কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড॰ মনসুখ মাণ্ডৱিয়াই যোৱা ১৫ অক্টোবৰত আই আই টি, গুৱাহাটীত কেইবাটাও স্বাস্থ্য আন্তঃগাঁথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰে৷ প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু পঞ্চদশ বিত্ত আয়োগৰ অনুমোদিত পুঁজিৰ অধীনত ১২১.৫১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই প্ৰকল্পসমূহে স্বাস্থ্য সেৱাৰ মান উন্নীত কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷
“যিকোনো মহামাৰীৰ সময়ত সাহসেৰে প্ৰত্যাহ্বান জনাবলৈ আমি আমাৰ স্বাস্থ্য সেৱাক শক্তিশালী কৰি তুলিব লাগিব৷ এয়া সম্ভৱ হ’ব নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলতহে৷ ইয়াৰ বাবে দেশৰ প্ৰান্তীয় অঞ্চলসমূহতো চিকিৎসা সেৱা সহজলভ্য আৰু সুলভ কৰি তুলিবলৈ আমি সক্ষম হ’ব লাগিব,” মনসুখ মাণ্ডৱিয়াই কয়৷
![](https://i0.wp.com/asombarta.com/wp-content/uploads/2023/11/Centre-health-2-2.jpg?resize=1024%2C683&ssl=1)
এই কল্যাণকামী আঁচনিসমূহৰ অধীনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৫০খন বিছনাযুক্ত এটা ক্ৰিটিকেল কেয়াৰ ব্লক, নগাঁৱৰ জখলাবন্ধাস্থিত মহকুমা অসামৰিক চিকিৎসালয়ত এটা সংহত ৰাজহুৱা স্বাস্থ্য পৰীক্ষাগাৰ (আইপিএইচএল), পশ্চিম কাৰ্বি আংলং, কাছাৰ আৰু চৰাইদেউ জিলাত ৰটাকৈ আৰু কামৰূপত ২টা খণ্ড পৰ্যায়ৰ ৰাজহুৱা স্বাস্থ্য গোট (বিপিএইচইউ)ৰ শিলান্যাস কৰে৷ ইয়াৰ লগতে ডিব্ৰুগড় আৰু কাছাৰ জিলাত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান আৰু পঞ্চদশ বিত্ত আয়োগৰ অনুমোদিত পুঁজিৰে সামূহিক স্বাস্থ্য কেন্দ্ৰ (চিএইচচি) নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হয়৷
মনসুখ মাণ্ডৱিয়াই কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু যোৰহাটৰ ক্ৰমে চাৰিখন মহকুমা অসামৰিক চিকিৎসালয়ৰ উন্নীতকৰণৰ কামৰ উদ্বোধন কৰে৷ তদুপৰি তেখেতে বৰপেটা, হাইলাকান্দি আৰু শিৱসাগৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত চাৰিটা সামূহিক স্বাস্থ্য কেন্দ্ৰ ৰাইজৰ বাবে উছৰ্গা কৰে৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেখেতে কয়, “আমি চিকিৎসা সেৱাক সুলভ আৰু সহজলভ্য কৰাটো অতিকৈ প্ৰয়োজন৷ ইয়াৰ বাবে হিল ইন ইণ্ডিয়া, হিল বাই ইণ্ডিয়া আদিৰ দৰে পদক্ষেপসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰি গৱেষণা আৰু উন্নয়নমূলক কামৰ জৰিয়তে শক্তিশালী স্বাস্থ্য সেৱা আন্তঃগাঁথনি বিকাশ কৰিব লাগিব৷”
ঐক্যবদ্ধভাৱে কাম কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “যিকোনো নতুন ৰোগ তথা ইয়াৰ স্থিতিৰ বিষয়ে নিৰীক্ষণ কৰিবলৈ স্বাস্থ্য সেৱাৰ শক্তিশালী আন্তঃগাঁথনিৰ জৰিয়তে খণ্ড, জিলা আৰু আঞ্চলিক পৰ্যায়ত এক সংঘবদ্ধ প্ৰচেষ্টা তথা পৰিৱেশ গঢ়ি তোলা উচিত৷”
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমত চিকিৎসা মহাবিদ্যালয়, দন্ত চিকিৎসা আৰু নাৰ্ছিং মহাবিদ্যালয়সমূহৰ বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে৷ তেখেতে কয়, “এই অনুষ্ঠানে আমাৰ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনিক অধিক শক্তিশালী কৰাৰ দিশত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহক মাইলৰ খুঁটি হিচাপে বিবেচিত কৰিব আৰু জটিল সময়তো প্ৰতিগৰাকী নাগৰিকৰ বাবে উচ্চ মানসম্পন্ন স্বাস্থ্য সেৱা উপলব্ধ কৰোৱাত অৰিহণা যোগাব৷”
অমৃত কাল বিমৰ্ষ বিকশিত ভাৰত @২০৪৭ৰ ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱক-যুৱতীসকলৰ সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতা আৰু সংকল্পৰ বিষয়ে আলোকপাত কৰে৷ বৰ্তমান চলি থকা আঁচনি তথা অনুদানৰ সহায়ত ন ন উদ্ভাৱনশৈলীৰ প্ৰয়োগেৰে এক সুস্থ-সবল সমাজ নিৰ্মাণত অৰিহণা যোগাবলৈ তেখেতে যুৱচামক আহ্বান জনায়৷
অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আই আই টি, গুৱাহাটী, এইমছ, গুৱাহাটী আৰু ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান চমুকৈ নিপাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে৷ তেখেতে কয় যে ভাৰতীয় স্বাস্থ্য সেৱাৰ ক্ষেত্ৰখন এতিয়া বিশ্বজনীন হৈ পৰিছে আৰু দেশৰ লগতে বিশ্বত অনেক সুযোগৰ সৃষ্টি কৰিছে৷ অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত জাপানী ভাষা শিকোৱাৰ উদাহৰণেৰে তেখেতে উল্লেখ কৰে যে এনে ব্যৱস্থাই ভাৰতীয় স্বাস্থ্য সেৱাৰ সৈতে জড়িত সকলৰ বাবে বিদেশত নিযুক্তি লাভৰ পথ মুকলি কৰিছে৷