বিগত ১৬ নৱেম্বৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত জোৱাৰ খেতিৰ অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ সমগ্ৰ ৰাজ্যতে জোৱাৰৰ খেতি সম্প্ৰসাৰণ আৰু বৃদ্ধি কৰাৰ উদ্দেশ্যৰে এই অভিযান মুকলি কৰা হৈছে৷
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এই দিনটোক ৰাজ্যখনৰ বাবে এক উল্লেখ্য দিন হিচাপে অভিহিত কৰে৷ “জনসাধাৰণক পুষ্টিৰ যোগান আৰু কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্যৰে অসমত জোৱাৰ খেতিৰ অভিযান আৰম্ভ কৰা হৈছে৷ এই অভিযানে শস্যৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে শস্যৰ বিবিধতাৰ ক্ষেত্ৰতো অৰিহণা যোগাব৷”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে জনোৱা আহ্বানৰ সৈতে সংগতি ৰাখি এই অভিযানৰ আৰম্ভণি কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে৷ তেওঁ কয় যে “জোৱাৰ খেতিৰ অভিযান আৰম্ভ হোৱাৰ লগে লগে অসমৰ কৃষকসকলে তেওঁলোকৰ শস্য পদ্ধতিৰ বৈচিত্ৰ্য বৃদ্ধি কৰিব পাৰিব আৰু গতানুগতিক শস্যৰ বাহিৰেও জোৱাৰ খেতিৰ জৰিয়তে তেওঁলোকৰ খেতিৰ সম্প্ৰসাৰণ কৰিব পাৰিব৷”
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত জোৱাৰ খেতিৰ অভিযান আৰম্ভ কৰাৰ বাবে কৃষি বিভাগক অভিনন্দন জনায়৷ আৰম্ভণিতে ২৫ হাজাৰ হেক্টৰ কৃষিভূমিত জোৱাৰ ৰোপণ কৰা হ’ব আৰু পৰৱৰ্তী সময়ত এই কৃষিভূমি ৫০ হাজাৰ হেক্টৰলৈ বৃদ্ধি কৰা হ’ব৷
জোৱাৰ অভিযান আৰম্ভ কৰাৰ সমান্তৰালকৈ একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বঙাইগাঁও, মৰিগাঁও, ওদালগুৰি, গোলাঘাট, কৰিমগঞ্জ আৰু দৰঙত ছটা মাটি পৰীক্ষা আৰু মান নিয়ন্ত্ৰক পৰীক্ষাগাৰ তথা ধেমাজি আৰু তিতাবৰত দুটা জ্ঞান কেন্দ্ৰৰো ভাৰ্চুৱেলী উদ্বোধন কৰে৷
এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ১২৬খন হাৰ্ভেষ্টাৰ, ১০০০খন মিনি ট্ৰাক, ৪৫০ গাঁও পৰ্যায়ৰ কৃষি যন্ত্ৰ-পাতি বেংক, ১২,০০০টা সৌৰ পিভি পাম্প ছেট, ৮,৫০০টা এইচপি ডিজেল পাম্প ছেট, ৫,০৯১খন পাৱাৰ টিলাৰ, ২,২৩,৯৬৩ কুইণ্টল বীজ, ১,৪৬১টা বহুমুখী পালভাৰাইজাৰ বিতৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰে৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কৃষকসকলক মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে নিজ নিজ ভূমিৰ পট্টন কৰিবলৈ আহ্বান জনায়৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কৃষিমন্ত্ৰী অতুল বৰাই তেওঁৰ বিভাগৰ বিভিন্ন আঁচনিসমূহৰ চমু আভাস দাঙি ধৰে৷