ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক, মানসিক আৰু বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধন কৰি বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা (এফ এল এন)ৰ অৰ্হতা-কৌশল সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ১-১৫ জুনলৈ অনুষ্ঠিত হয় জনভাগীদাৰী কাৰ্যসূচী৷ ইয়াৰ অংশ হিচাপে বিদ্যালয়, জিলা আৰু ৰাজ্যিক পৰ্যায়ত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে৷
শিক্ষাৰ্থী, অভিভাৱক, শিক্ষক তথা স্থানীয় ৰাইজৰ মাজত জি-২০, ৰাষ্ট্ৰীয় শিক্ষা নীতি তথা বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা এই কাৰ্যসূচীৰ অংশ হিচাপে বিদ্যালয় পৰ্যায়ত কুইজ প্ৰতিযোগিতা, পৰম্পৰাগত খেল, ৰেলী, শিক্ষণ-শিকন সঁজুলি মেলা, নাটক, সাঁথৰ সমাধান, সাধুকথা কোৱা, পুতলা নাচ, যোগাসন, কবিতা আবৃত্তি আদিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে৷
জিলা পৰ্যায়ত কৰ্মশালা তথা বৈঠক আয়োজিত কৰাৰ লগতে ১৩ জুনত ৰাজ্যিক পৰ্যায়ত এখন ছেমিনাৰ অনুষ্ঠিত হয়৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত এই ছেমিনাৰখনত মন্ত্ৰীগৰাকীয়ে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ লগতে ‘E-Kaksha Assam’ শীৰ্ষক এটি ৱেবছাইটৰো শুভ উদ্বোধন কৰে৷
‘নিপুণ ভাৰত’ অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যক সাকাৰ ৰূপ দি বিভিন্ন শিক্ষণ-শিকন সঁজুলিৰ প্ৰয়োগেৰে শিশুসকলৰ বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰাৰ হেতুকে গ্ৰহণ কৰা এই কাৰ্যসূচী ৰাজ্যৰ আন জিলাসমূহৰ দৰে যোৰহাট জিলাতো সফলতাৰে অনুষ্ঠিত হয়৷
এই কাৰ্যসূচীৰ বিষয়ে যোৰহাটৰ চাৰিঘৰীয়া প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী লুনা শইকীয়াই কয়, “প্ৰাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিশেষকৈ তৃতীয় শ্ৰেণীলৈ আমাৰ বিদ্যালয়ত জনভাগীদাৰী কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়৷ আমাৰ অঞ্চলটো হৈছে মিচিং জনজাতীয় অঞ্চল৷ অঞ্চলটোৰ মাতৃগোট, অভিভাৱক তথা স্থানীয় ৰাইজৰ সহযোগিতাত তেওঁলোকৰ প্ৰচলিত সাধুকথা, গীত-মাত আদিৰ প্ৰয়োগ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন আকৰ্ষণীয় সাংখ্যিক খেল আমি অনুষ্ঠিত কৰিছিলোঁ৷ ইয়াৰ জৰিয়তে বিদ্যালয়ৰ বহিৰ্জগতৰ অভিজ্ঞতাক শ্ৰেণীকোঠাৰ শিকনৰ সৈতে সংযোগ ঘটাই শিক্ষাৰ্থীসকলৰ লিখন আৰু পঠনৰ দক্ষতা বৃদ্ধি কৰাৰ লগতে মনোযোগ আকৰ্ষণ কৰিবলৈও আমি সক্ষম হৈছোঁ৷”
মাজুলীৰ মিচিং অধ্যুষিত অঞ্চলৰ পকামূৰা প্ৰাথমিক বিদ্যালয়তো জনভাগীদাৰী কাৰ্যসূচীৰ সুকলমে সমাপ্তি ঘটে৷ বিদ্যালয়খনৰ সহকাৰী শিক্ষক ৰাজীৱ শৰ্মাই কয়, “গাঁৱৰ স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে থলুৱা বাদ্যযন্ত্ৰৰ বিষয়ে এখন প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰাৰ উপৰি বিদ্যালয়ৰ পৰিসৰৰ ভিতৰত পৰম্পৰাগত মিচিং ঘৰ এটি পুনৰ্নিৰ্মাণ কৰা হৈছে৷ মিচিং সমাজত ব্যৱহৃত বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি সামগ্ৰীসমূহৰ নাম মিচিং আৰু অসমীয়া দুয়োটা ভাষাতে ব্যৱহাৰ কৰাৰ ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব বুলি আমি বিশ্বাসী৷ ইয়াৰ লগতে সাধুকথা কোৱা, যোগাসন, সাঁথৰ আদি বিভিন্ন কাৰ্যকলাপো ৰূপায়ণ কৰা হৈছে৷”