অসম তথা ভাৰতৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ ভোগেশ্বৰ বৰুৱা, টালিমেৰণ আও, গিলবাৰ্টছন চাংমা আৰু অভিজিৎ ভট্টাচাৰ্যৰ অন্বেষণৰ এক যাত্ৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰে আয়োজন কৰিছে এক বৃহৎ ক্ৰীড়া অভিযান – অসম খেল মহাৰণ৷ ১ নৱেম্বৰ, ২০২৩ৰপৰা ১০ জানুৱাৰী, ২০২৩লৈকে অনুষ্ঠিত হ’বলগীয়া ক্ৰীড়াৰ এই মহাৰণে অসমৰ চুকে-কোণে ৫০ লাখ আকাশ চুবলৈ বিচৰা খেলুৱৈৰ জীৱনক স্পৰ্শ কৰিব৷
বিবিধতাৰে পূৰ্ণ প্ৰতিযোগিতাখনত অন্তৰ্ভুক্ত হ’ব ফুটবল, কাবাদী, ভলীবল আৰু খো খোৰ লগতে এথলেটিকছ (১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ দৌৰ)৷ প্ৰতিযোগীসকলক বয়সৰ ভিত্তিত চাৰিটা ভাগত ভগোৱা হ’ব – ১৯ বছৰ অনূৰ্ধ্ব (পুৰুষ), ১৯ বছৰ অনূৰ্ধ্ব (মহিলা), ১৯ বছৰ ঊৰ্ধ্ব (পুৰুষ), আৰু ১৯ বছৰ ঊৰ্ধ্ব (মহিলা)৷
ৰাজ্যখনৰ মহান খেলুৱৈসকলে সহমত প্ৰকাশ কৰে যে এই খেল মহাৰণে ভৱিষ্যতৰ মহান খেলুৱৈসকলক বাট দেখুৱাব৷
ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই কয় যে এই প্ৰচেষ্টা আমাৰ প্ৰতিভাসমূহৰ বাবে এক মঞ্চ হৈ পৰিব৷ এক আশ্চৰ্যজনক পৰিস্থিতিত এগৰাকী প্ৰশিক্ষকে ভট্টাচাৰ্যৰ প্ৰতিভাৰ আৱিষ্কাৰ কৰাৰ পাছত তেওঁ ১৯৯৫-২০০৫ চনত ভাৰতীয় দলক ১০০খনতকৈও অধিক খেলত প্ৰতিনিধিত্ব কৰিছিল ৷ তেওঁ কয়, “এই প্ৰচেষ্টাই ক্ৰীড়াৰ প্ৰতি যুৱপ্ৰজন্মৰ মাজত উৎসাহ সৃষ্টি কৰাৰ লগতে এই পাঁচোটা শাখাত ক্ৰীড়া প্ৰতিভাসমূহ চিনাক্ত কৰাতো সহায় কৰিব৷”
“খেল মহাৰণৰ সামৰণি হোৱাৰ পাছত ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে এই প্ৰতিভাসমূহৰ উন্নত প্ৰশিক্ষণৰ বাবে ‘প্ৰাৰম্ভিক প্ৰশিক্ষণ কেন্দ্ৰ’ স্থাপন কৰিব লাগে আৰু নিৰ্বাচিতসকলক অধিক উন্নত প্ৰশিক্ষণৰ বাবে ‘উৎকৰ্ষ কেন্দ্ৰ’লৈ পঠিয়াব পাৰে,” অভিজিতে অসম বাৰ্তাক কয়৷
প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব, চাৰিটা পৰ্যায়ত – গাঁও পঞ্চায়ত/ নগৰ স্থানীয় সংস্থা (ইউএলবি)/ ৱাৰ্ড পৰ্যায়, গাঁও পৰিষদ উন্নয়ন সমিতি/ বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চল, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ এমএচি পৰ্যায়; বিধান সভা সমষ্টি পৰ্যায়; জিলা পৰ্যায়; আৰু সামৰণি পৰিব বিশাল ৰাজ্যিক পৰ্যায়ৰ আয়োজনেৰে৷
ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ পাঁচৰপৰা ছটা স্থানত অনুষ্ঠিত হ’ব৷
অসম খো খো সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ কলিতাই বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চলৰ তামুলপুৰত অনুষ্ঠিত এছিয়াৰ দহখন দেশে অংশগ্ৰহণ কৰা চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপ, ২০২৩ৰ শেহতীয়া অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি পদক্ষেপৰ প্ৰশংসা কৰে৷ তেওঁ কয়, “এছিয়ান চেম্পিয়নশ্বিপে বিটিআৰৰ যুৱক-যুৱতীসকলৰ মাজত এই খেলক লৈ যথেষ্ট উৎসাহৰ সৃষ্টি কৰিছিল৷ বিটিআৰৰ এখন গাঁৱৰপৰা অহা আমাৰ এগৰাকী তাৰকা খো খো খেলুৱৈ ৰঞ্জনা শৰণীয়াই বৰ্তমান ভাৰতীয় ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰি আছে৷ আমাৰ গাঁও অঞ্চলত শতাধিক প্ৰতিভা আছে৷ তেওঁলোকক চিনাক্ত কৰাটো আমাৰ দায়িত্ব৷”
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৬ অক্টোবৰত খেল মহাৰণৰ ল’গ’/ শুভংকৰ, অডিঅ’ ভিজুৱেল থীম ছং, থীম ভিডিঅ’, ৰেডিঅ’ জিংগল, ৱেবছাইট আৰু মোবাইল এপৰ উন্মোচন কৰি কয় যে ‘জন ভাগিদাৰী’ৰ চাৰিটা একে ধৰণৰ কাৰ্যসূচীৰ অন্যতম এই খেল মহাৰণ৷ আন তিনিটা কাৰ্যসূচী হৈছে ইতিমধ্যে সামৰণি পৰা গছপুলি ৰোপণৰ বৃহৎ অভিযান ‘অমৃত বৃক্ষ আন্দোলন’, বৰ্তমান হৈ থকা ‘অমৃত কলহ যাত্ৰা’ আৰু সাংস্কৃতিক ক্ষেত্ৰৰ মহা আয়োজন ‘অসম সাংস্কৃতিক মহাসংগ্ৰাম’৷
ড॰ শৰ্মাই কয় যে খেল মহাৰণে ৰাজ্যখনতে ক্ৰীড়াৰ উৎকৰ্ষ সাধন কৰিব আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰ সমৰ্পিত৷ এই প্ৰচেষ্টাই প্ৰায় ১,২০০গৰাকী ক্ৰীড়া প্ৰতিভাক পৰৱৰ্তী পৰ্যায়লৈ আগবঢ়াই নিব পৰাকৈ চিনাক্ত কৰিব পৰা যাব বুলি উল্লেখ কৰি তেওঁ কয় “এই প্ৰচেষ্টাই উদীয়মান খেলুৱৈসকলৰ প্ৰতিভাক চিনাক্ত কৰি ৰাজ্যখনৰ ক্ৰীড়াক্ষেত্ৰখনক অনন্য মাত্ৰা প্ৰদান কৰিব৷”
জনপ্ৰিয় ফুটবল খেলুৱৈ কোকৰাঝাৰ জিলাৰ দুৰ্গা বড়োৱে খেল মহাৰণৰ দৰে তৃণমূল পৰ্যায়ত আয়োজন কৰা প্ৰতিযোগিতাৰ শলাগ লয়৷ তেওঁ কয়, “প্ৰতিভা চিনাক্ত কৰিবলৈ হ’লে তৃণমূল পৰ্যায়ত সন্ধান কৰিব লাগিব৷” তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্যখনত ক্ৰীড়াৰ ইতিবাচক পৰিৱেশ সৃষ্টি কৰাৰ দিশত পৰিকল্পনা গ্ৰহণ কৰা উচিত৷