২০১৯ চনত এন আৰ চি (ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী) উন্নীতকৰণৰ সময়ত দাখিল কৰা বন্ধ হৈ থকা বায়’মেট্ৰিকৰ বাবে অসমৰ বহু লোকে আধাৰ কাৰ্ড লাভ কৰা নাছিল। ভাৰতৰ মহাপঞ্জীয়কে এক চৰকাৰী বিজ্ঞপ্তি প্ৰকাশ কৰি অসম চৰকাৰক জনাইছে যে ৰাজ্যখনৰ এনে ৯,৩৫,৬৮২গৰাকী ব্যক্তিয়ে ভাৰতৰ একক পৰিচয় কৰ্তৃপক্ষৰ (ইউআইডিএআই) সৌজন্যত এতিয়া আধাৰ কাৰ্ডসমূহ লাভ কৰিব।
২৭ আগষ্টত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে যে এই সিদ্ধান্ত সম্পৰ্কে উক্ত দিনা ৰাজ্য চৰকাৰক অৱগত কৰা হৈছে। গৃহ মন্ত্ৰ্যালয়ৰ অধীনত ভাৰতীয় মহাপঞ্জীয়কে ইউআইডিএআইক ৰাজ্যখনৰ ৯,৩৫,৬৮২গৰাকী বাসিন্দাৰ বন্ধ হৈ থকা বায়’মেট্ৰিক মুকলি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
ভাৰতৰ মহাপঞ্জীয়কৰ নিৰ্দেশ অনুসৰি আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ জৰিয়তে ভাৰতৰ মহান্যায়াধিকৰ্তাৰ পৰামৰ্শত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে কেন্দ্ৰীয় চৰকাৰে ইউআইডিএক এই আধাৰ কাৰ্ডসমূহ জাৰী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰি নিশ্চিত কৰিছে যে “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰা আৰু আধাৰ পঞ্জীয়নৰ মাজত কোনো সম্পৰ্ক নাই।”
এই ৯,৩৫,৬৮২গৰাকী ব্যক্তিয়ে ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা আগষ্টৰ ভিতৰত আধাৰ কাৰ্ডৰ বাবে নিজৰ বায়’মেট্ৰিক আধাৰ কেন্দ্ৰত দাখিল কৰিছিল। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে যে, “এই ব্যক্তিসকলৰ বায়’মেট্ৰিক এক বিভ্ৰান্তিৰ বাবে বন্ধ হৈ আছিল।”
“ইয়াৰ ফলস্বৰূপে, এই ব্যক্তিসকলে কোনো জলপানিৰ বাবে আবেদন কৰা, ৰেচন কাৰ্ড লাভ আদিৰ দৰে একাধিক সমস্যাৰ সন্মুখীন হৈছিল। আমি বিষয়টো সম্পৰ্কে ভাৰত চৰকাৰৰ সৈতে যোগাযোগত আছিলোঁ,” অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।