দৰং জিলাৰ কৃষক আৰু উদ্যমী মহিলা দীপ্তি চহৰীয়াই ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত আয়োজিত ‘এট হোম’ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰি এক দৃষ্টান্ত স্থাপন কৰিছে। ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানত অসমৰ পৰা একমাত্ৰ কৃষক হিচাপে প্ৰতিনিধিত্ব কৰি দীপ্তিয়ে বিশেষ স্থান দখল কৰে।
মঙলদৈৰ দীপ্তিৰ কৃষিক্ষেত্ৰৰ এই যাত্ৰা হৈছে সংকল্প, দূৰদৰ্শিতাৰ প্ৰতীক। কৃষক পৰিয়ালত জন্ম হোৱা দীপ্তিয়ে শৈশৱৰ পৰাই পিতৃ-মাতৃৰ পৰা কৃষিকাৰ্যৰ মূল শিক্ষা গ্ৰহণ কৰিছিল। তেখেতে পৰম্পৰাগত কৃষি প্ৰণালীক আধুনিকীকৰণেৰে গ্ৰামাঞ্চলৰ শতাধিক মহিলাক বহনক্ষম কৃষি পদ্ধতিৰ পথ দেখুৱাবলৈ সক্ষম হৈছে।
“মোৰ ব্যৱসায়িক যাত্ৰা ২০১০-১১ চনৰ পৰা আৰম্ভ হয়, যেতিয়া মই দৰং কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে সংযুক্ত হৈছিলোঁ। প্ৰথমে মই কে ভি কে-ৰ পৰা বীজ সংগ্ৰহ কৰি আন কৃষকৰ মাজতো বিতৰণ কৰিছিলোঁ,” তেখেতে উল্লেখ কৰে।

দীৰ্ঘদিনীয়া পৰিশ্ৰমৰ ফলত দীপ্তিয়ে বিভিন্ন শস্যৰ উন্নত কৃষি প্ৰযুক্তিৰ বিভিন্ন কৌশল আয়ত্ত কৰিছে। বৰ্তমান তেখেতে ৭০ বিঘা মাটিত ধান আৰু সৰিয়হৰ খেতি কৰে।
তেখেতৰ জীৱনলৈ পৰিৱর্তন আহে যেতিয়া তেখেতক এপাৰ্টৰ জৰিয়তে কৃষক উৎপাদক কোম্পানী (এফ পি চি’)গঠনৰ পৰামৰ্শ দিয়া হয় আৰু ২০২২ চনত তেখেতৰ নেতৃত্বত “চিৰসেউজ মহিলা উৎপাদক কোম্পানী” গঠন হয়।
“মই মোৰ গাঁৱৰ মহিলাসকলক তেওঁলোকৰ বাগিচাত কাম আৰম্ভ কৰিবলৈ উৎসাহিত কৰিছিলোঁ, বিশেষকৈ সৰিয়হ খেতিৰ ওপৰত গুৰুত্ব দিয়াৰ কথা অৱগত কৰিছিলোঁ। এই খেতি লাভজনক হিচাপে প্ৰমাণিত হৈছে। বৰ্তমান এই এফ পি চিৰ সৈতে ৫০০ৰো অধিক মহিলা জড়িত হৈ আছে,” তেখেতে কয়।
ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানৰ অভিজ্ঞতা বৰ্ণনা কৰি দীপ্তিয়ে কয়, “এয়া জীৱনৰ এক অনন্য অভিজ্ঞতা। জীৱনত কেতিয়াও ভবাই নাছিলোঁ যে এনেদৰে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ হৈ কথা পাতিবলৈ সুযোগ পাম। ৰাষ্ট্ৰপতি বাইদেৱে মই দৰঙৰ বুলি গম পাই ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ কথা কৈছিল যে তেখেতেও কৃষক শ্বহীদ দিৱসত অংশ ল’বলৈ আগ্ৰহ প্ৰকাশ কৰে।”
তেখেতে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰাৰ সুযোগো লাভ কৰে, যাক তেখেতে জীৱনৰ এক স্মৰণীয় মুহূৰ্ত বুলি বৰ্ণনা কৰে।
“এই স্বীকৃতি কেৱল মোৰ নহয় – এয়া সকলো কৃষক, সকলো মহিলাৰ স্বীকৃতি, যিসকলে মোৰ লগত এই যাত্ৰাত সহযাত্ৰী হৈছে। মই সকলোকে হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছোঁ,” দীপ্তিয়ে কয়।

অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমত শুভেচ্ছা জনাই প্ৰকাশ কৰে, “দেশৰ ৭৯সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আমি গৌৰৱান্বিত যে দৰং জিলাৰ এগৰাকী মহিলা কৃষক আৰু চিৰসেউজ মহিলা কৃষক উৎপাদক কোম্পানীৰ পৰিচালন সঞ্চালক শ্ৰীমতী দীপ্তি চহৰীয়াই ৰাষ্ট্ৰপতি ভৱনত আয়োজিত ‘এট হোম’ অভ্যৰ্থনা অনুষ্ঠাত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ পাইছে। এই অনন্য স্বীকৃতি অসমৰ কৃষকসকলৰ বাবে, বিশেষকৈ উদ্যমী মহিলাসকলৰ বাবে এক প্ৰেৰণা। তেখেতক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ।”
দৰং কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী আৰু মুৰব্বী ড° আব্দুল হাফিজে কয়, “দীপ্তি চহৰীয়া কেৱল কৃষক নহয়, সমাজকৰ্মীও বুলিব পাৰি। তেওঁ প্ৰতিগৰাকী কৃষকক সহায় কৰিবলৈ আগবাঢ়ি আহে। তেখেতৰ এই সফলতা গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে আশা আৰু প্ৰেৰণাৰ উৎস।”
দীপ্তি চহৰীয়াৰ বিষয়ে অধিক জানক :
দীপ্তি চহৰীয়া আত্মনিৰ্ভৰ অইলছিডছ অভিযান – (এন এম ই অ’ – অ’ এছ) এগৰাকী হিতাধিকাৰী মহিলা কৃষক। তেখেতৰ এফ পি চিক দৰং জিলাত ৰেপছিড আৰু সৰিয়হৰ বাবে ভেল্যু চেইন পাৰ্টনাৰ হিচাপে নিৰ্বাচন কৰা হৈছে। তদুপৰি অসম চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ বাজেটত ঘোষণা কৰা জিলাস্তৰীয় সৰিয়হ মিছনৰো সফলতাৰে কার্যকৰী কৰিছে। তেখেতৰ ৰেপছিড, সৰিয়হ, তিল, চিনাবাদাম আদি তৈলবীজৰ লগতে বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰে আৰু কৃষি বিভাগ, আটমা আৰু কে ভি কেৰ দ্বাৰা আয়োজিত প্ৰশিক্ষণ আৰু প্ৰদৰ্শনীমূলক কাৰ্যসূচীত নিয়মিতভাৱে অংশ লয়। লগতে তেখেত ব্ল’ক ফাৰ্মাৰ এডভাইজৰী কমিটিৰ কৃষক শ্ৰেণীৰ সদস্যা হিচাপে কাম কৰি সমাজ-সাংস্কৃতিক আৰু সাক্ষৰতামূলক উদ্যোগৰ সৈতেও সক্ৰিয়ভাৱে জড়িত। বিভিন্ন সংগঠনে তেখেতক কৃষিক্ষেত্ৰত বিশেষ অৱদানৰ বাবে পুৰস্কৃত কৰিছে।










