যি দেশৰ নাগৰিকসকলে কৃষি খণ্ডত সদায় গুৰুত্ব দিয়ে সেইখন দেশত নিবনুৱা সমস্যাই কেতিয়াও ভয়াৱহ ৰূপ ল’ব নোৱাৰে৷ বিজ্ঞানসন্মতভাৱে বছৰৰ বাৰ মাহেই খেতি কৰিব পৰা প্ৰকল্পইহে সকলোকে উৎসাহিত কৰিব পাৰে৷ পৰম্পৰাগত কৃষি পদ্ধতিৰ লগতে উন্নত যন্ত্ৰ-পাতিৰ ব্যৱহাৰে একোটা অঞ্চলৰ কৃষিৰ ছবিখন সলনি কৰাৰ লগতে অৰ্থনৈতিক বিপ্লৱৰ মাপ-কাঠীও নিৰ্ণয় কৰিব পৰা ক্ষমতা আছে৷ নদীমাতৃক ৰাজ্য হিচাপে অসমৰ মাটি সাৰুৱা আৰু প্ৰয়োজনীয় পানী যোগান ধৰিব পৰা উৎসও উপলভ্য৷ প্ৰয়োজন মাথোঁ পৰিকল্পনাৰ৷
বিগত পাঁচ বছৰত অসমত কৃষি খণ্ডত যথেষ্ট উন্নতি হৈছে৷ গৰুখুঁটি প্ৰকল্পৰ পৰা আৰম্ভ কৰি কন্যকা ফাৰ্ম, বিভিন্নজনে ৰোপণ কৰা থাইলেণ্ড বগৰী, আপেল বগৰী, ষ্ট্ৰবেৰী, লিচু খেতি, আনাৰস, কল আদিৰ লগতে ড্ৰেগন ফল আদিৰ খেতি কৰি শ শ লোক স্বাৱলম্বী হোৱাৰ লগতে আন দহজনকো স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিছে৷
গৰুখুঁটি আৰু কন্যকা প্ৰকল্পত থলুৱাভাৱে উৎপাদিত খাদ্যই বিশেষ সমাদৰ লাভ কৰিছে৷ এতিয়া পূজা, বিহু, উৎসৱ-পাৰ্বণ আদিত মাছ-মাংস, কণী, গাখীৰ, মিঠাইৰ বাবে আন ৰাজ্যৰ মুখলৈ চাব নালাগে৷ কাৰণ, ৰাজ্যতে অতিসম্প্ৰতি কন্যকা প্ৰকল্প আৰু গৰুখুঁটি প্ৰকল্পই এইবোৰ উৎপাদন কৰাই নহয়– গুণগত সামগ্ৰীৰে ৰাইজৰ দৃষ্টিও আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷
এটা কথা ঠিক যে ৰাজ্যৰ সকলো অঞ্চলতে একেলগে হাজাৰ বিঘা মাটিত খেতি কৰাটো সম্ভৱ নহ’বও পাৰে৷ সেইবাবে কন্যকা-গৰুখুঁটিৰ আৰ্হিত পঞ্চাছ বিঘাৰ পৰা এশ বিঘাৰ একো একোটা ক্ষুদ্ৰ প্ৰকল্প ৰূপায়ণ কৰিলেও অঞ্চলবিশেষে যুৱক-যুৱতীসকল আত্মনিৰ্ভৰশীল হোৱাৰ উপযুক্ত সুবিধা লাভ কৰিব আৰু অৰ্থনৈতিক ক্ষেত্ৰখনৰ পৰিসৰ বৃদ্ধি হ’ব৷ তদুপৰি, ৰাজ্যৰ বাৰ্ষিক উৎপাদনৰ হাৰো বহু পৰিমাণে বৃদ্ধি হ’ব৷ তেতিয়া অসমক দেশৰ শীৰ্ষ পাঁচ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সপোন বাস্তৱত ৰূপায়িত হ’ব৷