰহণত উদগনি যোগাবলৈ অসম চৰকাৰে আত্মসহায়ক গোটসমূহৰ হিতাধিকাৰীক গছপুলি ৰোপণ কৰাৰ পাছত ফটো আপল’ড কৰিলে ১০০ টকাকৈ প্ৰদান কৰিব৷ তিনি বছৰ পাছত পুলিটো জীয়াই থাকিলে অতিৰিক্ত ২০০ টকা প্ৰদান কৰা হ’ব৷ এই অভিলাষী প্ৰচেষ্টাই এটা বিশ্ব অভিলেখ গঢ়িবলৈও সক্ষম হ’ব৷ এই অভিযানে আত্মসহায়ক গোট আৰু আশা, অংগনৱাড়ী, চাহ বাগিচাৰ শ্ৰমিক, শিক্ষানুষ্ঠান আৰু বিভিন্ন চৰকাৰী বিভাগ আদি তৃণমূল পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহক সৱলীকৃত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে৷ এই পদক্ষেপৰ লক্ষ্য হৈছে বৈচিত্ৰময় অংশীদাৰসকলক অন্তৰ্ভুক্ত কৰি এক বৃহৎ গছপুলি ৰোপণেৰে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত এক সহযোগিতামূলক চিন্তাৰ সৃষ্টি কৰা৷
এই আন্দোলনে মহিলাসকলক গছৰ জৰিয়তে অৰ্থনৈতিক আৰু সামাজিকভাৱে সৱলীকৃত কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ দিশতো অৰিহণা যোগাব৷ মহিলা-অভিমুখী গোটসমূহৰ সক্ৰিয় অংশগ্ৰহণে এই অভিযানটোক লিংগ সমতা বৃদ্ধি আৰু জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত কৰিব৷ ইয়াৰ উপৰি, নিম্ন প্ৰাথমিক বিদ্যালয় আৰু উচ্চ বিদ্যালয়কে ধৰি শিক্ষানুষ্ঠানসমূহে এই গছপুলি ৰোপণ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷
এই অনুষ্ঠানসমূহে শিক্ষাৰ্থীসকলক উদ্ভিদ, পৰিৱেশ সংৰক্ষণত গছৰ গুৰুত্ব, আৰু বহনক্ষম পদ্ধতি সম্পৰ্কে শিক্ষিত কৰাৰ সুযোগ প্ৰদান কৰিব৷ পৰিৱেশ শিক্ষাৰ সৈতে এই প্ৰচেষ্টাক একত্ৰিত কৰি নৱ-প্ৰজন্মৰ মাজত পৰিৱেশ সম্পৰ্কীয় দায়বদ্ধতা বৃদ্ধি কৰিব পৰা যাব আৰু ই আমাৰ সমাজত সংৰক্ষণৰ এক সুদৃঢ় সংস্কৃতি গঢ় দিব৷
পঞ্জীয়নৰ বাবে অমৃত বৃক্ষ আন্দোলন নামৰ এটা ম’বাইল এপ্লিকেচন প্ৰৱৰ্তন কৰা হৈছে৷ এই এপটোৰ জৰিয়তে গছপুলি বিতৰণৰপৰা আৰম্ভ কৰি গছপুলিৰ বৃদ্ধিলৈকে নিৰৱচ্ছিন্নভাৱে নিৰীক্ষণ কৰিব পৰা যাব৷ প্ৰযুক্তিৰ জৰিয়তে এই অভিযানৰ অধীনত ৰোপণ কৰা গছপুলিৰ সংখ্যা, সঠিক অৱস্থান, আৰু গছপুলিসমূহৰ জীয়াই থকাৰ হাৰ সঠিকভাৱে অনুধাৱন কৰিব পৰা যাব৷ এই তথ্যসমৃদ্ধ পদ্ধতিয়ে গছপুলি ৰোপণ অভিযানৰ সামগ্ৰিক কাৰ্যকৰীতা বৃদ্ধি কৰিব আৰু ভৱিষ্যতৰ বাবে উন্নত মূল্যায়ন আৰু কৌশলগত পৰিকল্পনা ৰূপায়নত সহায় কৰিব৷ বহনক্ষম পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যে প্ৰযুক্তিৰ ব্যৱহাৰ কৰাটো অধিক দায়বদ্ধ আৰু এটা স্বচ্ছ প্ৰক্ৰিয়া বিকশিত কৰাৰ দিশত চৰকাৰৰ প্ৰশংসনীয় প্ৰচেষ্টা হিচাপে অভিহিত কৰিব পৰা যাব৷
এই অভিযানত ৫৩বিধ বাণিজ্যিকভাৱে মূল্যৱান প্ৰজাতি, যেনে চেগুন, বগা চন্দন, অগৰু, হ’লক, গৰ্জন, পমা, মহানিম, চোম, শিশু আদি গছৰ পুলি বিতৰণ কৰা হ’ব৷ এই নিৰ্বাচিত গছৰ প্ৰজাতিসমূহৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সম্ভাৱনা আছে৷ এই গছসমূহ পৰিপক্ক হোৱাৰ পাছত কাঠ, কাঠ-নিৰ্ভৰ উদ্যোগ আৰু অন্যান্য মূল্য-সংযোজিত সামগ্ৰীৰ উৎপাদনত ব্যৱহাৰ কৰিব পৰা যায়৷ এই ব্যৱস্থাই সামগ্ৰিকভাৱে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব৷
