অসমৰ কলা-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনন্য বৰঙণিৰ স্বীকৃতিস্বৰূপে অসম চৰকাৰে সত্ৰীয়া আৰু ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ খ্যাতনামা শিল্পী ড° মল্লিকা কন্দলী আৰু বিশিষ্ট শিল্পী নৰেন্দ্ৰনাথ দাসক বিষ্ণু ৰাভা বঁটা ২০২৫ৰে সন্মানিত কৰিছে।
অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতিত এই বঁটা প্ৰদান কৰা হয়। শিল্প-সংস্কৃতিৰ ক্ষেত্ৰত অসমৰ সৰ্বোচ্চ সন্মানসমূহৰ ভিতৰত এই বঁটা হৈছে অন্যতম। এই বঁটাৰ গৌৰৱময় তালিকাত দুয়োগৰাকী শিল্পীৰ নামো সংযোজিত হ’ল।
অনুষ্ঠানৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আন কেইবাটাও বঁটা প্ৰদান কৰে।
খ্যাতনামা সত্ৰীয়া শিল্পী সোণাৰাম শৰ্মা বুঢ়াভকতলৈ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা, সমাজ সেৱক যজ্ঞেশ্বৰ চেতিয়ালৈ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা, সংস্কৃত পণ্ডিত ড° থানেশ্বৰ শৰ্মালৈ শ্ৰীশ্ৰী মাধৱদেৱ বঁটা, ধনেশ্বৰ ইংতিলৈ কালিচৰণ ব্ৰহ্ম বঁটা, বি এছ এফ কনিষ্টবল শ্বহীদ দীপক চিংগাখামলৈ বীৰ চিলাৰায় বঁটা (মৰণোত্তৰভাৱে) আগবঢ়োৱা হয়।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “ৰাভাদেৱৰ জীৱন আৰু আদৰ্শই প্ৰতিগৰাকী অসমীয়াক অনুপ্ৰাণিত কৰিছে। আপোন মাটিৰ গোন্ধযুক্ত তেখেতৰ গীত আৰু কবিতাই আজিও নতুন প্ৰজন্মক প্ৰেৰণা যোগাই আহিছে।”
মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো বঁটাপ্ৰাপ্ত শিল্পীসকলক অভিনন্দন জনাই শ্বহীদ দীপক চিংগাখামলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।









