মুখত এমোকোৰা প্ৰশান্তিৰ হাঁহি লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে চুবুৰীয়া দুখন ৰজ্যৰ দুগৰাকী মুখ্যমন্ত্ৰী- ড° হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা- অসম চৰকাৰৰ এই বছৰটোৰ অন্যতম এখন শ্ৰেষ্ঠ ছবি। অসম আৰু মেঘালয়ৰ মাজৰ পঞ্চাছ বছৰীয়া সীমা বিবাদৰ অন্ত পেলাই উন্নয়নৰ লক্ষ্যৰে দুয়োখন ৰাজ্যই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰাৰ এক ঐতিহাসিক মুহূৰ্ত ছবিখনত প্ৰতিফলিত হৈছে।
কেন্দ্ৰীয় গৃহ বিভাগৰ সেউজ সংকেতত আয়োজিত এই অনুষ্ঠানক গৃহমন্ত্ৰীয়ে ‘ঐতিহাসিক পদক্ষেপ’ হিচাপে অভিহিত কৰে।
১২টা বিবদমান অঞ্চলৰ সৈতে অসম আৰু মেঘালয়ৰ মাজত সীমান্তৰ দৈৰ্ঘ্য হৈছে ৭৩৩ কিল’মিটাৰ। বৰ্তমানৰ চুক্তিখনৰ ফলত ৬টা অঞ্চলৰ বিবাদ মীমাংসা কৰা হৈছে।
এই ঐতিহাসিক চুক্তিৰ চিয়াঁহী নুশুকাওঁতেই আন এটা সংবাদ আহিল অসম-অৰুণাচল প্ৰদেশ সীমান্তৰপৰা। এইবাৰ ড° শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ মাজত গুৱাহাটীত সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎ হয় আৰু দশকজুৰি চলি অহা ভূমি বিবাদৰ মীমাংসাৰ বাবে ১২খন জিলা পৰ্যায়ৰ সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
২০২১ চনৰ জানুৱাৰীত বিষয়টোৰ ওপৰত দুয়োগৰাকী নেতাই আনুষ্ঠানিক আলোচনাৰ বাবে মিলিত হোৱাৰ প্ৰায় কেইমাহমান পাছতেই এই বৈঠকখন অনুষ্ঠিত হৈছিল। জিলা সমিতিসমূহে দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা সমস্যাটোৰ সমাধান বিচাৰি ঐতিহাসিক দৃষ্টিভংগী, পৰম্পৰা, প্ৰতিবেশী জনতাৰ ইচ্ছা আৰু দুয়োখন ৰাজ্যৰ প্ৰশাসনিক সুবিধাৰ ওপৰত ভিত্তি কৰি বিতৰ্কিত অঞ্চলসমূহত যুটীয়াভাৱে জৰীপ কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ টুইটযোগে প্ৰকাশ কৰে।
ইয়াৰ পূৰ্বে, ২০২১ চনৰ আগষ্ট মাহত ড° শৰ্মাই অসম বিধানসভাত বক্তব্য ৰাখিছিল যে অৰুণাচল প্ৰদেশৰ সীমান্ত এলেকাত কমেও ১,২০০ বিবদমান ক্ষেত্ৰ আছে।
অসম আৰু ইয়াৰ উত্তৰ-পূবৰ চাৰিখন চুবুৰীয়া ৰাজ্য – মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ মাজত সীমা সম্পৰ্কীয় বিবাদৰ ইতিহাস বহু পুৰণি আৰু এই ৰাজ্যকেইখনৰ সীমা সঠিক ৰূপত নিৰ্ধাৰণ কৰা হোৱা নাছিল।
অসম আৰু নাগালেণ্ড সীমান্ত এলেকা ৪৩৪ কিল’মিটাৰলৈ বিস্তৃত আৰু দক্ষিণৰ চুবুৰীয়া ৰাজ্য মিজোৰামৰ সৈতে থকা সীমাৰ দৈৰ্ঘ্য হৈছে ১৬৪.৬ কিল’মিটাৰ।