মেঘালয় চৰকাৰৰ সহযোগত ৰাষ্ট্ৰীয় ই-প্ৰশাসন বিভাগৰ এক বিশেষ প্ৰচেষ্টা হৈছে মেঘালয় এণ্টাৰপ্ৰাইজ আৰ্কিটেকচাৰ (MeghEA)৷ এণ্টাৰপ্ৰাইজ আৰ্কিটেকচাৰ প্ৰকল্পৰ জৰিয়তে মেঘালয় চৰকাৰৰ লক্ষ্য হৈছে এক ঔদ্যোগিক মানৰ আহিৰ্ত চৰকাৰী সেৱাসমূহ প্ৰদান কৰা৷
ভাগ নিৰ্ভৰ সেৱা প্ৰদান ব্যৱস্থাটোৰ সমস্যা হৈছে সেৱা প্ৰদানৰ প্ৰক্ৰিয়াটোত বিলম্ব হোৱা৷ এই প্ৰকল্পৰ লক্ষ্য হৈছে বিভাগ নিৰ্ভৰ সেৱা প্ৰদান ব্যৱস্থাটোক বিশ্ব মানলৈ ৰূপান্তৰিত কৰি ইয়াক নাগৰিক কেন্দ্ৰিক কৰি তোলা৷ উদাহৰণস্বৰূপে, নাগৰিকসকলে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰকৰণ, কৃষি সংক্ৰান্তীয় সহায়-সহযোগিতা আদিৰ পোনপটীয়া ফলাফল লাভ কৰিছে৷ দেশৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে এখন ৰাজ্যত ৰূপায়ণ কৰা এই প্ৰকল্পটো হৈছে ইণ্ডিয়া এণ্টাৰপ্ৰাইজ আৰ্কিটেকচাৰ (IndEA)ৰ ওপৰত আধাৰিত৷
পৰিকল্পনা বিভাগ হৈছে এই প্ৰকল্পৰ মুখ্য ৰূপায়ণ বিভাগ৷ আনহাতে অন্য কেইবাটাও বিভাগ আৰু সঞ্চালকালয়ে এই পৰিকল্পনা চূড়ান্ত কৰাৰ বাবে সহযোগিতা আগবঢ়াইছে৷
ভিন্ন বিভাগৰপৰা ভিন্ন সেৱা লাভ কৰিবলৈ নাগৰিকসকলে সাধাৰণতে পৰিচয় পত্ৰ, প্ৰমাণপত্ৰ, অনুজ্ঞাপত্ৰ, অনুমতি পত্ৰ আদি বাৰে বাৰে জমা দিবলগীয়া হয়৷ ফলত প্ৰক্ৰিয়াবোৰত অধিক বিলম্ব হয় আৰু জনসাধাৰণৰ মাজতো অসন্তুষ্টি দেখা পোৱা যায়৷ এনে হোৱাৰ কাৰণ হ’ল তথ্য বিতৰণ আৰু সহযোগিতাৰ সলনি প্ৰতিটো বিভাগে নিজৰ নিজৰ ব্যৱস্থা অনুযায়ী কাম কৰে৷ ‘‘MeghEA-য়ে সেৱা প্ৰদানৰ ক্ষেত্ৰত বিভাগসমূহৰ দৃষ্টিকোণেৰে নিৰীক্ষণ কৰাৰ পৰিৱৰ্তে নাগৰিকৰ দৃষ্টিকোণেৰে এই মূল সমস্যাটো সমাধান কৰিবলৈ বিচাৰে৷ যদিও বিভাগবোৰে নিজৰ ব্যৱস্থা অনুযায়ী কাম কৰে, এই ব্যৱস্থাই বিভাগবোৰৰ তথ্য ডিজিটেল প্ৰণালীৰ জৰিয়তে একত্ৰিত কৰে”, অসম বাৰ্তালৈ প্ৰেৰণ কৰা ইমেইলত প্ৰকল্পটোৰ সৈতে জড়িত এগৰাকী বিষয়াই কয়৷ এই প্ৰকল্পটোত চৰকাৰৰপৰা ব্যৱসায়লৈ, চৰকাৰৰপৰা কৰ্মচাৰীলৈ আৰু চৰকাৰৰপৰা চৰকাৰলৈ সেৱাৰ দৰে বহুকেইটা উপাদান সন্নিবিষ্ট হৈ আছে৷ চৰকাৰৰপৰা চৰকাৰলৈ সেৱা প্ৰদান ব্যৱস্থাটোৰ এটা অংশ ই-প্ৰপ’জেল প্ৰণালীয়ে আঁচনিসমূহৰ দ্ৰুত প্ৰক্ৰিয়াকৰণ আৰু নিৰীক্ষণ সুনিশ্চিত কৰিছে৷ এই ব্যৱস্থাই নাগৰিকলৈ আঁচনিৰ অনুমোদন তথা প্ৰশাসনীয় অনুমতি আদি প্ৰক্ৰিয়াবোৰৰ ৰূপান্তৰকৰণ কৰিছে৷
বৰ্তমানৰ উন্নত প্ৰযুক্তিৰ সহায়ত, প্ৰকল্পটোৱে একাধিক বিভাগ, সঞ্চালকালয় আৰু অন্যান্য চৰকাৰী সংস্থাক একত্ৰিত কৰিছে৷
মেঘালয় চৰকাৰৰ বিত্ত বিভাগে এই প্ৰকল্পটোৰ আঁত ধৰিছে৷ ই-প্ৰপ’জেল নামৰ এই ফ্ৰেমৱৰ্কটো ক’ড বিহীন/নিম্ন ক’ড প্লেটফৰ্মত নিৰ্মাণ কৰা হৈছে৷
