অত্যাৱশ্যকীয় চৰকাৰী সেৱাসমূহ সময়মতে প্ৰদান কৰাৰ উদ্দেশ্যে জিলা পৰ্যায়ৰ তলত এক সৰু প্ৰশাসনিক গোট স্থাপনৰ পৰিকল্পনা কৰা হৈছিল। প্ৰশাসন ব্যৱস্থাক তৃণমূল পৰ্যায়ত সক্ৰিয় কৰি নাগৰিককেন্দ্ৰিক সেৱাসমূহ সুশৃংখল কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এক বৃহৎ প্ৰশাসনিক সংস্কাৰ সাধন কৰি গঠন কৰে ৩৯খন সমজিলা। দেশৰ ভিতৰতে এনে সমজিলা গঠন কৰা অসম প্ৰথমখন ৰাজ্য হৈ পৰিল।
যোৱা ৪ আৰু ৫ অক্টোবৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলে এই সমজিলাৰ কাৰ্যালয়সমূহ ৰাইজৰ উদ্দেশ্যে উৎসৰ্গা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এয়া এক বৃহৎ প্ৰশাসনিক সংস্কাৰ আৰু অসমৰ জনসাধাৰণৰ ‘জীৱন যাপনৰ সহজতা’ নিশ্চিত কৰাৰ উদ্দেশ্যে এয়া ৰাজ্য চৰকাৰৰ পদক্ষেপসমূহৰ এক গুৰুত্বপূৰ্ণ অংশ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে ৫ অক্টোবৰত আনুষ্ঠানিকভাৱে জালুকবাৰী সমজিলাখন উদ্বোধন কৰি সমজিলা আয়ুক্তৰ কাৰ্যালয়তো ৰাইজৰ সেৱাত উৎসৰ্গা কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ প্ৰশাসনিক ইতিহাসত ৪ আৰু ৫ অক্টোবৰ দিন দুটা এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব। ৩৯খনকৈ সমজিলাৰ উদ্বোধনৰ জৰিয়তে এতিয়া সকলো গুৰুত্বপূৰ্ণ প্ৰশাসনিক সেৱা ৰাইজৰ বাবে সহজলভ্য হৈ পৰিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মোৰ বিধায়কৰ কাৰ্যকালত মই উপলব্ধি কৰিছিলোঁ যে জিলা সদৰত প্ৰাথমিক সেৱাসমূহৰ সুবিধা লাভ কৰিবলৈ বহুজনে যথেষ্ট দূৰৰ পৰা সদৰলৈ আহিব লাগে। এই প্ৰত্যাহ্বানৰ বাবে বিভিন্ন সময়ত ৰাইজে নতুন জিলা গঠনৰ দাবী উত্থাপন কৰি আহিছিল আৰু বহু সময়ত প্ৰয়োজনীয় প্ৰশাসনিক আন্তঃগাঁথনি অবিহনেই এনে দাবী পূৰণ কৰাৰ স্বাৰ্থত নতুন জিলা গঠন কৰি দিয়া হৈছিল।”
সমজিলা মুখ্য কাৰ্যালয় মুকলি কৰাৰ পাছত ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে স্থানীয় শাসনৰ বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয়, “মই বিশ্বাস কৰোঁ যে এই পদক্ষেপে অত্যাৱশ্যকীয় চৰকাৰী সেৱাসমূহ জনসাধাৰণৰ কাষলৈ আনিব।”
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ আদৰ্শ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকৰী তৃণমূল পৰ্যায়ৰ প্ৰশাসনৰ দৃষ্টিভংগীক সাৰোগত কৰি সমজিলা স্থাপন আৰু কাৰ্যকৰী কৰা দেশৰ প্ৰথমখন ৰাজ্য হৈ পৰিল অসম।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত ৰাজ্যখনৰ ১২৬টা বিধান সভা সমষ্টিত সম আৰু সক্ৰিয় প্ৰশাসনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আহি পৰিছে। তেওঁ কয়, “উত্তৰাধিকাৰী প্ৰমাণপত্ৰ, জাতিৰ প্ৰমাণপত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, ভূমি সম্পৰ্কীয় বিষয়ৰ দৰে কামৰ বাবে জিলা আয়ুক্তৰ বা সদৰ কাৰ্যালয়লৈ যাবলগীয়া হোৱাোৰ বাবে এক বিত্তীয় আৰু ভৌতিক প্ৰত্যাহ্বান আৰু ই সময়ৰো অপচয় কৰে। জিলা আয়ুক্তসকলে এনে কামত ব্যস্ত থকাৰ বিপৰীতে অন্যান্য উৎপাদনমুখী কামত মনোনিৱেশ কৰিবলৈ সময় পোৱাটো জৰুৰী।” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “বিধান সভা সমষ্টিৰ আধাৰত সমজিলা গঠনৰ দৰে পদক্ষেপে জনসাধাৰণৰ মূল্যৱান সময় ৰাহি কৰিব।”
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ৰাইজে মহকুমা গঠনৰ দাবী কৰিছিল যদিও এনে প্ৰশাসনিক গোটৰ ওচৰত বিশেষ ক্ষমতা নাথাকে। তেওঁ কয়, “সমজিলাসমূহক অধিক ক্ষমতা প্ৰদান কৰা হৈছে। সেয়ে সমজিলাই জনসাধাৰণৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ অধিক ক্ষমতাশালী হ’ব । এই ৩৯খন সমজিলাই নাগৰিককেন্দ্ৰিক সেৱাসমূহক সুশৃংখলিত কৰি তুলিব আৰু এই সমজিলাৰ কাৰ্যকলাপসমূহ এক নিৰ্ধাৰিত ভৌগোলিক ক্ষেত্ৰত কেন্দ্ৰীভূত কৰা হ’ব।”
মুখ্যমন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰি কয় যে সমজিলাসমূহে একত্ৰিতভাৱে জিলাসমূহৰ সামগ্ৰিক উন্নয়নৰ সম্ভাৱনাক গতি প্ৰদান কৰিব। তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে জিলা আয়ুক্তসকলৰ সৈতে নিয়মীয়া পৰ্যালোচনা বৈঠকসমূহত ৰাজ্যখনৰ উন্নয়নত জিলা নেতৃত্বাধীন আৰ্হিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে আৰু এই দিশত সমজিলাসমূহ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিব।
ভূমি ৰাজহ, প্ৰশাসনিক আৰু দণ্ডাধীশ ক্ষমতা, খাদ্য আৰু অসামৰিক যোগান, আবকাৰী, দুৰ্যোগ ব্যৱস্থাপনা, উন্নয়ন আৰু কল্যাণমূলক কামৰ দৰে সেৱাৰ অধিকাৰ সমজিলাসমূহত থাকিব। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই কেন্দ্ৰীভূত দৃষ্টিভংগীয়ে সেৱা প্ৰদানৰ দক্ষতা নিশ্চিত কৰাৰ লগতে জনসাধাৰণৰ বাবে এক সুবিধাজনক পৰিৱেশৰ সৃষ্টি কৰি ৰাজ্যখনৰ উন্নয়ন নিশ্চিত কৰিব।