তেতিয়া সুজিত দাসৰ বয়স মাত্ৰ পাঁচ বছৰ৷ অসমৰ এগৰাকী বিখ্যাত চিত্ৰকৰ প্ৰণৱ বৰুৱাৰ তত্ত্বাৱধানত নগাঁও চহৰৰ মাজমজিয়াত আৰম্ভ হৈছিল ৰূপ-ৰং স্কুল অৱ ড্ৰয়িং এণ্ড পেইণ্টিং৷ কণমানি সুজিতক তেওঁৰ মাতৃ ক্ষমা দাসে চিত্ৰকলাৰ শিক্ষা ল’বলৈ ৰূপ-ৰঙত নামভৰ্তি কৰাই দিছিল৷ প্ৰণৱ বৰুৱাৰ সান্নিধ্যত ৰং-তুলিকাৰে আঁক-বাঁকৰ পাতনি মেলা সেই পাঁচ বছৰীয়া কণমানিজনেই পাছলৈ আটাইতকৈ দীঘল পেইণ্টব্ৰাছেৰে বিষ্ণু ৰাভাৰ ছবি আঁকি গীনিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডছত নিজৰ লগতে দেশৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়৷
“মোৰ দেউতা কামাখ্যা চন্দ্ৰ দাসে বিশ্বনাথ মিষ্টান্ন ভাণ্ডাৰ নামেৰে নগাঁৱৰ দ্বিতীয়খন মিঠাইৰ দোকান আৰম্ভ কৰিছিল য’ত লোকপ্ৰিয় গোপীনাথ বৰদলৈয়েও মিঠাই খাবলৈ আহিছিল৷ কিন্তু, পাছত দোকানখন বন্ধ হোৱাত আমাৰ ঘৰৰ গাতে লাগি থকা কৃষ্ণা চিনেমা হলৰ দৰ্শকসকলৰ বাবে আমি চাইকেলৰ এটা ষ্টেণ্ড খুলিছিলোঁ৷ মোৰ জীৱনৰ প্ৰথম উপাৰ্জন আছিল সেই চাইকেল ষ্টেণ্ডৰ পৰা পোৱা এটকা৷ তেনেকৈ উপাৰ্জন কৰা টকাৰেই মই ৰং, তুলিকা আদি কিনিছিলোঁ”, সুজিত দাসে অসম বাৰ্তাক কয়৷
অসমৰ পুথিচিত্ৰ আৰু লোক চিত্ৰশিল্পৰ সাধনাত আত্মনিয়োগ কৰা মুষ্টিমেয় চিত্ৰশিল্পীসকলৰ মাজত সুজিত দাসৰ নাম বিশেষভাৱে চৰ্চিত৷ “১৯৯৫ চনত মোৰ গুৰু প্ৰণৱ বৰুৱা ছাৰে প্ৰথমবাৰৰ বাবে চিত্ৰ ভাগৱতৰ ছবিবোৰ দেখুৱাই তাৰ পৰাই দুখন চিত্ৰ আঁকিবলৈ দিছিল৷ পানী ৰঙেৰে ছবিবোৰ আঁকোতে অসমক প্ৰতিনিধিত্ব কৰিব পৰা এই চহকী পুথিচিত্ৰৰ বিষয়ে বৰ বেছি জনাই নাছিলোঁ৷ সময় বাগৰাৰ লগে লগে এই বিষয়ে অধিক অধ্যয়ন কৰি আৰু বিভিন্ন গ্ৰন্থ আদিৰ বাবে পুথিচিত্ৰ শৈলী প্ৰয়োগৰ অভিজ্ঞতাই মোক শৈলীটোৰ সৈতে একাত্ম কৰি তুলিলে”, দাসে কয়৷
কলেজীয়া দিনত কিছু অতিৰিক্ত উপাৰ্জনৰ বাবে ৰিক্সাৰ হুডত ছবি অঁকা সুজিত দাসে কৰ্ম জীৱনৰ কথা ৰোমন্থন কৰি কয়, “গ্ৰন্থৰ বেটুপাত, কমিক্স, বাতৰিকাকত আদিৰ কাম কৰাৰ সমান্তৰালকৈ যান্ত্ৰিক পৃথিৱীখনৰ পৰা আঁতৰি অসমৰ গাঁৱে-ভূঞে গৈ থলুৱা লোকচিত্ৰ শিল্পৰ আঁৰত থকা অসমীয়া সমাজ জীৱনৰ নানা দিশ অধ্যয়নৰ চেষ্টা কৰিছিলোঁ৷ বিশিষ্ট মুখাশিল্পী দেৱকান্ত হাজৰিকাৰ পৰা মুখা শিল্পৰ উপাদানৰ প্ৰয়োগ সম্পৰ্কে আৰু সাঁচিপাত প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ লৈ মই সত্ৰীয়া সংস্কৃতিৰ সৈতে কেনেকৈ বান্ধ খাই পৰিলোঁ গমকে নাপালোঁ৷”
