শুভজিৎ চক্ৰৱৰ্তীয়ে শিলচৰৰ পৰা গুৱাহাটীলৈ সঘনাই ভ্ৰমণ কৰে। ৰাজপথত সঘন দেখা পোৱা তেজৰ চেঁকুৰাৰ বিপৰীতে যোৱা কেইটামান দিনত চক্ৰৱৰ্তীয়ে যথেষ্ট ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিছে।
“মই অসমত পথ সুৰক্ষাৰ দিশত যথেষ্ট উন্নতি দেখা পাইছোঁ। মই ভাবোঁ চৰকাৰে এই দিশত প্ৰয়োজনীয় গুৰুত্ব প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে,” শুভজিতে অসম বাৰ্তা ৰ সৈতে হোৱা বাৰ্তালাপত কয়।
“নতুন স্পীড ব্ৰেকাৰৰ নিৰ্মাণ, ট্ৰেফিক চিহ্ন তথা সতৰ্কতামূলক চিহ্নযুক্ত ফলক, ব্লিংকিং লাইট আৰু বিপদজ্জনক এলেকা চিনাক্ত কৰি ‘ব্লেক স্পট’ চিহ্নিত কৰা পদক্ষেপসমূহে পথ সুৰক্ষা সম্পৰ্কে মানুহৰ মাজত সজাগতা আৰু সাৱধানতা বৃদ্ধিত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়,” তেখেতে লগতে উল্লেখ কৰে।
ডিব্ৰুগড়ৰ মনীশ যাদৱেও একেধৰণেই উল্লেখ কৰি কয়, “যোৱা কেইবছৰমানৰ পৰা ৰাজ্যখনত যান-বাহন ব্যৱস্থাপনা যথেষ্ট উন্নত হৈছে। সুৰাপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপে মানুহক নীতি-নিৰ্দেশনাসমূহৰ প্ৰতি সচেতন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।”
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত পথ দুৰ্ঘটনাৰ পৰিসংখ্যা হ্ৰাস পোৱাৰ বাবে ৰাজ্যখনে উন্নত পথ সুৰক্ষাৰ ক্ষেত্ৰত শীৰ্ষ পাঁচখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰত স্থান লাভ কৰিছে। (বক্সত চাওক)
২০২১ চনত অসমত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ব্যক্তিৰ সংখ্যা আছিল ৭,৪১১ গৰাকী। ২০২২ চনত এই সংখ্যা ৭০২৩লৈ হ্ৰাস পাইছে আৰু এই বছৰৰ অক্টোবৰলৈকে এই সংখ্যা হৈছে ৬০০১গৰাকী।
“এখন ৰাজ্য বা ৰাষ্ট্ৰৰ বিকাশৰ ক্ষেত্ৰত কাৰ্যকৰী যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ অতি প্ৰয়োজনীয়। উন্নয়নৰ বাবে ৰাজপথত বৃদ্ধি হোৱা বাহনৰ সংখ্যাই দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি কৰে। আমি পথ সুৰক্ষাৰ দিশত বাহনৰ গৰাকী আৰু চালকসকলৰ সৈতে কাৰ্যকৰীভাৱে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ,” এই প্ৰতিৱেদকৰ সৈতে বাৰ্তালাপত ৰাজ্যিক পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়।
তেওঁ লগতে কয় যে দুচকীয়া বাহনৰ ক্ষেত্ৰত বেছিভাগ দুৰ্ঘটনা আৰু মৃত্যু সংঘটিত হয়। ইয়াৰ কাৰণ হৈছে দ্ৰুত গতি আৰু হেলমেটৰ দৰে সুৰক্ষামূলক আহিলা পৰিধান নকৰা। তেওঁ চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত ছীট বেল্ট লগোৱাৰ প্ৰতি থকা অৱহেলা আৰু অযোগ্য বাহন আদি কাৰকসমূহৰ বিষয়ে আঙুলিয়ায়। তেওঁ কয়, “বাৰে বাৰে আহ্বান কৰা সত্ত্বেও বহুতে গাড়ীৰ ফিটনেছ পৰীক্ষা নকৰে। পুৰণি বা অযোগ্য গাড়ীৰ ক্ষেত্ৰত দুৰ্ঘটনাৰ সম্ভাৱনা অধিক।”
তেখেতে উল্লেখ কৰে, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ প্ৰথম দিনাৰ পৰাই পথ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰি আহিছে। দুৰ্ঘটনাত মৃত্যু প্ৰতিৰোধ কৰিবলৈ সম্ভৱ সকলো পদক্ষেপ গ্ৰহণ কৰিছে। জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিভাগৰ বিষয়াসকলক পথ সুৰক্ষা সম্পৰ্কীয় প্ৰট’কল প্ৰৱৰ্তনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।”
তেওঁ কয় যে ব্লেক স্পট হৈছে এনেবোৰ ঠাই য’ত সঘনাই দুৰ্ঘটনা সংঘটিত হয়। “বৰ্তমান অসমত মুঠ ১২৮টা ব্লেক স্পট আছে। এই অঞ্চলসমূহত দুৰ্ঘটনা হ্ৰাস কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে,” তেওঁ উল্লেখ কৰে।
ৰাজ্য চৰকাৰে ইতিমধ্যে স্বাস্থ্য, আৰক্ষী, লোকনিৰ্মাণ আৰু পৰিবহণ আদি বিভাগসমূহৰ শীৰ্ষ বিষয়াসকল অন্তৰ্ভুক্ত কৰি এখন পথ সুৰক্ষা পৰিষদ গঠন কৰিছে। এই পৰিষদে প্ৰতি তিনি মাহত মিলিত হৈ দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ বিভিন্ন উপায়সমূহৰ বিষয়ে আলোচনা কৰে।
দুৰ্গা পূজাৰ সময়ত সমগ্ৰ ৰাজ্যতে পথ সুৰক্ষা সম্পৰ্কে এক অভিযান চলোৱা হৈছিল। এই অভিযানত সকলো পূজা মণ্ডপৰ বাবে নিৰ্দিষ্ট স্থানত ‘পথ সুৰক্ষা’ সম্পৰ্কীয় সজাগতা বাৰ্তা প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা হৈছিল। প্ৰতিখন জিলাতে জিলা আয়ুক্তৰ নেতৃত্বত এখন পথ সুৰক্ষা ব’ৰ্ড গঠন কৰা হৈছিল আৰু চৰকাৰে ইয়াৰ বাবে পুঁজি আবণ্টন কৰিছিল।
এই প্ৰতিৱেদকৰ সৈতে বাৰ্তালাপত নগাঁও যান-বাহন পৰিদৰ্শক বিশাল দেৱনাথে কয় যে স্পৰ্শকাতৰ জিলা/ঠাইসমূহলৈ এক নিৰ্দেশনাৰ ভিত্তিত পথ সুৰক্ষাৰ বাৰ্তাৰ প্ৰদৰ্শন কৰা এলইডি বাহন প্ৰেৰণ কৰা হৈছিল।
“অক্টোবৰত ৰাজ্যখনত দুৰ্ঘটনা ০.১৭%লৈ আৰু দুৰ্ঘটনাৰ বাবে মৃত্যু ১.৮৫%লৈ হ্ৰাস পাইছে। একেৰাহে তৃতীয় মাহৰ বাবে দুৰ্ঘটনাৰ এই পৰিসংখ্যা হ্ৰাস পাইছে। নগাঁৱতো দুৰ্ঘটনাৰ সংখ্যা ৩০.৬১%লৈ হ্ৰাস পাইছে আৰু দুৰ্ঘটনাৰ বাবে মৃত্যু ৫৫%লৈ হ্ৰাস পাইছে,” তেওঁ উল্লেখ কৰে।
ৰাজ্য চৰকাৰে পথ সুৰক্ষা সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে ‘পথ সুৰক্ষা জন আন্দোলন’ৰ আয়োজন কৰিছে আৰু এই আন্দোলনত পৰিবহণ মন্ত্ৰীগৰাকীয়ে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছে।
মন্ত্ৰীগৰাকীয়ে কয়, “এই পথ সুৰক্ষা সজাগতা ৰেলী হৈছে পথ দুৰ্ঘটনাত মৃত্যু আৰু আঘাত প্ৰতিৰোধ কৰাৰ বাবে প্ৰমাণ-আধাৰিত পদক্ষেপসমূহৰ প্ৰচাৰ সম্পৰ্কীয় অভিযান।”
ডিজিটেল মাধ্যমৰ সুবিধা গ্ৰহণ কৰি চৰকাৰে শেহতীয়াকৈ ‘পথ সুৰক্ষা সহযোগী’ পদক্ষেপৰ আৰম্ভ কৰিছে। পথ সুৰক্ষা সহযোগী হৈছে এক নাগৰিক-অনুকূল মোবাইল এপ্লিকেশ্যন। এই এপ্লিকেশ্যনৰ জৰিয়তে পোনপটীয়াকৈ পথ সুৰক্ষা ব্যৱস্থাৰ সৈতে জড়িত অভিযোগসমূহ প্ৰদান কৰিব পৰা যায়।