অসমৰ ঔদ্যোগিক সম্ভাৱনীয়তাক নতুন গতি প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত শেহতীয়াকৈ নখনকৈ বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়৷ ইয়াৰ জৰিয়তে ৰাজ্যখনে বিভিন্ন উদ্যোগখণ্ডত ৮২০১.২৯ কোটি টকাৰ বিনিয়োগ লাভ কৰিবলৈ সক্ষম হ’ব৷
উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠানৰ আয়ুক্ত অইনাম শৰণকুমাৰ সিঙে পেপচিকো ইণ্ডিয়া হোল্ডিং লিমিটেড, বৰুণ বেভাৰেজ লিমিটেড, কেলকম চিমেণ্ট ইণ্ডিয়া লিমিটেড, ষ্টাৰ চিমেণ্ট এনই লিমিটেড, চেঞ্চুৰী ফ্ল’ট গ্লাছ লিমিটেড, তাজ চিমেণ্ট মেনুফেকচাৰিং প্ৰাইভেট লিমিটেড, ষ্টাৰ চিমেণ্ট ইণ্ডিয়া লিমিটেড আৰু ডিএছ গ্ৰুপৰ দৰে আগশাৰীৰ উদ্যোগসমূহৰ সৈতে চুক্তি স্বাক্ষৰ কৰে৷ আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰপৰা উদ্যানশস্যজাত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিৰ উদ্দেশ্যে এয়াৰ কাৰ্গ’ সঞ্চালনৰ সুবিধাৰ্থে অত্যাধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত পেৰিশ্বেবল কাৰ্গ’ চেণ্টাৰৰ বাবে আদানি গ্ৰুপৰ সৈতেও এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই উক্ত দিনটোক ৰাজ্যখনত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ দিশত এক উল্লেখনীয় দিন হিচাপে অভিহিত কৰে৷ “আমাৰ সমাজত থকা কিছুমান সমস্যা আমি সমাধান কৰিছোঁ৷ যোৱা দুটা বছৰ আমাৰ বাবে এটি ঐতিহাসিক কাৰণত বিশেষ আছিল৷ কিয়নো অসম আন্দোলনৰ পাছত প্ৰথমবাৰৰ বাবে আমি কোনোধৰণৰ বন্ধ সংস্কৃতি বা আন্দোলন দেখা নাই যিয়ে ৰাজ্যখনৰ ঔদ্যোগিক পৰিৱেশক ক্ষতিগ্ৰস্ত কৰিব পাৰে,” তেওঁ কয়৷ “ৰাজ্যখনৰ ঔদ্যোগিক বিকাশৰ গতি ত্বৰান্বিত কৰাৰ বাবে, চৰকাৰে ১০০ কোটি টকাৰ অধিক ব্যক্তিগত বিনিয়োগৰ ক্ষেত্ৰত সহায় হ’ব পৰাকৈ অনুকূল ঔদ্যোগিক নীতি প্ৰস্তুত কৰিছে৷ এই পদক্ষেপৰদ্বাৰা ৰাজ্য চৰকাৰে অসমক বিকাশৰ পথত শক্তিশালীৰূপত অগ্ৰসৰ হ’বলৈ বিনিয়োগৰ এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ সৃষ্টিৰ চেষ্টা কৰি আছে৷”
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে পানীয়, জলপান আৰু খাদ্য প্ৰস্তুতকৰণ, চিমেণ্ট, গ্লাছ, বৈদ্যুতিক বাহন নিৰ্মাণৰ দৰে খণ্ডত কৰা বিনিয়োগে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বৃহৎ ঔদ্যোগিক প্ৰকল্প স্থাপনত সহায় কৰিব৷ তেওঁ লগতে কয় যে এই বিনিয়োগ আৰু ইয়াৰ পৰৱৰ্তী আনুষংগিক কাৰ্যকলাপৰ ফলত প্ৰায় ৬,১১৫ ব্যক্তিয়ে সংস্থাপন লাভ কৰিব৷
মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (জিএছডিপি)ৰ দ্ৰুত বৃদ্ধিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বিগত বাজেটত ৰাজ্য চৰকাৰে আত্মসহায়ক গোটসমূহৰ সদস্যসকলক ক্ষুদ্ৰ উদ্যোগীলৈ ৰূপান্তৰিত কৰিবলৈ ৩,০০০ কোটি টকাৰ এক কৰ্পাছ ফাণ্ড সৃষ্টি কৰিছে যাতে তেওঁলোকে জিএছডিপিত নিজৰ অৱদান আগবঢ়াব পাৰে৷ “চৰকাৰে ৰাজ্যখনত দুই লাখ যুৱ উদ্যমীৰ সৃষ্টি কৰাৰ লক্ষ্যৰে প্ৰতিজন উদ্যমীক ২ লাখ টকাকৈ ৰাজসাহায্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷” তেওঁ লগতে কয় যে অসম দক্ষতা বিশ্ববিদ্যালয় কাৰ্যকৰী হোৱাৰ পাছত ৰাজ্যখনে প্ৰতিবছৰে কমেও ১০,০০০ দক্ষ যুৱক-যুৱতীৰ কৰ্মশক্তি লাভ কৰিব৷
ড॰ শৰ্মাই লগতে কয়, “মই নিশ্চিত যে এই বিনিয়োগে উন্নয়নৰ হাৰ বৃদ্ধি আৰু বিকাশৰ গতি ত্বৰান্বিত কৰাত বিশেষভাৱে সহায় কৰিব৷ “আমাৰ প্ৰতিশ্ৰুতিপূৰ্ণ যাত্ৰাৰ এয়া আৰম্ভণি মাথোঁ৷ ভৱিষ্যতে আমাৰ ৰাজ্যখন অধিক বিনিয়োগৰ সাক্ষী হ’ব যিয়ে অসমৰ ঔদ্যোগিক ক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিব৷”
উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়ায়ো অনুষ্ঠানত ভাষণ প্ৰদান কৰে৷ লগতে অনুষ্ঠানটিত কৃষিমন্ত্ৰী অতুল বৰা, হস্ততাঁত, বস্ত্ৰ আৰু ভূমি সংৰক্ষণ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিত্তমন্ত্ৰী অজন্তা নেওগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ আৰু ৰাজহ মন্ত্ৰী যোগেন মহনো উপস্থিত থাকে৷