ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে স্বাস্থ্য সেৱাৰ সুযোগ বৃদ্ধি কৰাৰ দিশত এক প্ৰশংসনীয় পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীস্থিত জনতা ভৱনত “আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাৰ অধীনত এক নগদবিহীন চিকিৎসা সেৱাৰ সুবিধা আৰম্ভ কৰে।
এই নতুন পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে এতিয়াৰে পৰা আগতীয়াকৈ ব্যয় নকৰাকৈ চিকিৎসা সেৱা লাভ কৰিব পাৰিব।
এই নগদবিহীন সুবিধাৰ শুভাৰম্ভৰ লগে লগে হিতাধিকাৰীসকলে অসমৰ নিৰ্ধাৰিত তালিকাভুক্ত চিকিৎসালয়সমূহৰ লগতে দেশজুৰি খ্যাতনামা কৰ্প’ৰেট চিকিৎসালয়সমূহত চিকিৎসা সেৱা লাভ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে। মুখ্যমন্ত্ৰীয়ে এই উপলক্ষে স্বাস্থ্য কাৰ্ড বিতৰণ কৰে আৰু যোজনাটোৰ ডিজিটেল পত্ৰৰ উন্মোচন কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে ২০২৩ চনৰ ২ অক্টোবৰ তাৰিখে আৰম্ভ হোৱা এই আঁচনিখনে পূৰ্বৰ বিল পৰিশোধ (ৰিইমবাৰ্চমেণ্ট) প্ৰণালীৰ পলম আৰু অসুবিধাবোৰ দূৰ কৰাৰ লক্ষ্যৰে আগবাঢ়ি আহিছে। তেখেতে উল্লেখ কৰে, “এই পৰ্যন্ত ২.২৩ লাখ কৰ্মচাৰী আৰু ৬,১৭২গৰাকী পেঞ্চনাৰে এই আঁচনিত নাম সন্নিৱিষ্ট কৰিছে।”
উদ্বোধনৰ পাছত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে,“ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজিৰ দিনটো ঐতিহাসিক। আজি আমি মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা মুকলি কৰিছোঁ, যাৰ জৰিয়তে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে দেশৰ বিভিন্ন চিকিৎসা প্ৰতিষ্ঠানত নগদবিহীন চিকিৎসা সুবিধা লাভ কৰিব পাৰিব। এতিয়াৰে পৰা আগৰ পদ্ধতিৰ সলনি এই আধুনিক ব্যৱস্থা কার্যকৰী হ’ব।”
উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ত এই নগদবিহীন সেৱাত চৰকাৰী মেডিকেল কলেজ আৰু কিছু মুখ্য চিকিৎসালয়ক অন্তৰ্ভুক্ত কৰা হৈছে, যেনে : আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন, জিএনআৰচি, ডাউনটাউন, মেক্স হেল্থকেয়াৰ আৰু মেডাণ্টা। এইমছ গুৱাহাটী আৰু ফৰ্টিছ গ্ৰুপৰ দৰে আৰু অধিক চিকিৎসালয়ক অন্তৰ্ভুক্ত কৰাৰ বাবে আলোচনা চলি আছে।
যদিও নগদিবহীন ব্যৱস্থা ধীৰে ধীৰে প্ৰসাৰিত কৰা হ’ব, তথাপি যিসমূহ চিকিৎসালয় এতিয়ালৈকে এই ব্যৱস্থাৰ অন্তৰ্গত নহয়, সেইসমূহৰ ক্ষেত্ৰত ৰিইমবাৰ্চমেণ্টৰ বিকল্প আগৰ দৰে অব্যাহত থাকিব।









