মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ তেখেতৰ ভাষণত ৰাজ্যৰ কল্যাণ আৰু বিকাশৰ লগত জড়িত বিভিন্ন দিশৰ আলোকপাত কৰি পৰিৱৰ্তনশীল অসম নিৰ্মাণৰ সংকল্পৰ বিষয়ে ব্যক্ত কৰে৷ ৰাজ্যৰ আৰ্থিক সুস্থিৰতাৰ বিষয়ে উল্লেখ কৰি ড° শৰ্মাই কয় যে ২০২২ বৰ্ষত ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে নিজ ৰাজহৰ পৰা চৰকাৰী কৰ্মচাৰীসকলক দৰমহা প্ৰদান কৰিবলৈ সক্ষম হৈছে৷
“বিগত বিত্তীয় বৰ্ষৰ দৰেই পৰৱৰ্তী বিত্তীয় বৰ্ষতো আমাৰ মুঠ ব্যয় এক লাখ কোটি টকা অতিক্ৰম কৰিব,” দেশৰ ৭৪সংখ্যক গণৰাজ্য দিৱস উদযাপন উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত অনুষ্ঠানৰ মুখ্য অতিথি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়৷
মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে অসমে বিভিন্ন ক্ষেত্ৰত বিকাশ আৰু প্ৰগতিৰ নতুন বাটেৰে আগবাঢ়িছে৷ এসময়ত এক অশান্ত অঞ্চল হিচাপে গণ্য কৰা আজিৰ অসমক শান্তিপূৰ্ণ-ভৌগোলিক আৰু দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ অংগৰূপে বিবেচনা কৰা হয়৷
ৰাজ্যৰ যুৱ শক্তিক প্ৰেৰণা যোগাই স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী ৰাজ্যিক বিত্তীয় বাজেটত প্ৰায় ৩,০০০ কোটি টকা ব্যয়ৰ কথা ঘোষণা কৰাৰ লগতে ৰাজ্যৰ এক লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ কথা সদৰী কৰে৷ ইয়াৰ লগতে কয় যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ তেখেতৰ জন্মদিন ৩১ মাৰ্চৰ দিনটো অসমত ‘ছাত্ৰ দিৱস’ হিচাপে পালন কৰা হ’ব৷
ড° শৰ্মাই এই বছৰৰ স্বাধীনতা দিৱসত এখন ৰাজ্যিক ক্ৰীড়া নীতি জনসাধাৰণক উপহাৰ দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰে৷ “আমি ২০২৩ চনত ৰাজ্যৰ প্ৰতিখন ৰাজহ গাঁৱক সামৰি এখন ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰিম৷ প্ৰায় ২৫,০০০ ৰাজহ গাঁও সামৰি অনুষ্ঠিতব্য এই ক্ৰীড়া সমাৰোহৰ সামৰণি ৰাজ্যখনৰ ৰাজধানী চহৰত হ’ব৷ ই হ’ব অসমত আয়োজিত সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ,” মুখ্যমন্ত্ৰীয়ে কয়৷
ইয়াৰ লগতে অসমত শান্তি আৰু সুৰক্ষা নিশ্চিতকৰণেৰে কৰ্ম সংস্কৃতি গঢ়ি শক্তিশালী অসমৰ বুনিয়াদ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীয়ে আলফাক মূলসুঁতিলৈ উভতি আহিবলৈ আহ্বান জনায়, যাৰ জৰিয়তে অসম এক ‘শান্তিৰ দ্বীপ’লৈ পৰিণত হ’ব৷
“আমি ২০২৩ চনত ৰাজ্যৰ প্ৰতিখন ৰাজহ
গাঁৱক সামৰি এখন ক্ৰীড়া সমাৰোহ অনুষ্ঠিত
কৰিম৷ প্ৰায় ২৫,০০০ ৰাজহ গাঁও সামৰি
অনুষ্ঠিতব্য এই ক্ৰীড়া সমাৰোহৰ সামৰণি
ৰাজ্যখনৰ ৰাজধানী চহৰত হ’ব৷ ই হ’ব
অসমত আয়োজিত সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ”
গঁড় নিধনৰ ক্ষেত্ৰত অসম চৰকাৰে চোৰাং চিকাৰীক দিয়া উচিত প্ৰত্যুত্তৰৰ কথা উল্লেখ কৰি ৰাজ্যজুৰি সত্ৰ আৰু বনাঞ্চলৰ বেদখলকাৰীৰ বিৰুদ্ধে লোৱা কঠোৰ ব্যৱস্থাৰ কথাও মুখ্যমন্ত্ৰীয়ে উনুকিয়ায়৷
তদুপৰি অসমৰ বৰ্ণাঢ্য সংস্কৃতি আৰু ঐতিহ্যৰ বিষয়সমূহ আলোকপাত কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাজ্যখনক বিশ্বৰ মানচিত্ৰত এক গুৰুত্বপূৰ্ণ স্থান প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে চলাই অহা অহৰহ প্ৰচেষ্টাৰ কথা সদৰী কৰে৷ ৰাজ্যখনৰ গৰিমামণ্ডিত সংস্কৃতিক বিশ্বৰ সমুখত প্ৰদৰ্শন কৰিবলৈ এক নতুন চিন্তাৰে ব’হাগ বিহুক কেন্দ্ৰ কৰি অহা ১৪ এপ্ৰিলত এক বৃহৎ অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে৷ “১০,০০০-১৫,০০০ ঢুলীয়া আৰু নাচনীয়ে সেইদিনা একেলগে বিহু প্ৰদৰ্শন কৰিব৷ উক্ত অনুষ্ঠানক ‘গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ’ত সন্নিৱিষ্ট কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷” অনুষ্ঠানটিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতি থকাৰ সম্ভাৱনাৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷
শেহতীয়াকৈ চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদানৰ বাবে মনোনীত কৰা আৰু বটদ্ৰৱা থানক বিশ্বমানৰ ধৰ্মীয়-পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰকৰণৰ প্ৰকল্পৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে৷ তদুপৰি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰক নৱৰূপত বিকশিত কৰি তোলাৰ ক্ষেত্ৰত অসম চৰকাৰৰ পদক্ষেপৰ কথা সদৰী কৰাৰ লগতে বাৰানসীৰ কাশী-বিশ্বনাথৰ কৰিড’ৰৰ আৰ্হিত ৩০০ কোটি টকা ব্যয় সাপেক্ষে কামাখ্যা মন্দিৰৰ কৰিড’ৰ নিৰ্মাণৰ প্ৰকল্পৰ কথাও তেখেতে ঘোষণা কৰে৷
ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডৰ উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে ‘স্বাস্থ্য সেৱা উৎসৱ’ আৰম্ভ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে৷ “গুণোৎসৱৰ আৰ্হিত চৰকাৰী বিষয়াসকলে চৰকাৰী চিকিৎসালয়সমূহ পৰিদৰ্শন কৰি ইয়াৰ গুণগত মান মূল্যায়ন কৰিব,” ড° শৰ্মাই কয়৷