অসম বিধানসভাৰ মজিয়াত যোৱা ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যিক বাজেট উত্থাপন কৰে৷ বাজেটখনৰ উদ্দেশ্য হৈছে ‘এখন উজ্জীৱিত অসমৰ বাবে শক্তিশালী ভেটি নিৰ্মাণৰ লক্ষ্য গ্ৰহণ কৰা’৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন শাসনলৈ অহাৰ পাছৰেপৰা গ্ৰহণ কৰা উন্নয়নৰ ধাৰাক বাজেটখনে অব্যাহত ৰখাৰ ইংগিত প্ৰদান কৰিছে৷
২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটৰ উদ্দেশ্য হৈছে মূলধনী ব্যয়, সহজ জীৱন ধাৰণ, দুই লাখ নিয়োগ সৃষ্টি, পৰিৱেশৰ বহনক্ষমতা আৰু জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় কৰ্মপৰিকল্পনাৰে অভিযোজন কৌশলসমূহক উন্নয়ন প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা আদি বিষয়সমূহৰ সৈতে আপোচ নকৰাকৈ সামগ্ৰিক আৰু সামূহিক উন্নয়ন সাধন কৰা৷
বিত্তমন্ত্ৰীগৰাকীয়ে কোনো নতুন কৰ অন্তৰ্ভুক্ত নকৰাকৈ শিক্ষা, উদ্যমিতা আৰু নিয়োগ সৃষ্টিকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডত আবণ্টনৰ সৈতে ৯৫৩.২৩ কোটি টকাৰ ঘাটি কিন্তু ব্যাপক মূলধনী ব্যয়ৰ উদ্দেশ্যে এই বাজেটখন উপস্থাপন কৰে৷
বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, “ৰাজহুৱা শিতানত হোৱা ব্যয় ১,৭৯,৩২৬.৪৮ কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত ২,০০০ কোটি টকাৰে বছৰটোৰ সৰ্বমুঠ প্ৰাক্কলিত ব্যয়ৰ পৰিমাণ হ’ব ৩,২১,০৮১.৭৫ কোটি টকা৷ লেন-দেনৰ বাবদ আনুমানিক ৬৬০.৯৬ কোটি টকা ৰাহি হ’ব৷ ইয়াৰ লগত বছৰটোৰ আৰম্ভণি ঘাটি ১,৫৯৬.১৯ কোটি টকাৰ হিচাপ মিলালে ২০২৩-২৪ বৰ্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ ৯৩৫.২৩ কোটি টকা হ’বগৈ৷”
২০২৩-২৪ বৰ্ষৰ বাজেটৰ প্ৰাক্কলনত ৰাজ্যখনৰ একত্ৰীকৃত নিধিত মুঠ ১,৩৯,৪৪৩.৮৮ কোটি টকাৰ প্ৰাপ্তি প্ৰদৰ্শন কৰা হৈছে৷ ইয়াৰে ১,১৪,০৮৪.৬৯ কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা ২৫,৩৫৯.১৯ কোটি টকা মূলধন শিতানত প্ৰাক্কলন কৰা হৈছে৷
বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে চৰকাৰৰ অবিৰত প্ৰচেষ্টাৰ ফলস্বৰূপে ৰাজ্যখনৰ বিত্তীয় অৱস্থাৰ উল্লেখযোগ্যভাৱে উন্নতি হৈছে৷ তেখেতে কয়, “মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনে (জিএছডিপি) ৫.৫০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ লগে লগে ২০২৩-২৪ বৰ্ষত এক নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ব বুলি আমাৰ চৰকাৰ আত্মবিশ্বাসী৷ ২০২১-২২ বৰ্ষত এই জিএছডিপিৰ পৰিমাণ আছিল ৩.৯৩ লাখ কোটি টকা৷ ৰাজ্যখনৰ জনমূৰি আয়ো তদ্ৰূপ ধৰণে বৃদ্ধি পাইছে৷”
মুঠ ঘৰুৱা উৎপাদন (GDP) বৃদ্ধিয়ে ৰাজ্যখনৰ অৰ্থনৈতিক আৰু বিত্তীয় উন্নয়নকে প্ৰতিফলিত কৰে বুলি উল্লেখ কৰি অজন্তা নেওগে কয়, “বৃদ্ধিৰ এই ধাৰাত বৰঙণি যোগোৱা অন্যতম কাৰককেইটা হ’ল- শেহতীয়া বছৰসমূহত হোৱা বাজেট সম্বন্ধীয় ব্যয় আৰু বৰ্ধিত ব্যয়৷ ব্যয়ৰ ক্ষেত্ৰত বিগত বৰ্ষত আমি এক লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছোঁ৷ এই বৰ্ষত অৰ্থাৎ ২০২২-২৩ বৰ্ষত আমি আৰু অধিক ব্যয় কৰিবলৈ সক্ষম হ’ম আৰু ব্যয়ৰ পৰিমাণ ১.২০ লাখ কোটি টকাত উপনীত হ’ম বুলি আশা কৰিছোঁ৷”
বিভিন্ন খণ্ডলৈ আগবঢ়োৱা ঋণ সম্প্ৰসাৰণ বৃদ্ধি হৈ জমা আৰু ঋণৰ অনুপাত ২০২০ চনৰ মাৰ্চৰ ৫০.৭ শতাংশৰপৰা ২০২২ৰ ডিচেম্বৰত ৫৭.৫ শতাংশলৈ বৃদ্ধি পাইছে৷
