২০১৭ৰ অক্টোবৰত অসমত আৰম্ভ হৈছিল বিশ্ব বেংকৰ সহযোগত অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প, চমুকৈ এপাৰ্টৰ৷ এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনত কৃষি উন্নয়নৰ গতি দ্ৰুত হৈ পৰিছে৷
এই প্ৰকল্প ৰূপায়ণৰ দায়িত্বত আছিল অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমিতি [আৰিয়াছ]৷ এই প্ৰকল্পৰ নিৰ্ধাৰিত সময় এই বছৰৰ ছেপ্টেম্বৰত অন্ত পৰিছে যদিও চলিত কাৰ্যকলাপসমূহক কাৰ্যকৰীকৰণৰ বাবে এবছৰৰ খৰচবিহীন সম্প্ৰসাৰণ লাভ কৰিছে৷
আৰিয়াছ সমিতিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক বীৰেন্দ্ৰ মিট্টালে এই প্ৰতিৱেদকক কয় যে, “বিগত সাতটা বছৰত এপাৰ্টে নিৰ্বাচিত কৃষি মূল্য শৃংখলাৰ মান আৰু স্থিতিস্থাপকতা বিকশিত কৰি ক্ষুদ্ৰ কৃষক আৰু কৃষি-উদ্যমীসকলক সহযোগ আগবঢ়ালে৷ এপাৰ্টৰ অভিনৱ কাৰ্যপ্ৰণালীয়ে ৰাজ্যখনৰ কৃষি খণ্ডক এক নতুন দিশ প্ৰদান কৰিবলৈ সক্ষম হৈছে৷”
এই প্ৰকল্পটোৰ কাৰ্যকলাপসমূহ অসম চৰকাৰৰ কৃষি বিভাগক মূল হিচাপে লৈ আঠটা বিভাগৰ দ্বাৰা কাৰ্যকৰীকৰণ কৰা হৈছিল৷
বীৰেন্দ্ৰ মিট্টালে উল্লেখ কৰে যে এপাৰ্ট প্ৰকল্পই কৃষি উৎপাদনশীলতা বৃদ্ধিৰ লগতে ৰাজ্যখনত গ্ৰামাঞ্চলৰ উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ “প্ৰকল্পটোৰ জৰিয়তে কৃষিৰ উপাৰ্জন বৃদ্ধি আৰু বহনক্ষম কৃষি পদ্ধতিক উৎসাহিত কৰি বজাৰৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা হৈছিল৷ ৰাজ্যখনৰ কৃষি আৰু গ্ৰাম্য দৃশ্যপটক এই প্ৰকল্পটোৱে এক কাৰ্যক্ষম আৰু নতুন ৰূপ প্ৰদান কৰিছে,” তেওঁ কয়৷
প্ৰকল্পটোৱে ক্লাষ্টাৰ আৰু মূল্য শৃংখলা পদ্ধতিৰে কাৰ্যপৰিকল্পনা কৰিছিল৷ প্ৰকল্প জিলাসমূহত অগ্ৰাধিকাৰমূলক মূল্য শৃংখলাৰ অধীনত জলবায়ু স্থিতিস্থাপক উৎপাদন ক্লাষ্টাৰসমূহৰ সামূহিকউন্নয়নৰ দিশত সহায় কৰি আহিছে৷ একৰ পৰিমাণৰ ভূমি [শস্যভূমিৰ ক্ষেত্ৰত], পশুৰ সংখ্যা [গাহৰি আৰু দুগ্ধজাত মূল্য শৃংখলা], জলভূমিৰ এলেকা [মীন পালন] আদিৰ নিৰ্দিষ্ট চৰ্তৰ আধাৰত প্ৰকল্পৰ সামগ্ৰীৰ বাবে জলবায়ু-স্থিতিস্থাপক উৎপাদন ক্লাষ্টাৰসমূহ চিনাক্ত কৰা হৈছিল৷
ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে হোৱা চুক্তিৰ লগতে এপাৰ্টে দুটাকৈ মুখ্য আন্তঃৰাষ্ট্ৰীয় কৃষি আৰু আনুষংগিক খণ্ডৰ গৱেষণা সংস্থা, মানিলাস্থিত আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান আৰু কেনিয়াস্থিত আন্তঃৰাষ্ট্ৰীয় পশুধন গৱেষণা প্ৰতিষ্ঠানৰ সৈতে সহযোগিতামূলক বুজাবুজিৰে কাম কৰিছে ৷
