ৰাজ্যখনৰ উন্নয়নৰ যাত্ৰাত ব্যক্তিগত খণ্ডত কৰ্মৰত প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ এটি অতিকৈ প্ৰয়োজনীয় বিষয়৷ এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণেৰে অসম চৰকাৰে ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, বেংগালুৰু (আইআইএমবি)ৰ সৈতে যুটীয়াভাৱে ‘মুখ্যমন্ত্ৰীৰ যুৱ পেছাদাৰী কাৰ্যসূচী’ Chief Minister’s Young Professional Programme, চিএমৱাইপিপি) পৰিচালনাৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে৷
আই আই এম বেংগালুৰুৰ সঞ্চালক অধ্যাপক ঋষিকেশ টি কৃষ্ণন আৰু মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰে৷
এই চুক্তিৰ জৰিয়তে অসম চৰকাৰ আৰু আইআইএম বেংগালুৰুৱে যুটীয়াভাৱে ৭০গৰাকী প্ৰতিভাশালী পেছাদাৰী ব্যক্তিক নিয়োজিত কৰিব৷ এই দুবছৰীয়া কাৰ্যসূচী সফলতাৰে সম্পূৰ্ণ হোৱাৰ পাছত তেওঁলোকে জিলা পৰ্যায়ত দুবছৰৰ বাবে কৰ্তৃপক্ষক সহায় কৰিব৷
অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই দুবছৰীয়া চাৰ্টিফিকেট কাৰ্যসূচীয়ে ৰাজহুৱা নীতিৰ লগতে স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিসমূহ ৰূপায়ণত সহযোগ কৰি অসমত মানৱ মূলধন গঠন প্ৰক্ৰিয়াটো শক্তিশালী কৰাত সহায় কৰিব৷
“ই এক অনন্য পদক্ষেপ য’ত উচ্চ দক্ষতাম্পন্ন প্ৰতিভাসমূহে তৃণমূল পৰ্যায়ৰ বিভিন্ন দিশত অৱদান আগবঢ়োৱাৰ লগতে আইআইএম বেংগালুৰুৰ দৰে এখন অগ্ৰণী প্ৰতিষ্ঠানৰ পৰা শৈক্ষিক দক্ষতা অৰ্জনৰ সুযোগ লাভ কৰিব৷ এনেধৰণৰ প্ৰচেষ্টাই প্ৰতিভাশালী ব্যক্তিসকলৰ বাবে চৰকাৰৰ দুৱাৰ মুকলি কৰিব,” ড॰ শৰ্মাই কয়৷
“এইপৰ্যন্ত উত্তৰ-পূৰ্বাঞ্চলত গ্ৰহণ কৰা ই আমাৰ আটাইতকৈ বৃহৎ পদক্ষেপ আৰু আমি আশাবাদী যে দেশৰ শ্ৰেষ্ঠ প্ৰতিভাসমূহে ভাৰতৰ দ্ৰুততম বিকশিত ৰাজ্যসমূহৰ ভিতৰৰ এখন ৰাজ্যৰ বাবে কাম কৰাৰ সুযোগ লাভ কৰিব,” ঋষিকেশ টি কৃষ্ণনে কয়৷
চেণ্টাৰ ফৰ পাব্লিক পলিচী (চিপিপি), আইআইএম বেংগালুৰুৰ অনুষদ আৰু চিএমৱাইপিপিৰ অন্যতম সঞ্চালক অধ্যাপক অৰ্ণৱ মুখাৰ্জী, আইআইএম-বি-ৰ কাৰ্যবাহী শিক্ষা কাৰ্যসূচী কাৰ্যালয়ৰ (অ’ইইপি) সম্ভাৱী এছ ৰাও আৰু স্নেহা জি অংগাদীও চুক্তি স্বাক্ষৰ অনুষ্ঠানটোত উপস্থিত আছিল৷
আইআইএম বেংগালুৰুৱে আৰ্হি প্ৰস্তুত কৰা আৰু প্ৰতিষ্ঠানটোৰ কাৰ্যবাহী শিক্ষা কাৰ্যসূচী (Executive Education Programmes)ৰ কাৰ্যালয়ৰ দ্বাৰা সঞ্চালিত চিএমৱাইপিপি হৈছে কৰ্ম জীৱনৰ প্ৰাৰম্ভিক অৱস্থাত থকা যিকোনো বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী থকা জিলাখনত কাম কৰিবলৈ ইচ্ছুক ব্যক্তিসকলৰ বাবে এক বিশেষ কাৰ্যসুচী৷ আইআইএম বেংগালুৰুৰ ৰাজহুৱা নীতি কেন্দ্ৰৰ অধ্যাপক এম এছ শ্ৰীৰাম আৰু অধ্যাপক অৰ্ণৱ মুখাৰ্জী এই কাৰ্যসূচীৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিব৷ এই কাৰ্যসূচীটো হ’ব শৈক্ষিক আৰু জিলা-আধাৰিত কাম-কাজৰ সংমিশ্ৰণ আৰু গুৱাহাটীত ৪০ দিনজোৰা এক বিস্তৃত সূচীৰে অনুষ্ঠিত হ’ব৷
চিএমৱাইপিপিৰ প্ৰথম শিকাৰু দলত অসম চৰকাৰ আৰু আইআইএম বেংগালুৰুৱে যুটীয়াভাৱে ৭০গৰাকী প্ৰতিভাশালী পেছাদাৰী ব্যক্তিক নিয়োজিত কৰিব হ’ব৷ দুবছৰীয়া কাৰ্যসূচীটো সফলতাৰে সম্পূৰ্ণ হোৱাৰ পাছত অংশগ্ৰহণকাৰীসকলক আইআইএমবিৰ দ্বাৰা ৰাজহুৱা নীতি আৰু ব্যৱস্থাপনাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব৷
অসম চৰকাৰে অনন্য হিচাপে অভিহিত কৰা এই কাৰ্যসূচীত ইয়াত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ সংস্থা আৰু আনকি বিশ্ব বেংকৰ দ্বাৰা আগবঢ়োৱা সফল ফেল’শ্বিপ কাৰ্যসূচীৰ উপাদানো সন্নিৱিষ্ট কৰা হৈছে৷ প্ৰতিযোগিতামূলক পাৰিশ্ৰমিক, শৈক্ষিক প্ৰমাণপত্ৰ আৰু এক কেন্দ্ৰীভূত ডমেইন পদ্ধতি – এই তিনিওটা উপাদানে কাৰ্যসূচীটোক পৰম্পৰাগত নিযুক্তি প্ৰক্ৰিয়াৰ বাহিৰত উৎকৃষ্ট প্ৰতিভাক আকৰ্ষিত কৰাৰ বাবে অসম চৰকাৰে এই পৰ্যন্ত গ্ৰহণ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এক অনন্য প্ৰয়াস কৰি তুলিছে৷