স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰখনে বিত্তীয় খণ্ডত বহুতো সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাজহ সংগ্ৰহ উল্লেখযোগ্যভাৱে বৃদ্ধি কৰাত এই পদক্ষেপসমূহে এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছে ……
অজন্তা নেওগ, বিত্তমন্ত্ৰী
বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা ২০২১-২২ বিত্তীয় বৰ্ষৰ সময়ছোৱাত অসমে বৰ্তমানৰ মূল্যত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন অনুসৰি ১০.২৫ শতাংশ বাৰ্ষিক গড় বিকাশৰ হাৰ অৰ্জন কৰিছে৷ সমগ্ৰ দেশ আৰু বিশ্বৰ লগতে অসমেও ক’ভিড-১৯ মহামাৰীৰ সন্মুখীন হৈছিল যদিও ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত ই আছিল অন্যতম খৰতকীয়া বিকাশ৷
তেখেতে কয়, “স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰখনে বিত্তীয় খণ্ডত বহুতো সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাজহ সংগ্ৰহ উল্লেখযোগ্যভাৱে বৃদ্ধি কৰাত এই পদক্ষেপসমূহে এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছে৷ আজি আমাৰ ৰাজহ সংগ্ৰহ প্ৰতি মাহত ৩,৫০০ কোটি টকালৈ বৃদ্ধি পাইছে আৰু চৰকাৰী কৰ্মচাৰীসকলক নিজৰ পুঁজিৰপৰা বেতন আগবঢ়োৱাৰ বাবে ই পৰ্যাপ্ত৷” তেওঁ লগতে কয় যে ৰাজ্যৰ নিজা উৎসৰপৰা ৰাজহৰ বৃদ্ধি কৰ সংগ্ৰহ, আবকাৰী, বন, ভূমি ৰাজহ, পৰিবহণ আদি ক্ষেত্ৰত প্ৰতিফলিত হৈছে৷
আবকাৰী বিভাগত আলোকপাত কৰি বিত্তমন্ত্ৰীগৰাকীয়ে বিধানসভাত কয় যে বিভাগটোৱে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত উল্লেখযোগ্য বৃদ্ধি লাভ কৰিবলৈ সক্ষম হৈছে, যিটো পূৰ্বৰ বছৰৰ একে সময়ছোৱাত সংগ্ৰহ কৰা ১,৬৭৪ কোটি টকাৰ তুলনাত প্ৰায় ৩১ শতাংশ অধিক৷ এই ৰাজহ সংগ্ৰহৰ পৰিমাণ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহলৈ ২,২০০ কোটি টকা হৈছে৷
ৰাজ্যখনৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ কৃষিখণ্ডটোৱে চৰকাৰৰপৰা বিশেষ গুৰুত্ব লাভ কৰি আহিছে৷ বিত্তমন্ত্ৰীগৰাকীয়ে আগন্তুক তিনিবছৰৰ বাবে কৃষি আয়কৰ ৰেহাই ব্যৱস্থা সম্প্ৰসাৰণৰ প্ৰস্তাৱ আগবঢ়ায়৷ একেদৰে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু উদ্যোগসমূহৰদ্বাৰা সেউজ আৰু নিকা শক্তিৰ উৎপাদন তথা ব্যৱহাৰক উৎসাহিত কৰিবলৈ এবছৰৰ নিয়ন্ত্ৰিত ব্যৱহাৰৰ বাবে নৱীকৰণযোগ্য উৎসৰপৰা শক্তি উৎপাদনৰ ক্ষেত্ৰত বিদ্যুৎ শুল্ক ৰেহাই দিবলৈ তেখেতে প্ৰস্তাৱ আগবঢ়ায়।৷
বিত্তমন্ত্ৰী অজন্তা নেওগে বৈদ্যুতিক বাহন ব্যৱহাৰৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ বৈদ্যুতিক বাহন ক্ৰয় কৰা নাগৰিকসকললৈ পঞ্জীয়ন মাচুল ৰেহাইসহ ২ শতাংশ যান-বাহন কৰ ৰেহাইৰ বিষয়ে ঘোষণা কৰে৷
তেখেতে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে কৰ সংগ্ৰহ আৰু কৰ ৰাজহ বৃদ্ধিত গুৰুত্ব প্ৰদান কৰি শীৰ্ষ কাৰ্যালয়ত এটা জি এছ টি ইক’নমিক ইণ্টেলিজেন্স ইউনিট (EIU) আৰু এটা উৎসৰ্গীকৃত জি এছ টি হিচাপ পৰীক্ষণ কোষ গঠন কৰিব৷ কৰ সংগ্ৰহত উৎকৃষ্টতা প্ৰদৰ্শন কৰা ৰাজ্যসমূহলৈ অধ্যয়নমূলক ভ্ৰমণ আদিৰ জৰিয়তে বিষয়াসকলৰ সামৰ্থ্য বৃদ্ধি কৰি বিভাগটোক শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