অসমীয়া ভাষা-সাহিত্যৰ গৌৰৱময় ইতিহাসক সমৃদ্ধ কৰিবলৈ অসম চৰকাৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে পাঁচখন প্রাচীন সাঁচিপতীয়া পুথিৰ এক সংগ্রহ আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি ভৱনৰ পুথিভঁৰাললৈ সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে প্ৰদান কৰে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সচিব দিপ্তী উমাশংকৰৰ হাতত কলাক্ষেত্ৰ সমাজৰ হৈ সচিব সুদৰ্শন ঠাকুৰে এই সাঁচিপতীয়া পুথি আগবঢ়ায়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত কলাক্ষেত্ৰ সমাজে অসমৰ বিভিন্ন সত্ৰৰ সৈতে যোগাযোগ কৰি এই পুথিসমূহ সংগ্ৰহ কৰিছিল। ৰাষ্ট্ৰপতি ভৱনৰ পুথিভঁৰাললৈ আগবঢ়োৱা সাঁচিপতীয়া পুথিকেইখন হৈছে- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'কীৰ্তন ঘোষা', ভাগৱতৰ দশম স্কন্ধৰ আধাৰত শ্ৰীমন্ত শংকৰদেৱৰ ভাবানুবাদ ‘আদি দশম', শ্রীশ্রী মাধৱদেৱ বিৰচিত 'নামঘোষা', সংস্কৃত ভাষাত বিষ্ণুপুৰী সন্ন্যাসীয়ে ৰচনা কৰা 'শ্রী ভক্তি ৰত্নাৱলী'ৰ মহাপুৰুষ শ্রীশ্রী মাধৱদেৱৰদ্বাৰা অনূদিত 'ভক্তি ৰত্নাৱলী’। তদুপৰি জয়দেৱৰ দ্বাৰা মূলতে সংস্কৃত ভাষাত ৰচিত ‘গীত-গোবিন্দ’ নামৰ পুথিখন স্বৰ্গদেউ ৰুদ্র সিংহৰ ৰাজসভাৰ কবি কবিৰাজ চক্রৱৰ্তীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল। এই সাঁচিপতীয়া পুথিভাগো ৰাষ্ট্ৰপতি ভৱনৰ পুথিভঁৰালত সংৰক্ষণ তথা প্ৰদৰ্শনৰ বাবে আগবঢ়োৱা হৈছে। অসমীয়া ভাষা-সাহিত্যৰ সংৰক্ষণৰ ক্ষেত্ৰত এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।