তপোবন! – এই শব্দটো পঢ়াৰ লগে লগে কোনো ঋষি-মুনিৰ আশ্ৰমৰ কথা আমাৰ মনলৈ আহে৷ সেয়া স্বাভাৱিক৷ যিগৰাকী ব্যক্তিৰ আপ্ৰাণ প্ৰচেষ্টাত এই আশ্ৰমসদৃশ ‘তপোবন’ গঢ় লৈ উঠিছে তেখেত প্ৰকৃতাৰ্থত ঋষিতুল্য৷
এই তপোবনত আপুনি ঋষি-মুনিৰ পৰিৱৰ্তে দেখা পাব এজাক দিব্যাংগ তথা অনাথ ল’ৰা-ছোৱালী৷ পাঠশালাত অৱস্থিত এই তপোবনৰ আঁৰৰ ব্যক্তিগৰাকীয়েই হ’ল পাঠশালা মহাবিদ্যালয়ৰ প্ৰবক্তা কুমুদ কলিতা৷
ছাত্ৰাৱস্থাৰপৰাই দিব্যাংগ তথা অনাথ ল’ৰা-ছোৱালীৰ বাবে কিবা এটা কৰাৰ আশা মনতে পুহি ৰখা কুমুদ কলিতাই ২০০৫ বৰ্ষত স্থাপন কৰে তপোবন শিশু গৃহ৷ দিব্যাংগ শিশু-কিশোৰৰ লগতে বহু অনাথ শিশু তথা অৱহেলিত শিশুৰ বাসস্থান তপোবন স্থাপন কৰিবলৈ কুমুদ কলিতাই যুঁজিবলগীয়া হৈছে এক কঠিন জীৱন যুদ্ধ৷
“মই আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ সন্তান আছিলোঁ৷ সৰুৰেপৰা সংগ্ৰাম দেখি, সংগ্ৰাম কৰি ডাঙৰ হৈছোঁ৷ সৰুতে গামোচা পিন্ধি বিদ্যালয়লৈ গৈছিলোঁ৷ দুবেলা দুমুঠি খাবলৈ আমি ভাবিবলগীয়া হৈছিল৷ পঢ়াৰ প্ৰতি প্ৰবল ধাউতি থকা হেতুকে বিভিন্নধৰণে খৰচ উলিয়াই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলোঁ৷ পঢ়া-শুনাৰ ক্ষেত্ৰত মোৰ আইৰ আগ্ৰহ তথা সমৰ্থনে যথেষ্ট অনুপ্ৰাণিত কৰিছিল৷ পিতা এগৰাকী খেতিয়ক আছিল৷ তেখেতৰ পৰিশ্ৰম, সততাই মোক সাহস দিছিল৷ মোৰ প্ৰতি থকা তেওঁলোকৰ বিশ্বাস, সপোন, আশাৰ বাবেই মই সকলো বাধা নেওচি আগুৱাই গৈছিলোঁ৷ আজৰি সময়ত হোটেলত কাম কৰাৰপৰা আদি কৰি টিউচন কৰি পঢ়াৰ খৰচ বহন কৰিছিলোঁ৷ এনেদৰেই গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ৰাজনীতি বিজ্ঞানত ১৯৮৯ চনত মই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ,” তেখেতে কয়৷
বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত কুমুদ কলিতাই লাভ কৰিছিল শিক্ষাগুৰুৰ আশিসভৰা সান্নিধ্য৷ তেওঁলোকৰ প্ৰেৰণা, পৰামৰ্শও আছিল কলিতাৰ বাবে আশীৰ্বাদস্বৰূপ৷
