কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষী সম্পৰ্কে এক গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰে। তেওঁ উল্লেখ কৰে যে দেশৰ আন ৰাজ্যিক আৰক্ষী বাহিনীতকৈ অসম আৰক্ষীয়ে সৰ্বোচ্চ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। পাঁচটাকৈ নৱগঠিত বেটেলিয়নত যোগদান কৰিবলগীয়া ২,৫৫১জন কমাণ্ডোৰ পাছিং আউট পেৰেড (পিঅ’পি)ক সম্বোধন কৰি শ্বাহে কয়, “বিভাজনৰ সময়ৰ সাম্প্ৰদায়িক সংঘাত, শৰণাৰ্থীৰ সমস্যা, সাত দশক ধৰি চলি থকা অনুপ্ৰৱেশৰ সমস্যা, ১৯৭১ চনত বাংলাদেশৰ মুক্তি যুদ্ধ, বিভিন্ন বিদ্ৰোহী গোটৰ হিংসা আৰু ড্ৰাগছৰ চোৰাং ব্যৱসায় আদি কঠিন প্ৰত্যাহ্বানৰ বিৰুদ্ধে অসম আৰক্ষীয়ে সাহসিকতাৰে মুখামুখি হৈ যুঁজ দি আহিছে।” .
গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সৰ্বোচ্চ বলিদান দিয়া অসম আৰক্ষীৰ প্ৰায় ৯০০গৰাকী আৰক্ষীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠানত উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি অমিত শ্বাহে কয় যে এই নৱ নিযুক্ত কমাণ্ডোসকলে অসমৰ আইন-শৃংখলা আৰু নিৰাপত্তা ব্যৱস্থাক শক্তিশালী কৰাৰ দিশত অৰিহণা যোগাব। এই পাঁচটা নতুন কমাণ্ডো বেটেলিয়নক সেনাৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি তেখেতে বিশ্বাস ব্যক্ত কৰে যে অসমে সন্মুখীন হোৱা প্ৰতিটো প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজ দিবলৈ এই জোৱানসকল সংকল্পবদ্ধ।
“অসমে পূৰ্বৰ চৰকাৰসমূহৰ শাসন কালত এক দীঘলীয়া অস্থিৰ সময় পাৰ কৰিবলগীয়া হৈছিল। ইয়াৰ বিপৰীতে আজি অসমে উন্নয়ন আৰু শান্তিৰ এক নতুন যুগৰ সাক্ষী হৈছে। যোৱা পাঁচ বছৰত অসমত আইন-শৃংখলা পৰিস্থিতিৰ ব্যাপক পৰিৱৰ্তন পৰিলক্ষিত হৈছে। প্ৰায় প্ৰতিটো সশস্ত্ৰ গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হৈছে, বিদ্ৰোহ পৰিত্যাগ কৰি যুৱপ্ৰজন্ম মূলসুঁতিত যোগদান কৰিছে আৰু সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ পৰিসৰো যথেষ্ট হ্ৰাস পাইছে। সীমান্তৰ জিলাসমূহত কঠোৰ সতৰ্কতা অৱলম্বন কৰা হৈছে। কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ মাজত এক উত্তম সমন্বয় স্থাপন হৈছে। চোৰাং ব্যৱসায় প্ৰতিৰোধ কৰিবলৈ সীমান্তত এক অভেদ্য দেৱাল নিৰ্মাণৰ কাম আৰম্ভ হৈছে।”
তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত এই অঞ্চলটো ড্ৰাগছমুক্ত হৈ আহিছে। “২০২১ চনৰ মে’ মাহৰ পৰা এতিয়ালৈকে অসম আৰক্ষীয়ে ১৩,৫০০ৰো অধিক চোৰাং ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে এনডিপিএছ আইনৰ অধীনত ৮,১০০ৰো অধিক গোচৰ ৰুজু কৰিছে আৰু বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুষ্ঠানটিত উপস্থিত থকাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
ৰাজ্য চৰকাৰে বিদ্ৰোহ সম্পৰ্কীয় ঘটনা, আইন-শৃংখলা পৰিস্থিতিৰ সৈতে অধিক দক্ষতাৰে মোকাবিলা কৰিবলৈ ৰাজ্যিক আৰক্ষী বাহিনীক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে পাঁচটা নতুন কমাণ্ডো বেটেলিয়ন গঠন কৰাৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই কমাণ্ডোসকলৰ সংযোজনেৰে সমসাময়িক প্ৰত্যাহ্বানৰ সৈতে দক্ষতাৰে মোকাবিলা কৰিবলৈ সম্পূৰ্ণভাৱে সক্ষম কৰি তোলাৰ লগতে অসম আৰক্ষীৰ শক্তি বৃদ্ধি কৰিব। তেওঁ কয়, “এই কমাণ্ডো বেটেলিয়নসমূহৰ জোৱানসকলে চুবুৰীয়া দেশসমূহৰ সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰাপত্তাৰ দ্বিতীয় শাৰী হিচাপেও কাম কৰিব।”
তেওঁ কয় যে এই কমাণ্ডোসকলৰ নিযুক্তি এক নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে সম্পাদন কৰা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “স্মাৰ্ট পুলিচ বাহিনী” সৃষ্টিৰ আহ্বান জনোৱাৰ বিষয়ে উল্লেখ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ সমীপত স্থাপন হ’বলগীয়া ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়, ফৰেনছিক তথ্য সংগ্ৰহৰ ক্ষেত্ৰত ৰাজ্যিক আৰক্ষী বিষয়াসকলৰ প্ৰশিক্ষণ আদি ব্যৱস্থাৰ বিষয়েও উল্লেখ কৰে।