নতুন দিল্লীৰ বাণিজ্য ভৱনত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম আৰু এনএইচএআইৰ অধীনত অসমত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প আৰু ভৱিষ্যৎ প্ৰকল্পসমূহৰ স্থিতিৰ বিষয়ে পৰ্যালোচনা কৰে।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম, এনএইচএআই আৰু ৰাজ্যিক লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ উপস্থিতিত দিল্লীত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এনএইচআইডিচিএলৰ অধীনত অব্যাহত থকা ২৮টা প্ৰকল্প সময়মতে সম্পূৰ্ণ কৰাৰ লগতে বিলম্বিত ১১টা প্ৰকল্পৰ কামো দ্ৰুতগতিত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ অনুসৰি গাডকাৰীয়ে ‘এছএআৰডিপি-এনই’ৰ অধীনত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাটৰ পৰা জাঁজীৰ ১৪ কিল’মিটাৰ আৰু জাঁজীৰ পৰা ডিমৌৰ ১১ কিল’মিটাৰ ৪ লেনযুক্ত পথৰ কাম সোনকালে সম্পূৰ্ণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তদুপৰি পথ দুঘৰ্টনা ৰোধ কৰিবলৈ উপযুক্ত স্থানত পথচিহ্ন স্থাপন কৰিবলৈও তেখেতে আহ্বান জনায়।
মুখ্যমন্ত্ৰীগৰাকীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ চলি থকা চাৰিলেনযুক্ত পথৰ কাম পৰ্যবেক্ষণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰীক দায়িত্ব দিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়।
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌ-মৰাণ বাইপাছৰ চাৰিলেনৰ কাম, এনএইচ(অ’)ৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথ ২৯-ৰ কাৱাৰাম তাৰো গাঁও-ডিলাই পথৰ সৈতে চাৰিলেনৰ বহলকৰণ, মাঞ্জা বাইপাছ, মৰাণ বাইপাছ-বগীবিললৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত পথ, ৫২নং ৰাষ্ট্ৰীয় ঘাইপথৰ জামুগুৰিহাট-বিশ্বনাথ চাৰিআলি বাইপাছলৈ চাৰিলেনযুক্ত পথৰ উন্নীতকৰণ, ইণ্ডুংলোৰ পৰা জাটিংগা জংচনলৈ আৰু ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা হাৰাংগাজাওলৈ নিৰ্মাণৰ কামৰ বিষয়েও এই পৰ্যালোচনা বৈঠকত আলোচনা কৰা হয়।
মুখ্যমন্ত্ৰীগৰাকীৰ অনুৰোধত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক ৫,৭২৯ কোটি টকাৰ অনুমোদিত ব্যয়ৰে ১২১ কিল’মিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোডৰ ঠিকা প্ৰদানৰ প্ৰক্ৰিয়া নৱেম্বৰ মাহৰ শেষৰফালে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৫,৫০০ কোটি টকা ব্যয়সাপেক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৮৫ কিল’মিটাৰৰো অধিক দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰৰ বিশদ প্ৰকল্প বিৱৰণ (ডি পি আৰ) দাখিল আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত মাজুলী দলঙৰ কামৰ পুনঃ নিবিদা প্ৰক্ৰিয়া আগবঢ়াবলৈও বিষয়াসকলক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।
তদুপৰি গহপুৰ-নুমলীগড় সুৰংগ নিৰ্মাণ, ব্ৰহ্মপুত্ৰৰ ওপৰত কমলাবাৰী আৰু নিমাতীঘাট সংযোগী মাজুলী দলং, বাইহাটা চাৰিআলি-তেজপুৰৰ চাৰিলেনযুক্ত পথ আৰু ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলদৈ বাইপাছ নিৰ্মাণৰ কাম ত্বৰান্বিত কৰাৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে নীতিন গাডকাৰীক অনুৰোধ জনায়।
গাডকাৰীয়ে ৰাজ্যৰ লোক নিৰ্মাণ তথা পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ অধীনত চলি থকা ৪টা প্ৰকল্পৰ কাম আৰু এবছৰ ধৰি বিলম্বিত অৱস্থাত থকা ৪টা প্ৰকল্পৰ স্থিতিও পৰ্যালোচনা কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনা ৰোধ কৰিবলৈ এনএইচআইডিচিএল আৰু এনএইচএআইৰ অধীনত নিৰ্মাণৰত ঘাইপথসমূহ ভাল অৱস্থাত ৰাখিবলৈ আহ্বান জনায়। এই নিয়ম উলংঘা কৰা ঠিকাদাৰসকলক ব্লেকলিষ্ট কৰিবলৈ এনএইচআইডিচিএলৰ জেনেৰেল মেনেজাৰ প্ৰমুখ্যে বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।
আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বাৰিষাকালৰ প্ৰতি লক্ষ্য ৰাখি এক সুকীয়া কাৰ্যসূচীৰ পৰিকল্পনা কৰিবলৈও গাডকাৰীক অনুৰোধ জনায়। মুখ্যমন্ত্ৰীগৰাকীৰ এই পৰামৰ্শৰ ভিত্তিত গাডকাৰীয়ে পথ নিৰ্মাণৰ সৈতে জড়িত কেন্দ্ৰীয় সংস্থাসমূহৰ জ্যেষ্ঠ বিষয়াসকলক নতুন সময়সূচীৰ আধাৰত কাম কৰিবলৈ নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰে, “আজিৰ দিনটোত নতুন দিল্লীত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰোঁ। এই বৈঠকত অসমৰ ১,০০১ কিল’মিটাৰ দৈৰ্ঘ্যৰ ঘাইপথ প্ৰকল্পৰ উন্নয়নৰ বাবে আলোচনা কৰা হয়। আমাৰ লক্ষ্য হৈছে বিভিন্ন সংস্থাৰ অধীনত চলি থকা ৫৭টা জৰুৰী ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প সময়মতে সম্পূৰ্ণ কৰা।”
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধুবুৰীৰ নদী বন্দৰলৈ চাৰিলেনযুক্ত পথ সংযোগৰ কাম দ্ৰুতগতিত সম্পন্ন কৰিবলৈ গাডকাৰীক অনুৰোধ জনায়।
এই পৰ্যালোচনা বৈঠকত বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, সাংসদ দিলীপ শইকীয়া, মুখ্য সচিব ড° ৰবি কোটা, জ্যেষ্ঠ বিষয়াসকল ক্ৰমে জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, কে কে দ্বিবেদী, আৰ পি সিং আৰু ৰাজ চক্ৰৱৰ্তী উপস্থিত থাকে।