“যদিও মই এগৰাকী সাধাৰণ ছাত্ৰ আছিলোঁ, তথাপি নিজ বিভাগীয় শিক্ষাগুৰুৰ লগতে আন বিভাগৰ শিক্ষাগুৰুৰ সৈতেও আছিল মোৰ এক মধুৰ সম্বন্ধ৷ বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত সুন্দৰবড়ীত অৱস্থিত অনাথ শিশুসকলৰ বিশেষ অনুষ্ঠান অসম শিশু কল্যাণ সদন আৰু বৰঝাৰস্থিত এছ অ’ এছ চিলড্ৰেনছ ভিলেজত গৈ শিশুসকলৰ সৈতে সময় অতিবাহিত কৰিছিলোঁ৷ এই দুই অনুষ্ঠানে পৰৱৰ্তী সময়ত সমাজৰ অৱহেলিত শিশু তথা দুখীয়া ল’ৰা-ছোৱালীক সহায় কৰিবলৈ মোক অনুপ্ৰাণিত কৰিছিল৷ যিহেতু এটি অনুষ্ঠান পৰিচালনা কৰিবলৈ ধনৰ প্ৰয়োজন, গতিকে প্ৰথম অৱস্থাত পাণবজাৰৰ প্ৰকাশনসমূহৰপৰা কিতাপ ক্ৰয় কৰি এটা নিৰ্ধাৰিত ধনৰাশিত আনক বিক্ৰী কৰোঁ আৰু লাভ হোৱা টকাখিনি দুখীয়া ল’ৰা-ছোৱালীক প্ৰদান কৰোঁ৷ এনেদৰেই আৰ্থিকভাৱে দুৰ্বল ল’ৰা-ছোৱালীৰ বাবে কাম কৰাৰ হাবিয়াহে মোক শান্তি দিছিল আৰু আজীৱন এওঁলোকক সহায় কৰাৰ পণ লৈছিলোঁ,” কুমুদ কলিতাই কয়৷
স্নাতকোত্তৰ ডিগ্ৰীৰ পাছতেই পাঠশালা মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰা কলিতাই দৰমহাৰ ধনেৰেই দিব্যাংগ ল’ৰা-ছোৱালীৰ বাবে শিশু-গৃহ আৰম্ভ কৰাৰ পৰিকল্পনা কৰে৷ পৰৱৰ্তী সময়ত তেখেতৰ প্ৰচেষ্টাত গঢ় লৈ উঠে তপোবন শিশু-গৃহ আৰু বিদ্যালয়৷ বৰ্তমান তপোবন কেইবাগৰাকীও দিব্যাংগ তথা অনাথ ল’ৰা-ছোৱালীৰ স্থায়ী ঠিকনা৷ তপোবনৰ শিক্ষানুষ্ঠানত প্ৰয়োজন অনুসৰি ব্ৰেইল পদ্ধতি, ফিজিঅ’থেৰাপী, স্পীচ থেৰাপী আদিৰ মাধ্যমেৰে শিক্ষা প্ৰদান কৰা হয়৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১২০গৰাকী দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত বৰ্তমান বিদ্যালয়খনত ৬৫-৭০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিয়মিতভাৱে অধ্যয়ন কৰি আছে৷ এই সকলো ল’ৰা-ছোৱালী কুমুদ কলিতা আৰু তেখেতৰ সহধৰ্মিণীৰ বাবে নিজ সন্তানস্বৰূপ৷
“১৯৯৯ চনত লুকী পাটগিৰীৰ সৈতে বিবাহপাশত আবদ্ধ হওঁ৷ আমি দুয়ো দুয়োৰে সহযোদ্ধা হিচাপে আগবাঢ়ি গৈছোঁ৷ তপোবনৰ প্ৰতিগৰাকী ল’ৰা-ছোৱালীয়ে আমাৰ সন্তান৷ মোৰ উপাৰ্জনৰ ধন তেওঁলোকৰ নামতেই খৰচ কৰোঁ৷ আমাৰ নিজৰ সন্তান নাই৷ এই ল’ৰা-ছোৱালীখিনিয়ে আমাৰ বাবে সৰ্বস্ব৷ তেওঁলোকেও আমাক মা-দেউতা বুলিয়েই সম্বোধন কৰে৷ তপোবনৰ বহুকেইগৰাকী ল’ৰা-ছোৱালীয়ে এতিয়া গুৱাহাটীত পঢ়ি আছে৷ আমাৰ বাবে সেয়াই আনন্দ৷ প্ৰতিগৰাকী শিশুৰ জীৱনৰ আঁৰত