“এই দুয়োটা প্ৰতিষ্ঠানে ৰাজ্যখনত নিজ নিজ ক্ষেত্ৰৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে,” মিট্টালে কয়৷ তেওঁ লগতে কয় যে ৰাজ্যৰ বানপ্ৰৱণ অঞ্চলসমূহত প্ৰায় পাঁচ লাখ হেক্টৰ ভূমিত আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানে প্ৰকল্পটোৰ অধীনত এক চাপ-সহনশীল ধানৰ প্ৰকাৰ ব্যৱহাৰ কৰিছিল৷ তেওঁ কয়, “আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানে কেফেটেৰিয়া পদ্ধতিৰে স্থানীয় কৃষকসকলক নতুন ধানৰ প্ৰকাৰৰ সৈতে পৰিচয় কৰাই আৰু ফলত উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷”
এপাৰ্টৰ আলু বীজ গাঁও কাৰ্যসূচীৰ অধীনত আলু চিপছ উদ্যোগত উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিৰ দিশত কাম কৰা হয়৷ মিট্টালে কয়, “স্থানীয়ভাৱে উৎপাদিত আলুৰ পৰা চিপছ প্ৰস্তুত কৰি প্ৰকল্পটোৱে কিছু সফলতা লাভ কৰিছে৷ এই বিশেষ প্ৰকাৰৰ আলু ৰাজ্যখনত উৎপাদিত পৰম্পৰাগত আলুতকৈ পৃথক৷”
তেওঁ এই প্ৰতিৱেদকক জনায় যে প্ৰকল্পটোৰ অধীনত কৃষি উদ্যোগ ক্লাষ্টাৰসমূহক সহযোগিতা আগবঢ়াবলৈ ৩,০০০ কোটি টকাৰ অধিক বিনিয়োগ কৰা হৈছে৷ প্ৰকল্প জিলাসমূহত প্ৰতিযোগিতামূলক বজাৰত মান, ৰাজহ আৰু নিযুক্তি বৃদ্ধি কৰা কৃষি উদ্যোগৰ ভৌগোলিক ঘনত্বৰ এক নিৰ্দিষ্ট ক্ষেত্ৰক কৃষি উদ্যোগ ক্লাষ্টাৰ বুলি কোৱা হয়৷ এই প্ৰকল্পটোৰ জৰিয়তে ৯৫২গৰাকী মহিলা [৪০%] সহ মুঠ ২,৩৩৬গৰাকী উদ্যমীক উদ্যমিতা বিকাশৰ বাবে সহযোগ প্ৰদান কৰা হয়৷
আন্তঃগাঁথনি উন্নয়নৰ অধীনত এপাৰ্ট প্ৰকল্পৰ সফলতাৰ তালিকাত আছে – গ্ৰাম্য কৃষি বজাৰ শক্তিশালীকৰণ, গুদামৰ উন্নীতকৰণ আৰু গ্ৰাম্য পথৰ বিকাশ৷ আধুনিক বজাৰ ব্যৱস্থা আৰু উদ্ভাৱনী মূলক কৃষি পদ্ধতিৰ ৰূপায়ণৰ আদি ব্যৱস্থাৰে কৃষকৰ উপাৰ্জন বৃদ্ধি আৰু কৃষিমূল্য শৃংখলাক সক্ৰিয় কৰি অসমৰ কৃষিজাত সামগ্ৰী দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশত উপলভ্য কৰাও এই তালিকাৰ অন্তৰ্ভুক্ত হৈ আছে৷
এপাৰ্টে অৰ্থনৈতিক ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ লগতে অসমৰ গ্ৰাম্য সম্প্ৰদায়সমূহৰ সামাজিক আৰু পাৰিপািৰ্শ্বিক কল্যাণ সাধন কৰিবলৈও সক্ষম হৈছে৷ প্ৰকল্প সঞ্চালকগৰাকীয়ে কয়, “অধিক স্থিতিস্থাপক কৃষি খণ্ড গঢ়ি গ্ৰাম্য জীৱিকা শক্তিশালী কৰাৰ লগতে প্ৰকল্পটোৱে অসমত বহনক্ষম উন্নয়নৰ আধাৰশিলা স্থাপন কৰিবলৈ সক্ষম হৈছে৷”