সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি জনাই ভাৰত ৰত্ন আৰু পদ্ম বঁটাৰ ধৰণেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে ২০২২ চনত আৰম্ভ কৰে অসম ৰাজ্যিক অসামৰিক বঁটা। বিগত বছৰসমূহত কেইবাগৰাকী গণ্য-মান্য ব্যক্তিলৈ এই বঁটা আগবঢ়োৱা হৈছিল। ২০২৫ বৰ্ষত মুঠ ২০গৰাকী বিশিষ্ট ব্যক্তিয়ে এই বঁটা লাভ কৰে।
এই বৰ্ষত অসম বৈভৱ বঁটা লাভ কৰে লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰাণাপ্ৰতাপ কলিতাই। “অসম বার্তা”ৰ সৈতে হোৱা সাক্ষাৎকালত তেখেতে কয়, “অসম বৈভৱ লাভ কৰি মই কৃতজ্ঞবোধ কৰিছোঁ। এই স্বীকৃতি কেৱল ব্যক্তিগত কৃতিত্ব নহয়, এয়া হৈছে সশস্ত্ৰ বাহিনীয়ে সৃষ্টি কৰা মনোবল, অধ্যৱসায় আৰু উৎসৰ্গাৰ এক প্ৰতিচ্ছবি, য’ত মই প্ৰায় ৪০ বছৰ সেৱা আগবঢ়াইছিলোঁ।”

তেখেতে লগতে কয়, “এই বঁটা মোৰ পৰিয়াল, পথপ্ৰদৰ্শক, সহকৰ্মী আৰু শুভাকাংক্ষীৰ সঁহাৰি, সহায়-সহযোগিতাৰ ফলত লাভ কৰা এক উপহাৰ। মই এই বঁটা উৎসাহৰ সৈতে গ্ৰহণ কৰিছোঁ আৰু এই উৎসাহেৰে ৰাজ্যৰ বাবে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”
অসম সৌৰভ বঁটা লাভ কৰা ড° পূৰবী শইকীয়াই কয়, “অসমৰ দ্বিতীয়টো শ্ৰেষ্ঠ অসামৰিক বঁটা লাভ কৰাটো একেবাৰে কল্পনাৰো অগোচৰ আছিল। মই অত্যন্ত আনন্দিত আৰু কৃতজ্ঞ।”

বিজ্ঞানৰ ক্ষেত্ৰখনত কাম কৰা ড° শইকীয়াই কয়, “মোৰ কামখিনিৰ বিষয়ে সকলো অৱগত নহয়। এতিয়া অসমৰ প্ৰতিটো প্ৰান্তলৈ এই স্বীকৃতিৰ জৰিয়তে মোৰ কামখিনিৰ বিষয়ে অৱগত হোৱাটো সম্ভৱ হ’ল।” ড° শইকীয়াই উদ্ভিদ বিজ্ঞানৰ ক্ষেত্ৰখনত নিজৰ কাম কৰি আহিছে। ২০২৪ বৰ্ষৰ শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা ড° পূৰবী শইকীয়াই এই অসম চৰকাৰৰ অসম সৌৰভ বঁটা লাভ কৰি যথেষ্ট আনন্দ প্ৰকাশ কৰে।
অসম গৌৰৱ বঁটা লাভ কৰা ফুলেশ্বৰী দত্তই ১৯৯৯ চনৰপৰা কৰি অহা পৰিৱেশ সংৰক্ষণৰ কামৰ স্বীকৃতি লাভ কৰি আনন্দ অনুভৱ কৰে। তেখেতে কয়, “মানুহে প্ৰকৃতিৰ অবিহনে জীয়াই থাকিব নোৱাৰে। আমাৰ ঘৰ নিৰ্মাণৰ সময়ত পিছফালৰ কিছু গছ কাটি পেলোৱা হৈছিল আৰু ঠিক সেই সময়তেই মই দেখিলোঁ যে গছত কেইবাটাও শগুণে বাহ পাতিছে। তেতিয়াৰপৰা মই ঘৰটো সম্প্ৰসাৰণ নকৰাৰ সিদ্ধান্ত ল’লোঁ।”

ফুলেশ্বৰী দত্ত আৰু তেখেতৰ পুত্ৰই অঞ্চলটো সংৰক্ষণ কৰে। বৰ্তমান সময়ত সেই গছত ৬০-৭০টা শগুণে বাস কৰে। তেখেতে কয়, “তেওঁলোক আমাৰ পৰিয়ালৰ অংশ হৈ পৰিছে।”
আনহাতে, শ্ৰীভূমি নিৱাসী নজৰুল হক হৈছে বৰাক উপত্যকাৰ পৰা অসম অসামৰিক বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি।
তেখেতে কয়, “এই তালিকাত মই নামটো দেখা পাই আৱেগিক হৈছোঁ। মোৰ সৰুৰে পৰাই কাম কৰাৰ ইচ্ছা আছিল আৰু ২০০০ চনত ১ বিঘা ভূমিত মৎস্য উৎপাদন কৰিবলৈ আৰম্ভ কৰোঁ।”
সময়ৰ লগে লগে মৎস্য উৎপাদন বৃদ্ধি পাই আহে। আজিৰ দিনত ৪০টা পুখুৰীৰ বাবে ১৫০গৰাকীতকৈ অধিক বদৰপুৰৰ যুৱকক কামৰ সুযোগ দিয়া হৈছে।
এই বঁটাসমূহ লাভ কৰাসকলে অসম ভৱন আৰু আৱৰ্ত ভৱনত ১৫ দিনলৈ বিনামূলীয়াকৈ থকাৰ সুবিধা প্ৰাপ্তি কৰে।