সেউজ আৱৰণ বৃদ্ধিৰ ক্ষেত্ৰত থকা পাৰিপাৰ্শ্বিক লাভৰ লগতে বাণিজ্যিকভাৱে মূল্যৱান প্ৰজাতিৰ গছপুলি ৰোপণেৰে বহনক্ষম অৰ্থনৈতিক উন্নয়নৰ জৰিয়তে স্থানীয় সম্প্ৰদায়সমূহক সৱলীকৃত কৰাৰ এক দৃষ্টিভংগী সংযোজিত হৈছে৷ ৰাজ্যখনৰ পাৰিপাৰ্শ্বিক আৰু অৰ্থনৈতিক বিকাশ নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হৈছে অমৃত বৃক্ষ আন্দোলন৷
টিঅ’এফ আৰু কৃষিবনত প্ৰদান কৰাটোৱেই হৈছে ভূমিৰ বহনক্ষম ব্যৱহাৰ আৰু অৰ্থনৈতিক বৈচিত্ৰতা বৃদ্ধিৰ বাবে চৰকাৰৰ এক উল্লেখযোগ্য প্ৰচেষ্টা৷ কৃষিজাত শস্যৰ সৈতে গছপুলি ৰোপণ একত্ৰিত কৰি কৃষকসকলে তেওঁলোকৰ নিয়মীয়া কৃষি শস্যৰ সৈতে মূল্যৱান কাঠৰ প্ৰজাতিৰ খেতি কৰিবলৈও সক্ষম কৰিব৷
কৃষিবনে কৃষক আৰু পৰিৱেশৰ বাবে এক লাভজনক পৰিস্থিতি সূচনা কৰিব পাৰে৷ মূল্যৱান বাণিজ্যিক প্ৰজাতিৰ গছৰপৰা পোৱা অতিৰিক্ত পৰিপূৰক উপাৰ্জনে কৃষকসকলক লাভান্বিত কৰে৷ এই পৰিপূৰক উপাৰ্জনে মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ দৰে কৃষকসকলৰ উপাৰ্জন দুগুণ কৰি তেওঁলোকৰ অৰ্থনৈতিক কল্যাণ সাধন কৰিব পৰা যাব৷
নীতিৰ ক্ষেত্ৰত অসম চৰকাৰে শেহতীয়াকৈ দুটা গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছে৷ বন নীতিৰ আওঁতালৈ নহা গছ (বহনক্ষম ব্যৱস্থাপনা) ২০২২, আৰু অসম কাঠ-নিৰ্ভৰ উদ্যোগ (প্ৰচাৰ আৰু উন্নয়ন) নীতি ২০২২-য়ে কাঠ-নিৰ্ভৰ উদ্যোগ খণ্ডৰ বাবে নিয়মাৱলীৰ শিথিলতাৰে এক উন্নত ব্যৱসায়িক পৰিৱেশ গঢ় দিবলৈ চেষ্টা কৰিছে৷ নিয়মৰ এই শিথিলতাই আমাৰ নাগৰিকসকলক বনাঞ্চলৰ বাহিৰত গছপুলি ৰোপণ আৰু গছৰ বহনক্ষম ব্যৱহাৰৰ দিশত উৎকৃষ্ট সুযোগ প্ৰদান কৰিছে৷
অমৃত বৃক্ষ আন্দোলন জলবায়ু সংৰক্ষণ, লিংগ সমতা, আৰু সুস্বাস্থ্য আৰু স্বাস্থ্য-কল্যাণৰ দৰে বহনক্ষম উন্নয়নৰ লক্ষ্যত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পৰা এক সুদূৰপ্ৰসাৰী পদক্ষেপ হিচাপে অভিহিত হৈছে৷ এক জন-প্ৰচেষ্টাৰ জৰিয়তে স্থানীয় পৰিস্থিতিতন্ত্ৰ আৰু আৰ্থ-সামাজিক পৰিৱেশত একেলগে ইতিবাচক প্ৰভাৱ পেলাব পৰা এই অভিযান বিশ্বৰ বাবে এক প্ৰেৰণাদায়ক উদাহৰণ হৈ উঠিব৷ অসম চৰকাৰে অসমৰ প্ৰতিজন নাগৰিকক এই জনমুখী প্ৰচেষ্টাৰ সক্ৰিয় অংশীদাৰ হ’বলৈ আহ্বান জনাইছে যাতে ৰাজ্যখনৰ বহনক্ষম উন্নয়ন আৰু সেউজ প্ৰগতিত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত আমাৰ অংশীদাৰী দায়বদ্ধতা আৰু গৌৰৱৰ ধাৰণাটোক শক্তিশালী ৰূপত উপস্থাপন কৰিবলৈ আমি সক্ষম হওঁ৷
আহক, আমি সকলোৱে আমাৰ ঘৰৰ বাৰীত/ ৰাজহুৱা স্থান/চুবুৰীত গছপুলি ৰোপণ কৰি এক বহনক্ষম, সেউজ আৰু প্ৰদূষণমুক্ত অসম গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হওঁ৷
(লেখক হৈছে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী)