যেতিয়া সংবাদ পত্ৰিকাখনৰ সম্পাদকে মোৰ পছন্দৰ এটা বা সানমিহলি বিষয়ৰ ওপৰত মোৰ চিন্তা ব্যক্ত কৰিবলৈ অনুৰোধ জনালে, মোৰ সন্মুখত এক বিশাল সাগৰ দেখিবলৈ পালোঁ। কেনেকৈ আৰু ক’ৰপৰা আৰম্ভ কৰোঁ? অসম বাৰ্তাৰ পঢ়ুৱৈসকললৈ মোৰ বাৰ্তা কি হোৱা উচিত ? প্ৰথমতে কিছু অপ্ৰস্তুত হোৱাৰ পাছত মই নিজকে সুস্থিৰ কৰিলোঁ আৰু তাৰ পাছত লাহেলাহে শব্দবোৰ মনৰপৰা ওলাবলৈ আৰম্ভ কৰিলে।
বিগত বছৰটো পৃথিৱীৰ বাবে সঁচাকৈয়ে অসহনীয় আছিল। ক’ভিডে বিশ্বৰ সকলোকে অত্যন্ত প্ৰভাৱিত কৰিছিল। মনটোক আশংকাই আৱৰি ৰাখিছিল; ভৱিষ্যৎ অন্ধকাৰ যেন লাগিছিল আৰু আমিও আশাহীন হৈ পৰিছিলোঁ। এনে এক নেতিবাচক পৰিস্থিতি উদ্ভৱ হৈছিল, যাক বিশেষকৈ খেলুৱৈসকলে এৰাই চলিবলৈ বিচাৰে। তথাপি, মহামাৰীৰ সময়ছোৱাত আৰু মহামাৰীৰ পৰৱৰ্তীকালত আমাৰ সকলোৰে জীৱন প্ৰায় একেই ধৰণে গতি কৰিছিল। তাৰ পাছতো, আমাৰ ক্ৰীড়াজগতে আৰু খেলুৱৈসকলে ক’ভিডৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ আৰু আনক অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছিল। মই অনুভৱ কৰোঁ যে তাৰ কাৰণটো হৈছে- আমি নিয়মীয়াকৈ উদ্বেগৰ সন্মুখীন হওঁ আৰু বেছিভাগ ক্ষেত্ৰতে তাক অতিক্ৰমো কৰোঁ। আমি জানো- পৰাজয়ক কিদৰে লোৱা উচিত। আমাৰ প্ৰত্যেকেই নিজ নিজ ক্ষেত্ৰত প্ৰত্যাহ্বানমূলক সময়ৰ সন্মুখীন হওঁ; কেতিয়াবা আমিও সেই সময়ৰ ওচৰত হাৰ মানিবলৈ বাধ্য হওঁ। কিন্তু তাৰ পাছতে জীৱনলৈ এনে কিছুমান মুহূৰ্ত আহে যাৰ বাবে আমি সদায় বাট চাই থাকোঁ।
ক্ৰীড়াক সদায় এক প্ৰশান্তিৰ মাধ্যম হিচাপে গণ্য কৰা হয়। বিশেষকৈ মহামাৰীৰ পিছৰ সময়ছোৱাত ক্ৰীড়াই মানুহৰ মনবোৰ সতেজ কৰি ৰাখিছিল। টকিঅ’ অলিম্পিক যেতিয়া প্ৰথমবাৰৰ বাবে পিছুৱাই দিয়া হৈছিল, সমগ্ৰ ক্ৰীড়া জগত নিৰাশ হৈ পৰিছিল। অৱশেষত এবছৰৰ পাছত যেতিয়া পুনৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হ’ল, সমস্ত নিৰাশাবাদৰ অন্ত পৰিল। এজন প্ৰকৃত খেলুৱৈৰ বিশেষত্ব হ’ল যে খেলুৱৈজনে তেওঁৰ অনুৰাগীসকলৰ তুলনাত অতীতক সহজে এৰাই চলিব পাৰে। সেই অতীত, এটা নিৰাশাজনক প্ৰদৰ্শন বা টকিঅ’ অলিম্পিকত মই ব্ৰঞ্জৰ পদক পোৱাৰ দৰে গৌৰৱৰ মুহূৰ্তটোও হ’ব পাৰে। মই জানো যে এবাৰ সফলতাৰ সোৱাদ পাই জিৰণি ল’লে ভৱিষ্যতে আৰু আগুৱাই যাব নোৱাৰিম। নিজৰ প্ৰতিটো সৰু-সুৰা ভুলৰ শুধৰণি মই কৰিবই লাগিব, আনকি প্ৰতিটো ছেকেণ্ডৰ ব্যৱধানত মোৰ প্ৰদর্শন উন্নত কৰি যাব লাগিব যিয়ে স্বৰ্ণ আৰু ৰূপৰ পদক নাইবা জয় আৰু পৰাজয়ৰ ব্যৱধান নিৰ্ধাৰণ কৰিব পাৰে।
পিছে আমিও সাধাৰণ মানুহহে। সফলতাক উদযাপন কৰোঁ আৰু পৰাজয়ত হতাশ হওঁ। নিজৰ দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছোঁ যদিও মোৰ পৰাজয়ৰ বাবে অসন্তুষ্ট হৈছিলোঁ। কিন্তু দেশবাসীৰ লগতে মোৰ প্ৰিয় অসমবাসীৰ মৰমৰ বাবেই ২০২১ চনৰ ৪ আগষ্টৰ দিনা স্বৰ্ণ পদক লাভ কৰিব নোৱৰা কথাটো সহজে পাহৰিবলৈ সক্ষম হ’লোঁ। আপোনালোকক নিশ্চিত কৰিবলৈ বিচাৰিছোঁ যে মই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ বাবে বিশেষকৈ ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া পেৰিছ অলিম্পিকত মোৰ দেশ আৰু ৰাজ্যখনৰ বাবে উন্নত প্ৰদৰ্শন কৰাৰ ওপৰত গুৰুত্ব দিছোঁ আৰু অনুশীলন অব্যাহত ৰাখিছোঁ।
অসমবাসীৰ হৈ অসম চৰকাৰে যিদৰে মৰম আৰু আশীৰ্বাদ দি মোক প্ৰতি খোজতে আগুৱাই যাবলৈ উৎসাহিত কৰিছে, তাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাজ্য চৰকাৰে মোক সকলোধৰণৰ সহযোগিতা আৰু সমৰ্থনৰ আশ্বাস দিছে। অসমৰ নতুন প্ৰজন্মই যাতে ক্ৰীড়াক গুৰুত্বসহকাৰে লৈ উজলি উঠিব পাৰে তাৰ বাবেও চৰকাৰে সিদ্ধান্ত লোৱাত আনন্দিত হৈছোঁ।
জয় হিন্দ ! জয় আই অসম !
* লেখিকাগৰাকী টকিঅ’ অলিম্পিক, ২০২০ত বক্সিঙৰ ব্ৰঞ্জৰ পদক প্ৰাপক।