কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ মাইজগাঁৱৰ পিয়াৰা বেগমৰ ওঁঠত জিলিকিছে আনন্দৰ হাঁহি৷ এই হাঁহি বিৰিঙিছে ৰাজ্যখনৰ বহু মহিলাৰ জীৱনত৷ বহুতৰ দৰে পিয়াৰাৰ নামো শেহতীয়াকৈ সম্প্ৰসাৰিত কৰা অৰুণোদয় ২.০ আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে৷ এতিয়ালৈকে নিজৰ এটা সৰু ব্যৱসায়ৰ সৈতে জীৱন সংগ্ৰাম আগবঢ়াই নিছিল তেওঁ, এতিয়া এই অতিৰিক্ত ধনে তেওঁৰ জীৱন সংগ্ৰাম অলপ হ’লেও সহজ কৰি তুলিব৷
“অহা ১০ নৱেম্বৰৰ পৰা অৰুণোদয়ৰ ধন মোৰ বেংক একাউণ্টত জমা কৰা হ’ব বুলি মোক জনাইছে৷ এতিয়া মই মোৰ পৰিয়ালৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰিম,” পিয়াৰাই কয়৷
যোৱা ১১ অক্টোবৰত কোকৰাঝাৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নতুন হিতাধিকাৰীসকলক অৰুণোদয় কাৰ্ড বিতৰণ আৰম্ভ কৰে৷ এই পৰ্যায় সম্পূৰ্ণ হোৱাৰ পাছত এতিয়া ৰাজ্যখনৰ ২৬ লাখ মহিলাই প্ৰতি মাহে ১২৫০ টকাকৈ এই আঁচনিৰ অধীনত লাভ কৰিব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে এই আঁচনিখনৰ দৰিদ্ৰতাজনিত সমস্যাসমূহ
হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে৷ তেওঁ কয় যে চৰকাৰে অসমত অধিক জনমুখী আৰু কল্যাণমূলক আঁচনি প্ৰৱৰ্তন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷
যোৰহাটত আন এক অৰুণোদয় কাৰ্ড বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মহিলা সবলীকৰণৰ দিশত অৰুণোদয় এক কাৰ্যক্ষম আহিলা হৈ পৰিছে৷
এই প্ৰতিৱেদকৰ সৈতে বাৰ্তালাপত শিৱসাগৰ জিলাৰ খেলুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত তামুলী বজাৰ চাংমাই গাঁৱৰ বুলবুলি চাংমাই (৪০)এ তেওঁৰ বাবে আঁচনিখনৰ গুৰুত্বৰ কথা দোহাৰে৷
“আমাৰ পৰিয়ালৰ সদস্য হৈছে চাৰিজন৷ মোৰ স্বামীয়ে এটা ব্যক্তিগত কোম্পানীত কাম কৰি আছে৷ আমি দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ শাৰীত পৰোঁ৷ প্ৰতি মাহে লাভ কৰিবলগীয়া এই ১২৫০ টকাটো মোৰ আৰু মোৰ পৰিয়ালৰ বাবে এক বিশেষ সকাহ,” চাংমাইয়ে কয়৷
হিতাধিকাৰীৰ একাউণ্টত জমা হোৱা ১২৫০ টকাৰ ভিতৰত, ৪০০ টকা স্বাস্থ্য সম্পৰ্কীয় ব্যয়ৰ বাবে, ২০০ টকা দাইল ক্ৰয়ৰ বাবে, ৮০ টকা চেনি ক্ৰয়ৰ বাবে, ১৫০ টকা অত্যাৱশ্যকীয় শাক-পাচলি আৰু ফল-মূলৰ বাবে, ১৭০ টকা ক’ভিডজনিত বিত্তীয় সমস্যা দূৰ কৰিবলৈ আৰু বিদ্যুতৰ বাবদ ২৫০ টকা প্ৰদান কৰা হয়৷ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত প্ৰদান কৰা ধনৰ ব্যৱহাৰ ন্যায়সংগতভাৱে কৰিবলৈ সকলোকে অনুৰোধ জনায়৷
অনিতা লহকৰে (৩০) আঁচনিখনৰ পৰা এক নিৰ্ধাৰিত সময়ৰ বাবে লাভান্বিত হোৱাৰ লক্ষ্য গ্ৰহণ কৰিছে৷ “মই আঁচনিৰ পৰা ১০,০০০ টকা পোৱাৰ পাছতহে টকাটো উলিয়াম৷” নলবাৰী জিলাৰ ঘাগ্ৰাপাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত লহকৰপাৰা গাঁৱৰ অনিতা এগৰাকী দৰ্জী হোৱাৰ লগতে উদ্যানশস্যৰ খেতি কৰে৷ তেওঁৰ এটা সৰু ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই ধন ব্যৱহাৰ কৰিবলৈ বিচাৰে৷
“মই মোৰ দৈনন্দিন জীৱনত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছোঁ৷ মই চিলাইৰ কাম আৰু ফুলৰ পৰা মোৰ দৈনন্দিন খৰচ উলিয়াবলৈ চেষ্টা কৰোঁ৷ যেতিয়া আমাৰ পঞ্চায়ত বিষয়াই মোক অৰুণোদয় ২.০ হিতাধিকাৰীৰ তালিকাত গাঁৱৰ আন ২৫গৰাকী মহিলাৰ সৈতে মোৰ নামটো আহিছে বুলি ক’লে মই আনন্দত অভিভূত হৈ পৰিছিলোঁ,” তেওঁ কয়৷