৮ ডিচেম্বৰ ২০১৭, হায়দৰাবাদত অনুষ্ঠিত অষ্টম বিশ্ব উদ্যমশীলতা সন্মিলন(GES)-২০১৭ৰ উদ্বোধনী ভাষণ প্ৰদান কৰি তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ উপদেষ্টা ইভাংকা ট্ৰাম্পে দৰ্শকৰ শাৰীত উপস্থিত থকা তিনিগৰাকী মহিলা উদ্যমীৰ নাম বিশেষভাৱে উল্লেখ কৰি কৈছিল যে এওঁলোকৰ দৃষ্টিভংগী আৰু উচ্ছাকাংক্ষা প্ৰতিজন উদ্যমীৰ আদৰ্শ হোৱা উচিত৷ এই তিনিগৰাকী উদ্যমীৰ মাজৰে এগৰাকী হৈছে হেল্থকেয়াৰ ষ্টাৰ্টআপ টেৰাব্লু এক্স টি (Terrablue XT)ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ৰাজলক্ষ্মী বৰঠাকুৰ৷
বন্ধুবৰ্গৰ মাজত ৰাজি নামেৰে জনপ্ৰিয় ৰাজলক্ষ্মীৰ বাবে ইনফ’চিছৰ পৰা আৰম্ভ কৰি ইৱাইৰ দৰে কৰ্প’ৰেট প্ৰতিষ্ঠানত প্ৰায় ১৪ বছৰৰো অধিক সময় কাম কৰাৰ সুবাদতে এই জগতখনত এক সুকীয়া পৰিচয় গঢি. তুলিছিল৷ অৱশ্যে দ্বিতীয়টি সন্তানৰ জন্মৰ পাছতেই সকলো সলনি হৈ পৰে আৰু তেখেতৰ এই সফলতাৰ যাত্ৰাৰ অন্বেষণ তেতিয়াই আৰম্ভ হয়৷
যিসময়ত নিজৰ সন্তানৰ সমস্যাক লৈ তেখেত ব্যস্ত আছিল, ৰাজলক্ষ্মীৰ মনত এষাৰ কথা বাৰে বাৰে খুন্দিয়াইছিল যে তেওঁ আৰু তেওঁৰ পৰিয়াল এই সমস্যাৰ মুখামুখি হ’ব পৰাকৈ যথেষ্ট সমৰ্থবান আৰু সজাগ৷ কিন্তু, এনে বহু ৰোগী আছে যিসকলে নিজে বা তেওঁলোকৰ অভিভাৱকসকলে এই ৰোগবিধৰ জটিলতাক বুজি পোৱা নাছিল৷ প্ৰাপ্য যত্ন নোপোৱা এইসকল ৰোগীকেই অধিক গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আছিল৷ এই উদ্দেশ্যৰেই জন্ম হ’ল টেৰাব্লু এক্স টিৰ৷ প্ৰতিষ্ঠানটিয়ে উদ্ভাৱন কৰে মৃগীৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু ব্যৱস্থাপনাৰ বাবে বিশেষভাৱে ডিজাইন কৰা এক স্মাৰ্ট হাতমোজা ‘টি জয়’৷
“টি জয়ত থকা কেইবাটাও চেন্সৰে আমাৰ হাতৰ তলুৱাৰ পৰা তথ্যসমূহ আহৰণ কৰে৷ এই তথ্যবোৰ টি জয়ৰ সৈতে অহা এটা ব্যক্তিগত ডেটা গেটৱে আৰু বুদ্ধিমান প্ৰণালী প’কেটিলৈ প্ৰেৰণ কৰা হয়৷ এই দীঘলীয়া সময়ৰ বাবে সংগ্ৰহ কৰা তথ্যসমূহে চিকিৎসকসকলৰ বাবে সঠিক আৰু দ্ৰুত ৰোগ নিৰ্ণয় কৰাটো সহজ কৰি তোলে”, তেখেতে অসম বাৰ্তাক জনায়৷
টি জয়ৰ পাছত, ৰাজিয়ে মানসিক স্বাস্থ্যৰ অৱস্থা নিৰ্ণয় কৰিব পৰা বিশ্বৰ প্ৰথম পৰিধাণযোগ্য স্বয়ংক্ৰিয় ৰোগ নিৰ্ণয় সঁজুলি ‘শাণ্ট’ উদ্ভাৱন কৰে৷ তেওঁ কয়, “শাণ্টৰ বাস্তৱ সময়ভিত্তিক তথ্যৰ পৰা, কোনবোৰ কাৰণে আমাক উদ্বিগ্ন আৰু উগ্ৰ কৰি তোলে তাক চিনাক্ত কৰিব পাৰোঁ৷ যাৰ সহায়ত আমাৰ মানসিক চাপ ভালদৰে নিয়ন্ত্ৰণ কৰিবলৈ সুবিধা হয়৷”
এই উদ্যমী প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে ৰাজলক্ষ্মী বৰঠাকুৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা বিশেষ সম্বৰ্ধনা লাভ কৰাৰ লগতে আন বহুতো সন্মান বুটলিবলৈ সক্ষম হৈছে৷ তাৰে উল্লেখ্য কেইটামান হৈছে : ফ’ৰ্বছ ৱ’মেন ট্ৰেইলব্লেজাৰ, ২০১৯; ৰাষ্ট্ৰসংঘ, নীতি আয়োগ আৰু মাইগভ ইণ্ডিয়াৰ ৱ’মেন ট্ৰান্সফৰ্মিং ইণ্ডিয়া-২০১৭, অসম চৰকাৰৰ উদ্ভাৱনী উদ্যমী আদি৷