প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে যোৱা ২১ ফেব্ৰুৱাৰীত ২০২১-২২ বৰ্ষৰপৰা ২০২৫-২৬ বৰ্ষলৈ (পঞ্চদশ বিত্তীয় আয়োগৰ সময়ছোৱা) পাঁচ বছৰৰ বাবে এক বিশেষ প্ৰস্তাৱত অনুমোদন জনায়।
জলসম্পদ বিভাগ, নদী বিকাশ আৰু গংগা পুনৰুজ্জীৱিতকৰণ বিভাগৰ অধীনত কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰে ৰূপায়িত আঁচনি “বান ব্যৱস্থাপনা আৰু সীমান্ত অঞ্চল কাৰ্যসূচী (এফএমবিএপি) অব্যাহত ৰখাৰ বাবে মুঠ ৪,১০০ কোটি টকা ব্যয়ৰ এই প্ৰস্তাৱত অনুমোদন জনায়।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই পদক্ষেপৰ শলাগ লয়। অসমৰ দৰে বান প্ৰৱণতা থকা ৰাজ্যৰ বাবে এই আঁচনিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে অসমে দীৰ্ঘদিন ধৰি বানৰ সমস্যাৰ সন্মুখীন হৈ আহিছে আৰু চুবুৰীয়া দেশৰ সৈতে নদী সীমান্ত ভাগ-বাটোৱাৰা কৰিছে। এইক্ষেত্ৰত অসমে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ হ্ৰাস কৰাৰ বাবে এফএমবিএপিয়ে বিভিন্ন উপাদান সামৰি লৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে আৰু এই পদক্ষেপে বানমুক্ত অসম গঢ়াৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত সহায় কৰিব বুলি ড° হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে।
অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তই বান আৰু খহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্যখনে গ্ৰহণ কৰি থকা প্ৰচেষ্টাত সহায় কৰিব।
“এয়া আমাৰ বাবে অত্যন্ত আশাৰ বতৰা। বানপানী আৰু নদীৰ খহনীয়া হ্ৰাস কৰাৰ বাবে আমাৰ বৰ্তমানৰ প্ৰচেষ্টাক এই পদক্ষেপে সহায় কৰিব। ইয়াৰ লগতে এফএমপিৰ নদী ব্যৱস্থাপনা আৰু সীমান্ত এলেকা উপাদানৰপৰা অসম যথেষ্ট লাভান্বিত হ’ব। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে গ্ৰহণ কৰা পৰিকল্পিত পুঁজিয়ে এক মহৎ কাৰ্য সিদ্ধি কৰিব৷ আমাৰ নদীসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ বৃহৎ পৰিমাণৰ পুঁজি বিনিয়োগ কৰাৰ সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক আন্তৰিক কৃতজ্ঞতা জনালোঁ,” সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে এনেদৰে প্ৰকাশ কৰে।
আঁচনিখনৰ দুটা উপাদান আছে-
এফএমবিএপিৰ বান ব্যৱস্থাপনা কাৰ্যসূচী (এফএমপি) উপাদানৰ অধীনত ২,৯৪০ কোটি টকা ব্যয় সাপেক্ষে বান নিয়ন্ত্ৰণ, খহনীয়া প্ৰতিৰোধ, জল নিষ্কাশন প্ৰণালীৰ বিকাশ সাধন আৰু সাগৰীয় খহনীয়া প্ৰতিৰোধ আদিৰ সৈতে জড়িত কাৰ্যসমূহৰ বাবে ৰাজ্য চৰকাৰসমূহক কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হ’ব। পুঁজিৰ ব্যয়ৰ সৈতে জড়িত পৰিমাণ — বিশেষ শ্ৰেণীৰ ৰাজ্য (উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্য আৰু পাৰ্বত্য ৰাজ্য হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰ)সমূহৰ বাবে অনুপাত ৯০% (কেন্দ্ৰ) ঃ১০% (ৰাজ্য) আৰু সাধাৰণ/ বিশেষ শ্ৰেণীৰ অন্তৰ্ভুক্ত নোহোৱা ৰাজ্যসমূহৰ বাবে অনুপাত ৬০% (কেন্দ্ৰ)ঃ ৪০% (ৰাজ্য)।
এফএমবিএপিৰ নদী ব্যৱস্থাপনা আৰু সীমান্ত অঞ্চল (আৰএমবিএ) উপাদানৰ অধীনত ১১৬০ কোটি টকাৰ জলবিজ্ঞান পৰ্যবেক্ষণ আৰু বানৰ পূৰ্বানুমানকে ধৰি চুবুৰীয়া দেশৰ সৈতে উমৈহতীয়া সীমান্ত নদীত বান নিয়ন্ত্ৰণ আৰু খহনীয়া প্ৰতিৰোধী কাম-কাজ তথা উমৈহতীয়া সীমান্ত নদীসমূহত যৌথ জলসম্পদ প্ৰকল্পৰ (চুবুৰীয়া দেশৰ সৈতে) অনুসন্ধান, প্ৰাক-নিৰ্মাণ কাৰ্যকলাপ আদি ১০০% কেন্দ্ৰীয় সাহায্যৰ সৈতে গ্ৰহণ কৰা হ’ব।
যদিও বান ব্যৱস্থাপনাৰ প্ৰাথমিক দায়িত্ব ৰাজ্য চৰকাৰসমূহৰ ওপৰত ন্যস্ত থাকে, তথাপি কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে যে বান ব্যৱস্থাপনা, আধুনিক প্ৰযুক্তি আৰু উদ্ভাৱনী সামগ্ৰী/দৃষ্টিভংগীৰ প্ৰচাৰ আৰু গ্ৰহণত উদগনি যোগোৱাটো ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ পৰিপূৰক হোৱাটো বাঞ্ছনীয়। জলবায়ু পৰিৱৰ্তনৰ সম্ভাব্য প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত যোৱা কেইবছৰমানত শংকাজনক পৰিস্থিতি সৃষ্টি কৰিব পৰা বহু ঘটনা দেখিবলৈ পোৱা গৈছে আৰু যাৰ বাবে অনাগত দিনত বানৰ শংকা বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব পাৰে।