ৰাজ্যখনত বিনিয়োগ, উদ্যমিতা আৰু উদ্ভাৱনৰ এক পৰিকাঠামো গঢ়ি তোলাৰ দিশত ৰাজ্য চৰকাৰখনে সঠিক পদক্ষেপ গ্ৰহণ কৰিছে৷ কিছুমান সাহসী নীতি গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদানেৰে শাসনলৈ অহা চৰকাৰখনে যোৱা দুটা বছৰত ইয়াৰ ভেটি গঢ়ি তুলিছে৷ শেহতীয়াকৈ বৃহৎ বিনিয়োগৰ ঘোষণাৰ লগতে বিনিয়োগকৰ্তাৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰা আৰু ইয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ আদি কাৰ্যসমূহ আমি স্পষ্টৰূপত প্ৰত্যক্ষ কৰিছোঁ৷ এই মাহতেই পেপছিক’ৱে নলবাৰীত স্থাপন কৰিবলগীয়া দেশত নিজৰ ষষ্ঠটো কাৰখানাৰ বাবে ভূমি পূজন কৰে ৷ এফএমচিজিৰ খণ্ডৰ অন্যতম অগ্ৰণী প্ৰতিষ্ঠানে কৰা বিনিয়োগে আন বিনিয়োগকৰ্তাসকললৈ সকলো এক শুভ সংকেত প্ৰেৰণ কৰিছে৷
মুখ্যমন্ত্ৰীয়ে বৃহৎ বিনিয়োগকৰ্তাসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নিশ্চিত কৰিবলৈ সক্ৰিয় হৈ আছে৷ তেখেতে ৰাজ্যখনৰ লগতে ৰাজ্যখনৰ আশে-পাশে আইন-শৃংখলা পৰিস্থিতিৰ উন্নতি হোৱাৰ বিষয়ে নিৰন্তৰভাৱে উল্লেখ কৰি আহিছে৷ অসমৰ বিদ্ৰোহী আন্দোলনে বিনিয়োগকৰ্তাসকলক কেইবা দশকধৰি এক শংকাৰ মাজত ৰাখিছিল৷ চৰকাৰে উদ্ভাৱন আৰু উদ্যমিতাৰ পৰিস্থিতিতন্ত্ৰত অন্তৰ্ভুক্ত হ’বলৈ ২ লাখ যুৱক-যুৱতীক উৎসাহিত কৰাৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে৷ এই নীতিগত সিদ্ধান্তই ৰাজ্যখনৰ উদ্যোগ, সংস্থাপন আৰু উন্নয়নৰ অপৰিহাৰ্য অংগ আনুষংগিক গোট আৰু এমএছএমইসমূহৰ ভেটি নিৰ্ধাৰণ কৰাত যথেষ্ট সহায় কৰিব৷
এতিয়া চৰকাৰৰ কৰণীয় হ’ব যে এই ঘোষণা কৰা সকলো নীতিগত পদক্ষেপ আৰু উদ্দেশ্যক সফলভাৱে ৰূপায়িত কৰা৷ বিনিয়োগকৰ্তা আৰু বিনিয়োগৰ পৃথিৱীৰ বৃহৎ অংশীদাৰসকলৰ পৰা অহা প্ৰতিশ্ৰুতিয়ে ইয়াক সফল কৰি তুলিব৷ ৰাজ্যখনত বৰ্তমানৰ পদক্ষেপসমূহে সৃষ্টি কৰি থকা উদ্যমিতাৰ পৰিৱেশক সুদৃঢ় কৰি ৰাখিব পৰাটোৱেই হ’ব চৰকাৰখনৰ প্ৰধান দায়িত্ব৷