আছে বহু কাহিনী৷ তাৰ ভিতৰত সৃষ্টিৰ কাহিনী অন্যতম৷ কামাখ্যা মন্দিৰৰ সমীপত কোনোবাই পৰিত্যক্ত অৱস্থাত তাইক পেলাই থৈ গৈছিল৷ বিভিন্ন মাধ্যমযোগে আমি জানিব পাৰি তপোবনলৈ লৈ আহিলোঁ৷ তাইক আমি তুলি লৈছোঁ৷ প্ৰায় ১৩ বছৰ ধৰি তাই আমাৰ লগত আছে৷ সৃষ্টিয়ে খোজ কঢ়া, কথা কোৱা আদি একো কৰিব নোৱাৰে৷ বহু চিকিৎসা কৰিলোঁ৷ তাই মোৰ লগত থাকি, খেলি ভাল পায়৷ সৃষ্টিৰ দৰে আন বহু শিশুৰ জীৱনৰ কাহিনী স্পৰ্শকাতৰ৷ এই শিশুসকলৰ শিশুসুলভ মনটোৱে আমাক মৰমেৰে আৱৰি ৰাখে,” কুমুদ কলিতাই কয়৷
উল্লেখযোগ্য যে তপোবনৰ বাবে বিভিন্ন সদাশয় ব্যক্তি, অনুষ্ঠান, স্থানীয় লোক তথা প্ৰশাসনে সহায়ৰ হাত আগবঢ়াই আহিছে৷ ইয়াৰ ভিতৰত জ্ঞানেন্দ্ৰ শৰ্মা, ভূপেন্দ্ৰ কুমাৰ দাসো অন্যতম৷
“সমাজৰ বাবে কিবা কৰাৰ হেঁপাহ মোৰ মাই বহুদিন আগৰেপৰা মনতে পুহি ৰাখিছিল৷ সেইমৰ্মে প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান নিশিনাথ চাংকাকতিৰ পৰামৰ্শমতে তপোবনত আমাৰ পৰিয়ালৰ তৰফৰপৰা সামৰ্থ অনুযায়ী ধনৰাশি প্ৰদান কৰোঁ৷ কুমুদ কলিতাই কৰা কামৰ তুলনাত এই ধনৰ মূল্য তেনেই কম৷ আমি তবধ মানিছিলোঁ যে কুমুদ কলিতা আৰু তেখেতৰ সহধৰ্মিণীয়ে নিজৰ সকলো ত্যাগ কৰি দিব্যাংগ ল’ৰা-ছোৱালীখিনিৰ কাৰণে ইমানখিনি কাম কৰি আছে৷ এনেকুৱা ধাৰণা পশ্চিমীয়া দেশত আছে বুলিহে শুনি আছিলোঁ৷ কিন্তু অসমৰ পাঠশালাত কুমুদ কলিতাই এনেদৰে নীৰৱে কাম কৰি থকা কথাই মোৰ দৰে আন বহুজনক অনুপ্ৰাণিত কৰিছে বুলি মই দৃঢ় বিশ্বাসী,” শৰ্মাই কয়৷
বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক ভূপেন্দ্ৰ কুমাৰ দাসে প্ৰয়াত পত্নীৰ স্মৃতিত তপোবনত এটি বাসগৃহ নিৰ্মাণৰ বাবে আৰ্থিক অনুদান আগবঢ়াইছে৷
‘‘কুমুদ কলিতাই অনাথ শিশু তথা দিব্যাংগ ল’ৰা-ছোৱালীসকলক আশ্ৰয় দিছে৷ এটি নতুন পৰিচয় প্ৰদান কৰিছে৷ তপোবনত এটি ঘৰ নিৰ্মাণৰ বাবে মই সামৰ্থ অনুযায়ী মোৰ প্ৰয়াত পত্নী বীণাপাণি দাসৰ স্মৃতিত ধনৰাশি প্ৰদান কৰিছোঁ,” ভূপেন্দ্ৰ কুমাৰ দাসে কয়৷
এইগৰাকী মানৱ দৰদী ব্যক্তিৰ মহান কৰ্মৰাজিৰ বাবে শেহতীয়াকৈ দিল্লী কমিচন ফ’ৰ প্ৰটেকচন অৱ চাইল্ড ৰাইট্ছে আগবঢ়াইছে চিলড্ৰেনছ চেম্পিয়ন এৱাৰ্ড৷