আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপন উপলক্ষে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অসম ভ্ৰমণ কৰাৰ পাছতেই মে’ মাহৰ প্ৰথম সপ্তাহত বাক্সা জিলাৰ তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬১সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পুনৰ ৰাজ্যখনত আহি উপস্থিত হ’ল দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ।
বিগত ৭০ বছৰকাল বড়ো ভাষা-সাহিত্য আৰু সংস্কৃতিক শক্তিশালী কৰাৰ উদ্দেশ্যে বড়ো সাহিত্য সভাই আগবঢ়োৱা অমূল্য অৱদানৰ প্ৰশংসা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে স্থানীয় ভাষাসমুহৰ সংৰক্ষণ আৰু প্ৰচাৰ-প্ৰসাৰ কৰাটো সমাজখনৰ লগতে চৰকাৰৰো দায়িত্ব। অসম চৰকাৰক বড়ো ভাষা প্ৰচাৰৰ বাবে প্ৰচেষ্টা হাতত ল’বলৈ তেখেতে আহ্বান জনায়।
ৰাষ্ট্ৰপতিগৰাকীয়ে বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্ম আৰু তেওঁৰ “জীয়াই থাকক আৰু আনকো জীয়াই থাকিবলৈ দিয়ক” বাণীৰ কথা গৌৰৱেৰে স্মৰণ কৰে। ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে জনসাধাৰণক সম্বোধন কৰি কয়, “বড়োসকলে আত্ম-গৌৰৱৰ প্ৰতি সচেতন হৈ থকাৰ লগতে সকলো সম্প্ৰদায়ৰ সৈতে সম্প্ৰীতি অটুট ৰাখিবলৈ তেখেতে কৰা অহ্বান চিৰদিনলৈ প্ৰাসংগিক হৈ ৰ’ব”।
তেখেতে অঞ্চলটোত শান্তি-সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ চৰকাৰৰ ভূয়সী প্ৰশংসা কৰে।
এই অনুষ্ঠানটিত উপস্থিত থাকে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ৱ শৰ্মা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাং, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।
জয় ভদ্ৰ হাগজেৰ আৰু সোণাৰাম থাওচেনৰ দৰে মহান ব্যক্তিসকলৰ অৱদানৰ কথা স্মৰণ কৰাৰ লগতে বড়ো ভাষা, সাহিত্য আৰু সংস্কৃতি শক্তিশালী কৰাৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়োৱাৰ বাবে বড়ো সাহিত্য সভাক ৰাষ্ট্ৰপতিয়ে বিশেষ প্ৰশংসা কৰে। সভাই বিদ্যালয় পৰ্যায়ত আৰু উচ্চ শিক্ষাৰ মাধ্যম হিচাপে বড়ো ভাষাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
মহান আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্ম বাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণৰ পাছত এয়া আছিল ৰাষ্ট্ৰপতিগৰাকীৰ দ্ৱিতীয়টো অসম ভ্ৰমণ। তেজপুৰ কেন্দ্ৰীয় বিশ্ৱবিদ্যালয়ৰ ঊনবিংশতিতম সমাৱৰ্তন অনুষ্ঠানত ভাষণ দিয়াৰ পাছত কিছু সময় উলিয়াই লৈ তেখেতে ফাৰ্ষ্ট লেডীগৰাকীৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো পৰিদৰ্শন কৰে।
তিনি মাহৰ ভিতৰতে ৰাষ্ট্ৰপতি কোৱিন্দৰ দ্ৱিতীয়টো অসম ভ্ৰমণে অসমৰ প্ৰতি থকা তেওঁৰ মৰমক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰিলে।