কেইবছৰমান আগলৈকে মৌচুমী, ৰেহানা, বিক্ৰম, ক্ৰিষ্টিনা, অৰ্ণামিকা, নিতুমণি, অভিষেক, পল্লৱী, হাতিম, শ্ৰেয়া, পংকজ, প্ৰিন্সি, অংকুৰ, লক্ষী, যোগেশ্বৰৰ মনত হয়তো কিছু হতাশা আছিল৷ সংস্থাপনৰ সন্ধানত ব্যস্ত ৰাজ্যখনৰ বয়স, জাতি, শ্ৰেণী, শিক্ষা আৰু লিংগভেদে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ তালিকাত হয়তো তেওঁলোকৰো নাম আছিল৷ যোৱা ২৫ মে’ত গৃহমন্ত্ৰী অমিত শ্বাহে ৪৪,৭০৩গৰাকী যোগ্য প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰা অনুষ্ঠানত এওঁলোক উপস্থিত আছিল৷ উক্তদিনাই ৪৪,৭০৩গৰাকী যুৱক-যুৱতীৰ লগতে তেওঁলোকেও অসমৰ ৰাইজৰ কল্যাণ তথা উন্নয়নৰ বাবে নিষ্ঠাৰে কাম কৰাৰ সংকল্প লৈ অসমৰ চৰকাৰী কৰ্মশক্তিৰ অন্তৰ্ভুক্ত হয়৷ ৰাজ্যখনৰ কল্যাণৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি যাবলৈ এই নৱ-নিযুক্ত কৰ্মচাৰীসকলক ভিডিঅ’ কনফাৰেন্সযোগে আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷
এক স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে যোগ্য বিবেচিত হোৱা এই প্ৰাৰ্থীসকলক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালি হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহত নিযুক্তি দিয়া হৈছে৷
ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে যোৱা দুটা বছৰত বিভিন্ন সময়ত প্ৰদান কৰা সংস্থাপনমূহৰ ভিতৰত এয়া হৈছে সৰ্ববৃহৎ৷ এই চৰকাৰখনে এতিয়ালৈকে প্ৰদান কৰা নিযুক্তিৰ সংখ্যা হ’লগৈ ৮৬,৭৮২ অৰ্থাৎ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ১ লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য পূৰণ কৰিবলৈ মাত্ৰ ১৩,০০০ বাকী৷
গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ আৰু নিকা শাসন ব্যৱস্থাত আৰ্থিকভাৱে অনগ্ৰসৰ আৰু যোগ্যজনে সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে৷
তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে অসমৰ সকলো অঞ্চল, জাতি আৰু শ্ৰেণীভেদে প্ৰতিভাধৰ যুৱক-যুৱতীসকলৰ বাবে উৎকোচ অবিহনে চৰকাৰী চাকৰি পোৱাটো সম্ভৱ কৰি তুলিছে৷ তেওঁ কয় যে স্বজন-তোষণৰো সমাপ্তি ঘটাই যোগ্যতাৰ ভিত্তিত যুৱপ্ৰজন্মই চৰকাৰী সংস্থাপন পোৱাটো নিশ্চিত হৈছে৷
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সমবেত লোকসকলক উদ্দেশ্যি কয় যে নৱ-নিযুক্ত কৰ্মচাৰীসকলে অসমৰ উন্নয়নৰ জৰিয়তে ভাৰতৰ উন্নয়নৰ মন্ত্ৰ সাৰোগত কৰি ওৰেটো জীৱন অসমৰ জনসাধাৰণৰ সেৱা কৰি যাব লাগিব৷ তেওঁ কয় যে বিভাগভেদে নৱ-নিযুক্তসকলে সততাৰে কৰ্ম কৰি অসমৰ উন্নয়নৰ মন্ত্ৰ সমাজৰ আটাইতকৈ দৰিদ্ৰজনেও উপভোগ কৰাটো নিশ্চিত কৰাৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব৷
শেহতীয়াকৈ কেইবাবাৰো অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনক উন্নয়ন আৰু শান্তিৰ পথত আগুৱাই নিয়াৰ বাবে বিজেপি চৰকাৰে এক স্বচ্ছ ব্যৱস্থা গঢ় দিবলৈ সক্ষম হৈছে৷
তেওঁ ব্ৰু, বড়ো, কাৰ্বি, অসম-মেঘালয় আৰু অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ সংক্ৰান্তীয় বিষয়সমূহক লৈ স্বাক্ষৰ কৰা চুক্তিসমূহক কেন্দ্ৰীয় চৰকাৰৰ সফলতা হিচাপে উল্লেখ কৰে৷ অনুষ্ঠানত তেওঁ কয়, “আফস্পাৰ (AFSPA) আওতালৈ অহা এলেকাৰ ৭০% হ্ৰাস কৰা হৈছে আৰু তাৰ বিপৰীতে উন্নয়নৰ বাজেট ৩০০%লৈ বৃদ্ধি পাইছে৷” তেওঁ স্বাস্থ্য, সেৱা, আন্তঃগাঁথনি, জনজাতি কল্যাণ, আইন-শৃংখলা আদি ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা সবল স্থিতিৰ প্ৰশংসা কৰে৷
অমিত শ্বাহে কয় যে অসমৰ বিত্তীয় স্থিতি লক্ষণীয়ভাৱে উন্নীত হৈছে৷ উদ্যোগ আৰু কৃষিখণ্ডৰ আকৰ্ষণীয় বিকাশ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অৰুণোদয়ৰ দৰে সমাজ কল্যাণমূলক পদক্ষেপৰ বিষয়ে আলোকপাত কৰি তেখেতে কয়, “ৰাজ্যখনৰ জিএছডিপি ২০২১-২২ বৰ্ষৰ ৪ লাখ কোটি টকাৰপৰা ২০২৩-২৪ বৰ্ষত ৫.৫০ লাখ কোটি টকালৈ বৃদ্ধি পাইছে৷”