অসমৰ পৌৰাণিক চিত্ৰশিল্পৰ গৱেষণাৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ অন্তৰ্গত সাংস্কৃতিক সমল আৰু প্ৰশিক্ষণ কেন্দ্ৰ (CCRT)ৰ পৰা দাসে ফেল’শ্বিপ লাভ কৰে৷ বিভিন্ন সাঁচিপতীয়া আৰু হাতে লিখা পুথি, যেনে – কল্কিপুৰাণ, হৰিবংশপুৰাণ, চিত্ৰ ভাগৱতৰ লগতে ভাগৱতৰ বিভিন্ন স্কন্ধত সন্নিৱিষ্ট চিত্ৰসমূহক লৈ তেওঁ গৱেষণা কৰে৷ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশতো সুজিত দাসে সত্ৰীয়া চিত্ৰ শৈলীৰ প্ৰদৰ্শনী আৰু কৰ্মশালা অনুষ্ঠিত কৰি বিশ্বৰ কলা ৰসিকসকলৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ প্ৰথমবাৰৰ বাবে ডুবাইত প্ৰদৰ্শনী কৰাৰ পাছত ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গ, কম্বোডিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ছিংগাপুৰ, চুবুৰীয়া ৰাষ্ট্ৰ চীন, শ্ৰীলংকা, বাংলাদেশ, ভূটান, নেপালৰ উপৰি ইউৰোপৰ বিভিন্ন দেশৰ প্ৰদৰ্শনীত পুথিচিত্ৰই বিশেষ সমাদৰ লাভ কৰাৰ কথা সুজিত দাসে সুঁৱৰি কয়, “আটাইতকৈ স্মৰণীয় অভিজ্ঞতা হৈছিল ৰাছিয়াত৷ ৰাছিয়ানসকল ভাৰতবৰ্ষৰ কলা- সংস্কৃতিৰ প্ৰতি অতিকৈ আকৃষ্ট হোৱাৰ বাবে তেওঁলোকে এই চিত্ৰশৈলীকো আন্তৰিকতাৰে আদৰি লৈছিল৷”
“নগাঁৱত যেতিয়া সুজিতে চিত্ৰকলাৰ প্ৰাথমিক শিক্ষা লৈ আছিল, তেওঁৰ একাগ্ৰতা আৰু শিল্পকৰ্মৰ প্ৰতি থকা ভক্তিয়ে মোক মোহিত কৰিছিল৷ অতি কম বয়সতে অসমৰ আপুৰুগীয়া সাঁচিপতীয়া চিত্ৰকলাৰ অধ্যয়ন কৰি এই আহিৰ্ক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছে৷ এয়া যথেষ্ট প্ৰশংসনীয় আৰু আমাৰ কাৰণে অতিকৈ গৌৰৱৰ বিষয়,” অসমৰ এগৰাকী প্ৰখ্যাত চিত্ৰশিল্পী চম্পক বৰবৰাই অসম বাৰ্তাক কয়৷
