অসমৰ অৰ্থনৈতিক উন্নয়নৰ বাবে স্বাৱলম্বিতা তথা স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ২৩ ছেপ্টেম্বৰত জনতা ভৱনত ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ শুভাৰম্ভণি কৰে৷ এই উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীয়ে এটি পঞ্জীয়ন প’ৰ্টেলো মুকলি কৰে৷ উল্লেখযোগ্য যে এই কুশলদায়ক আঁচনিখন ৰূপায়ণৰ বাবে অসম চৰকাৰে বাজেটৰপৰা ৫,০০০ কোটি টকা আবণ্টন দিব৷
আঁচনিখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাজ্যখনৰ উদ্যমিতাৰ ক্ষেত্ৰখনক উদগনি যোগাই ২ লাখ যুৱক-যুৱতীলৈ বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব৷ তেখেতে কয়, “ৰাজ্যখনৰ উন্নয়নত ইন্ধন যোগোৱাৰ ক্ষেত্ৰত যুৱপ্ৰজন্মক সক্ষম কৰি স্ব-নিয়োজনৰ বাট শক্তিশালী কৰিবলৈ এই অভিলাষী আঁচনিখন মুকলি কৰা হৈছে৷” তেখেতে ব্যক্ত কৰে যে আঁচনিখনে যুৱক-যুৱতীসকলক নিয়োগ সৃষ্টিকাৰীৰ ৰূপত সাজু কৰি তুলিব৷
এই আঁচনিখনৰ উদ্দেশ্য হৈছে – শিক্ষিত যুৱক-যুৱতীসকলক স্ব-নিয়োজনৰ সুবিধা প্ৰদান কৰাৰ লগতে ৰাজ্যত এক শক্তিশালী উদ্যোগমুখী পৰিৱেশ সৃষ্টি কৰা, উদ্যোগ স্থাপনৰ জৰিয়তে কৰ্মসংস্থাপন প্ৰদান, নতুন উদ্যোগ স্থাপন তথা ইতিমধ্যে স্থাপন কৰা উদ্যোগৰ সম্প্ৰসাৰণৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা, গ্ৰাম্য অৰ্থনীতিৰ উন্নীতকৰণৰ বিষয়ত গুৰুত্ব বৃদ্ধি কৰাৰ লগতে সম্ভৱপৰ বেংক সংযোগৰ জৰিয়তে মূলধনৰ পৰিমাণ বৃদ্ধি কৰা৷
উল্লেখযোগ্য যে এই আঁচনিখনৰ অধীনত হিতাধিকাৰীসকলক দুটা শ্ৰেণীত ভাগ কৰা হৈছে৷ আভিযান্ত্ৰিক, এমবিবিএছ, বিডিএছ, কৃষি, পশুপালন, মীন পালন আদিৰ ডিগ্ৰীধাৰী নিবনুৱাসকলক প্ৰথম শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে৷ উল্লিখিত শ্ৰেণীৰ হিতাধিকাৰীসকলক ৫ লাখ টকাৰ সাহায্য প্ৰদান কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে ৫,০০০ যুৱক-যুৱতীক প্ৰথম শ্ৰেণীটোত অন্তৰ্ভুক্ত কৰা হ’ব৷ আনহাতে, স্নাতকোত্তৰ তথা সাধাৰণ ডিগ্ৰীধাৰী, আইটিআই, পলিটেকনিক উত্তীৰ্ণ আদি নিবনুৱাসকলক দ্বিতীয় শ্ৰেণীৰ অধীনত ২ লাখ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰথম শ্ৰেণীৰ হিতাধিকাৰীসকলক গাইপতি ৫ লাখ টকাকৈ ঋণ প্ৰদান কৰাৰ পাছত তেওঁলোকে সুতবিহীন ২.৫ লাখ টকা চৰকাৰক ওভতাই দিব লাগিব আৰু বাকী অংশ চৰকাৰী সাহায্য হিচাপে প্ৰদান কৰা হ’ব৷ ঋণ লাভৰ প্ৰথম পাঁচ বছৰৰ পাছত হিতাধিকাৰীসকলে সহজ মাহিলি কিস্তিত (ইএমআই)ৰ জৰিয়তে ৫ হাজাৰকৈ টকা চৰকাৰক ঘূৰাই দিব লাগিব৷ ঠিক একেদৰে দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰীক ১ লাখ টকা চৰকাৰী ৰাজসাহায্য হিচাপে প্ৰদান কৰা হ’ব আৰু বাকী সুতবিহীন ১ লাখ টকা তেওঁলোকে চৰকাৰক ওভতাই দিব লাগিব৷ প্ৰাৰম্ভিক পাঁচ বছৰৰ পাছত এই শ্ৰেণীৰ হিতাধিকাৰীয়ে ইএমআইযোগে ২,০০০ টকাকৈ ঘূৰাই দিব লাগিব৷
কৃষি আৰু উদ্যান শস্য, ষ্টেশ্যনাৰী, হাঁহ-কুকুৰা পালন, দুগ্ধপাম, ছাগলী পালন, গাহৰি পালন, মীন পালন, পেকেজিং, ৰেডিমেড পোছাক, ফেব্ৰিকেশ্যন, গছপুলি ৰোপণ (বাঁহ/ৰবৰ/অগৰু আদি), কাঠ নিৰ্ভৰশীল উদ্যোগ আদি খণ্ডক আঁচনিৰ অধীনত সামৰি লোৱা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
ঋণৰ প্ৰথম কিস্তি হিচাপে আৰম্ভণিতে ২.৫ লাখ টকা প্ৰদান কৰা হ’ব৷ এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথম কিস্তিৰ ব্যৱহাৰৰ সন্দৰ্ভত তৃতীয় পক্ষই প্ৰস্তুত কৰা মূল্যায়নৰ প্ৰতিৱেদনৰ ভিত্তিত হিতাধিকাৰীসকলক নিৰ্ধাৰিত ধনৰ দ্বিতীয় কিস্তি প্ৰদান কৰা হ’ব৷ “নেডফি, আইআইই তথা আন তৃতীয় পক্ষই হিতাধিকাৰীসকলক প্ৰথম কিস্তিৰ ধনৰ ব্যৱহাৰৰ সন্দৰ্ভত মূল্যায়ন কৰিব৷ এই মূল্যায়নৰ প্ৰতিৱেদনৰ ভিত্তিত হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিৰ ধন মুকলি কৰি দিয়া হ’ব,” মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জনায়৷
তদুপৰি আঁচনিখনৰ প্ৰথম বছৰত ১ লাখ যুৱক-যুৱতীক আৰু ইয়াৰ পাছৰ দুটা বছৰত আন ১ লাখ হিতাধিকাৰীক বাছনি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷
ইয়াৰ লগতে তেখেতে কয় যে ৰাজ্যিক পৰ্যায়ৰ সমিতিয়ে যোগ্যতাৰ ভিত্তিত আঁচনিখনৰ হিতাধিকাৰীসকলক বাছনি কৰিব৷