যিহেতু, প্ৰণালীটো নিম্ন ক’ড ফৰমেটত নিৰ্মাণ কৰা হৈছে সেইবাবে অতি কম সময়ৰ ভিতৰতে বিভাগটোৱে অধিক সেৱা অন্তৰ্ভুক্ত কৰাৰ লগতে প্ৰক্ৰিয়াবোৰৰ সংশোধন আৰু ডিজিটেল সেৱা ৰূপায়ণ কৰিবলৈ সমৰ্থ হৈছে৷
বিষয়াজনে দাবী কৰিছে যে প্ৰকল্পটোৱে প্ৰশাসনীয় দক্ষতা বৃদ্ধি কৰি কোনো আৱেদনৰ অনুমোদনৰ গড় সময়সীমা ৫০ দিনৰপৰা ৫ দিনলৈ হ্ৰাস কৰিছে৷
“ই-প্ৰপ’জেল প্ৰণালীৰ জৰিয়তে এতিয়া আঁচনিসমূহে দ্ৰুত অনুমোদন লাভ কৰাৰ ফলত নাগৰিকসকলে অধিক সময় অপেক্ষা নকৰাকৈয়ে আঁচনিৰ লাভালাভ সমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত লাভ কৰিবলৈ সক্ষম হৈছে”, তেওঁ কয়৷ আঁচনিসমূহ এতিয়া নিৰীক্ষণ কৰাৰ লগতে দক্ষ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আৱেদনসমূহৰ বিষয়ে সকলো তথ্যৰ উপলভ্যতা নিশ্চিত কৰা হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে৷ প্ৰকৃতাৰ্থত ডিজিটেল প্ৰযুক্তি ব্যৱহাৰৰ ফলত এই আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ পৰিৱৰ্তনৰ জৰিয়তে নাগৰিকসকল উপকৃত হৈছে৷
ৰাজ্য চৰকাৰৰ বিভাগসমূহে দক্ষতা অৰ্জন কৰিবলৈ আৰু কাগজবিহীন শাসনব্যৱস্থাৰ লক্ষ্যত উপনীত হ’বলৈ সকলো অ-বিত্তীয় ফাইলক এই প্ৰণালীৰ আওতালৈ আনি প্ৰকল্পটোৰ পৰিসৰ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে৷
বিভাগেটোৱে কৃষি, সম্প্ৰদায় আৰু গ্ৰামোন্নয়ন, সমাজ কল্যাণ, মীনপালন, পশুপালন আৰু পশু চিকিৎসা বিভাগ আদিৰ সৈতে জড়িত নাগৰিক সেৱাসমূহৰ ৰূপায়ণ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে৷ “এই প্ৰকল্পই বিভিন্ন বিভাগৰপৰা নাগৰিকসকলে লাভ কৰা চৰকাৰী সেৱাসমূহৰ পদ্ধতি সলনি কৰিব৷ ইয়াত ৰাজ্যখনৰ নাগৰিকসকলক প্ৰদান কৰিবলগীয়া সন্মতি-আধাৰিত সক্ৰিয় সেৱাসমূহো অন্তৰ্ভুক্ত হৈ আছে”, তেওঁ অসম বাৰ্তাক জনায়৷
প্ৰকল্পটোক “The role of governments and all stakeholders in the promotion of ICTs for development” শ্ৰেণীত ‘‘ডব্লিউএছআইএছ বঁটা-২০২২’’ৰ বাবে মনোনীত কৰাৰ লগতে প্ৰকল্পটোক “চেম্পিয়ন প্ৰজেক্ট” হিচাপে ঘোষণা কৰা হৈছিল৷ লক্ষণীয়ভাৱে, ২০২২ বৰ্ষত ভাৰতবৰ্ষৰ পৰা এই সন্মান অৰ্জন কৰা এইটোৱেই হৈছে একমাত্ৰ প্ৰকল্প৷
- মন্ত্ৰীৰ অনুমোদন, অৰ্ডাৰ প্ৰস্তুতকৰণ, বৈঠকৰ সংক্ষিপ্ত বিৱৰণ আদিৰ সম্পূৰ্ণ ডিজিটেল কাৰ্যব্যৱস্থা
- নিৰ্ধাৰিত ফৰ্মেটত ডিজিটেল অনুমোদন, অৰ্ডাৰ প্ৰস্তুত
- ৰাজ্যিক তথ্য বিনিময় প্লেটফৰ্মত তথ্যসমূহৰ উপলভ্যতা
- আৱেদনৰ বাস্তৱভিত্তিক নিৰীক্ষণ