অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, অসম কেবিনেটৰ মন্ত্ৰীসকল আৰু জ্যেষ্ঠ বিষয়াসকলে যোৱা ১৯ মাৰ্চত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰাজধানীত নিৰ্মাণ কৰা তিনিটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় স্মৃতিচিহ্ন পৰিদৰ্শন কৰে৷
পুৱাই তেওঁলোকে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰি দেশৰ একতা আৰু অখণ্ডতা ৰক্ষাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷
ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে অমৰ জোৱান জ্যোতিৰ যুদ্ধস্তম্ভত পুষ্পস্তৱক অৰ্পণ কৰে৷
পৰৱৰ্তী সময়ত, তেওঁলোকে যুদ্ধ স্মাৰকৰ চৌহদৰ ভিতৰত প্ৰদক্ষিণ কৰে আৰু বীৰত্বৰ দেৱাল (Wall of Valour)ত নাম খোদিত কৰা শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
দেশৰ অখণ্ডতাক সুৰক্ষিত কৰাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ সাহসিকতাক সুঁৱৰি মুখ্যমন্ত্ৰীয়ে কয় যে যুদ্ধ স্মাৰকটিয়ে বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মক মাতৃভূমিৰ কল্যাণৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ অনুপ্ৰাণিত আৰু উৎসাহিত কৰি থাকিব৷
মুখ্যমন্ত্ৰীয়ে তেওঁৰ টুইটত উল্লেখ কৰে, “যুদ্ধ স্মাৰক হৈছে আমাৰ মহান বীৰযোদ্ধাসকলৰ বীৰত্বৰ প্ৰতি যথোচিত শ্ৰদ্ধাঞ্জলি৷ দেশবাসীক গৌৰৱান্বিত কৰা তেখেতসকলৰ সৰ্বোচ্চ ত্যাগ আৰু নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে চিৰদিনৰ বাবে আমি ঋণী হৈ থাকিম৷”
ৰাজ্যপাল কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী ড॰ শৰ্মাই দৰ্শনাৰ্থীৰ টোকাবহীত তেওঁলোকৰ মন্তব্য লিপিবদ্ধ কৰে৷
ইয়াৰ পাছতে ৰাজ্যপালৰ নেতৃত্বাধীন প্ৰতিনিধি দলটোৱে চাণক্যপুৰীত ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক ভ্ৰমণ কৰে য’ত তেওঁলোকে ৰাষ্ট্ৰৰ অভ্যন্তৰীণ অখণ্ডতা অটুট ৰখাৰ বাবে সৰ্বোচ্চ বলিদান দিয়া আৰক্ষীসকলৰ প্ৰতি পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা নিবেদন কৰে৷ তাৰপাছত তেওঁলোকে ৰাষ্ট্ৰীয় আৰক্ষী সংগ্ৰহালয়ৰ বিভিন্ন শাখা পৰিদৰ্শন কৰে৷
“নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকটো বীৰ আৰক্ষী জোৱানসকলৰ প্ৰতি উৎসৰ্গিত এক মহৎ পদক্ষেপ৷ তেওঁলোকৰ বীৰত্ব আৰু ত্যাগৰ প্ৰতি আমি চিৰকৃতজ্ঞ হৈ থাকিম,” টুইটাৰ হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে৷
অসমৰ প্ৰতিনিধি দলটোৱে তাৰপাছত প্ৰধানমন্ত্ৰী সংগ্ৰহালয় পৰিদৰ্শন কৰে আৰু প্ৰায় দুঘণ্টাজুৰি এই পৰ্যন্ত দেশৰ সকলো প্ৰধানমন্ত্ৰীৰ জীৱন আৰু কৰ্ম আধাৰিত বিৰল প্ৰদৰ্শনী উপভোগ কৰে৷
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয়, “ভাৰতক সফলতাৰ শীৰ্ষত আৰোহণ কৰাবৰ বাবে সৰ্বতোপ্ৰকাৰে প্ৰয়াস কৰা আমাৰ দেশৰ সন্মানীয় প্ৰতিগৰাকী প্ৰধানমন্ত্ৰীৰ ওচৰত আমি সকলো ঋণী৷ দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাৰ বাবে অক্লান্তভাৱে কাম কৰা প্ৰতিগৰাকী মহান নেতাৰ জীৱন আৰু কৰ্মৰাজিক আমি সদায় মনত ৰখা উচিত৷”
ৰাষ্ট্ৰীয় স্মাৰকস্থলীসমূহ ভ্ৰমণৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইটযোগে অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ ‘মহৎ অঙ্গীকাৰ’ৰ প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে কয়, “অসমৰ ৰাজ্যপাল @Gulab_kataria ডাঙৰীয়া, মুখ্যমন্ত্ৰী @himantabiswa ডাঙৰীয়া আৰু অসম চৰকাৰৰ মন্ত্ৰীসকলে দিল্লীৰ তিনিখন প্ৰমুখ স্থলী- ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক আৰু প্ৰধানমন্ত্ৰী সংগ্ৰহালয় ভ্ৰমণ কৰাটো এক উল্লেখযোগ্য পদক্ষেপ৷”
প্ৰধানমন্ত্ৰীৰ টুইটৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি টুইটাৰত কয়, “মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, এই গুৰুত্বপূৰ্ণ স্থানসমূহ ভাৰতৰ বীৰ আৰু বীৰাঙ্গনাসকলৰ অপৰিসীম ত্যাগৰ বিষয়ে জানিবলৈ, হৃদয়ঙ্গম কৰিবলৈ আৰু অভিজ্ঞতা বুটলিব পৰাকৈ পৱিত্ৰস্থলী৷ প্ৰতিজন ভাৰতীয়ই এই স্থানসমূহ দৰ্শন কৰা উচিত৷ আপোনাৰ সবল নেতৃত্বত এই স্মাৰকসমূহে নতুন ৰূপত প্ৰাণ পাই উঠিছে৷”
উল্লেখ্য যে চলিত বৰ্ষৰ ২৩ জানুৱাৰীত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাষ্ট্ৰীয় ৰাজধানীত স্থিত এই গুৰুত্বপূৰ্ণ স্থলীসমূহ পৰিভ্ৰমণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