যোৱা ৯ ডিচেম্বৰত গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত উন্মোচন কৰা হয় চাৰিখনকৈ গ্ৰন্থ। অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই উন্মোচন কৰে ‘মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন – ২য় খণ্ড’, ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী – ২’ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰবন্ধ সংকলন ‘অন্য এক দৃষ্টিকোণ’ৰ ওড়িয়া অনুবাদ অজিত প্ৰসাদ ৰাওটৰ ‘অন্য একা দৃষ্টিকোণা’ আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিব ধ্ৰুৱ মহন্তৰ ‘কিমান সুৰক্ষিত জাতিৰ ভৱিষ্যৎ’।
উল্লেখ্য যে অসম চৰকাৰৰ জনসংযোগ বিভাগে প্ৰকাশ কৰা মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলনৰ ২য় খণ্ডটিত সন্নিৱিষ্ট কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ শেহতীয়া ৬৫টা নিৰ্বাচিত বক্তৃতা। আনহাতে ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী’ত সন্নিৱিষ্ট হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰতিদিনৰ কালপঞ্জী।
গ্ৰন্থকেইখন উন্মোচন কৰি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কয়, “মোৰ চল্লিছ বছৰীয়া ৰাজনৈতিক কাৰ্যকালত প্ৰথমবাৰৰ বাবে কোনো মুখ্যমন্ত্ৰীৰ ডায়েৰীৰ দৰে গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰাৰ সৌভাগ্য হৈছে।” এন ধৰণৰ পৰম্পৰা প্ৰতিষ্ঠা কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক অভিনন্দন জনাই তেওঁ কয়, “জনপ্ৰতিনিধিসকলে ভাষণ প্ৰদান কৰাৰ পাছত উক্ত বক্তব্যক কাৰ্যত ৰূপায়িত কৰিলে নে নাই সেয়া গুৰুত্বপূৰ্ণ। এনে ধৰণৰ তুলনামূলক চিন্তাৰ জৰিয়তে এই ভাষণসমূহত প্ৰদান কৰা বক্তব্যসমূহৰ সৈতে ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিছোঁ তাক গুৰুত্ব দিয়াৰ প্ৰয়োজন।” অসমৰ বিশ্ববিদ্যালয়সমূহক যিদৰে আৰ্থিকভাৱে চৰকাৰখনে সহযোগিতা আগবঢ়াইছে তাৰ প্ৰশংসা কৰি ৰাজ্যপালগৰাকীয়ে কয়, “ছয়খন নতুন বিশ্ববিদ্যালয় স্থাপন হোৱাৰ দিশে আগবাঢ়ি অসমে শিক্ষাৰ ভেটিক সুদৃঢ় কৰি তুলিছে।”
শিক্ষাৰ ক্ষেত্ৰত অসমৰ ল’ৰা আৰু ছোৱালীৰ অনুপাতক লৈ ৰাজ্যখনে গৌৰৱ কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ কয়, “মুখ্যমন্ত্ৰী হিচাপে আপুনি আদৰ্শ বিদ্যালয় স্থাপন আদিৰ দৰে পদক্ষেপ গ্ৰহণ কৰি যিদৰে শিশুসকলক শিক্ষা গ্ৰহণৰ সৈতে জড়িত কৰিছে তাক লৈ মই আনন্দিত।” তেখেতে পৰিৱেশৰ বাবে কাৰ্যতঃ অমৃত বৃক্ষ আন্দোলনৰ দৰে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশংসা কৰে। তেওঁ শান্তি স্থাপনৰ লগতে অসমৰ ইতিহাস আৰু কলা-কৃষ্টিৰ সংৰক্ষণ তথা প্ৰসাৰৰ দিশত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰো শলাগ লয়।
অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিহেতু মুখ্যমন্ত্ৰীৰ বক্তব্য চৰকাৰৰ বক্তব্য সেয়ে এনে বক্তৃতাৰ প্ৰতিটো শব্দতে চৰকাৰখনৰ নীতি, পৰিচালনা বা মত প্ৰকাশ পায়। ই ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ। তেওঁ কয়, “বিশেষকৈ নতুন আঁচনিৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা বক্তৃতাত আঁচনিখনৰ অন্তৰ্দৃষ্টি প্ৰকাশ পায় আৰু এনে বক্তব্য পৰৱৰ্তী সময়ৰ বাবে বিশেষ হৈ পৰে। এনে ধৰণৰ গ্ৰন্থ প্ৰকাশ কৰাৰ পদক্ষেপ চৰকাৰে ভৱিষ্যতলৈও গ্ৰহণ কৰি যাব পাৰে।”
তেওঁ কয়, “মুখ্যমন্ত্ৰীৰ ডায়েৰী আমাৰ এক ব্যক্তিগত প্ৰচেষ্টা। অৱশ্যে এই প্ৰক্ৰিয়াও ভৱিষ্যতৰ বাবে জৰুৰী বুলি ভাবোঁ।” লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, বিমলাপ্ৰসাদ চলিহাৰ বিষয়ে উল্লেখ কৰি তেখেতে কয় যে সেই সময়ত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহ বা তেওঁলোকৰ প্ৰতিটো দিন আমাৰ ইতিহাসৰ বাবে গুৰুত্বপূৰ্ণ। কেতিয়াবা পৰৱৰ্তী সময়ৰ ভুল বাখ্যাই ইতিহাসত প্ৰভাৱ পেলোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, “মুখ্যমন্ত্ৰীৰ ডায়েৰীখন পূৰ্ণাংগ নহয় যদিও প্ৰতিটো দিনৰ গুৰুত্বপূৰ্ণ কথাবোৰ ইয়াত সন্নিৱিষ্ট কৰা হৈছে যদিও ব্যক্তিগত জীৱনক ইয়াৰ পৰা আঁতৰাই ৰখা হৈছে।” অজিত প্ৰসাদ ৰাওটৰ শলাগ লোৱাৰ লগতে তেওঁ কয় যে ধ্ৰুৱ মহন্তৰ গ্ৰন্থখনতো বহুতো ইতিহাসৰ বাবে সমৃদ্ধ তথ্য অন্তৰ্ভুক্ত কৰা হৈছে।