শান্তিৰ দূত দালাই লামাৰ পৰা আৰম্ভ কৰি তেতিয়াৰ ডিউক অৱ কেমব্ৰিজ প্ৰিন্স উইলিয়াম আৰু কেট মিডিলটনলৈ, বিশ্বৰ বহুকেইগৰাকী বৰেণ্য ব্যক্তিয়ে সুজিত দাসৰ সত্ৰীয়া অংকন শৈলীৰ চিত্ৰ উপহাৰ হিচাপে লাভ কৰি তেওঁক আৰু এই শৈলীৰ উচ্চ প্ৰশংসা কৰিছে৷ অসমৰ পুথিচিত্ৰই এনে অপূৰ্ব আদৰ লাভ কৰাত আনন্দিত হৈ সুজিত দাসে কয়, “সত্ৰীয়া, ৰজাঘৰীয়া, লোকচিত্ৰ আৰু টাই শৈলীৰ উপৰি মিশ্ৰিত শৈলীৰ আমাৰ অনন্য চিত্ৰকলাই এদিন বিশ্বত উচ্চাসন লাভ কৰিব- এয়া মোৰ দৃঢ় বিশ্বাস৷”
এনে নিভাঁজ অসমীয়া চিত্ৰকলা, অন্যান্য থলুৱা শিল্পকলাৰ লগতে দেশ-বিদেশৰ শিল্প-কলাৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা সুজিত দাসে বৰকৈ অনুভৱ কৰিছিল৷ লোকশিল্পক মনে- প্ৰাণে ভালপোৱা এইগৰাকী শিল্পীয়ে সেইবাবে নিজৰ বাসগৃহতে ব্যাক্তিগত উদ্যোগত নিৰ্মাণ কৰিলে এইপৰ্যন্ত ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ ব্যক্তিগত কলা-বীথিকা আৰু সংগ্ৰহালয় ‘আৰ্ট ভিলেজ’৷ “পোন্ধৰ বছৰ আগতে যেতিয়া আৰ্ট ভিলেজ নিৰ্মাণৰ সপোন দেখিছিলোঁ তেতিয়া মোৰ হাতত ধনৰ বৰ অভাৱ৷ চৰকাৰী সাহায্যৰ অবিহনে এনে বৃহৎ প্ৰকল্প বাস্তৱায়িত কৰাটো অসম্ভৱ যেনেই লাগিছিল৷ অৱশেষত নিজৰ গাঁঠিৰ ধন ভাঙি আৰু বেংকৰ পৰা ঋণ লৈ ২০২১ চনৰ ১৪ মাৰ্চত ক’ভিড-১৯ৰ দ্বিতীয়টো ঢৌৰ মাজতে আৰ্ট ভিলেজখন ৰাইজৰ বাবে মুকলি কৰা হ’ল,” সুজিত দাসে কয়৷
আৰ্ট ভিলেজত বিভিন্ন আপুৰুগীয়া পুথিচিত্ৰৰ লগতে বিভিন্ন দেশৰ চিত্ৰকলা, ভাস্কৰ্য, দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পুতলা, মুখা, ব্ৰিটিছ শাসনকালৰ ব্যৱহৃত সামগ্ৰী, ঐতিহাসিক সমল, কলা- বীথিকা, সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰ বাবে এটি বিশেষ মহলা আছে৷ তদুপৰি আৰ্ট ভিলেজৰ দেৱালে দেৱালে অসমৰ হেৰাই যাবলৈ ধৰা লোকচিত্ৰকলা খোঁচমৰা পুথিৰ চিত্ৰ, চাহ বাগিচাৰ শিল্পকলা, সত্ৰীয়া চিত্ৰকলা আদি অংকিত কৰা হৈছে৷ ভৱনটোৰ সাজ-সজ্জাই অসমৰ গ্ৰাম্য জীৱনক প্ৰতিফলিত কৰে আৰু সেইবাবে কলাপিপাসুসকলৰ বাবে ই এক আকৰ্ষণৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে৷ নতুন প্ৰজন্মৰ কাম-কাজত অগাধ বিশ্বাস ৰখা সুজিত দাসৰ এই প্ৰচেষ্টাক অসমৰ লোক চিত্ৰশিল্পৰ প্ৰচাৰ-প্ৰসাৰৰ দিশত এক মাইলৰ খুঁটি হিচাপে আখ্যা দিব পাৰি৷