স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ছেপ্টেম্বৰ মাহত উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ২৩,৯৫৯গৰাকী ঠিকাভিত্তিক আৰু ষ্টেটপুলৰ শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰে৷ গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত নিযুক্তি প্ৰদানৰ এই কাৰ্যসূচী অনুষ্ঠিত হয়৷
এই নিযুক্তিৰ পাছত বৰ্তমানৰ চৰকাৰৰ অধীনত অসমে এতিয়ালৈ মুঠ ১,২৪,৩৪৫টা নিযুক্তিৰ সাক্ষী হৈছে৷ ক্ৰমাগতভাৱে নিযুক্তি প্ৰক্ৰিয়া বৃদ্ধি হোৱাৰ সংখ্যাই চৰকাৰী চাকৰিৰ প্ৰতি ৰাজ্যবাসীৰ বিশ্বাস-আস্থাক প্ৰতিফলিত কৰিছে৷ ২০২১ বৰ্ষৰ অন্তিম সময়ছোৱাত ৪,৭৭৯গৰাকী প্ৰাৰ্থীক নিৰ্বাচিত কৰা হৈছিল আৰু ২০২২ বৰ্ষত এই সংখ্যা ৩৫,১৩০গৰাকীলৈ বৃদ্ধি পায়৷ ২০২৩ বৰ্ষত নিযুক্তি প্ৰদানৰ সংখ্যা আছিল ৫৫,৫৯৩গৰাকী আৰু চলিত বৰ্ষৰ ২৬ আগষ্ট পৰ্যন্ত অতিৰিক্ত ৪, ৮৮৭গৰাকীক নিযুক্তি দিয়া হৈছে৷
এই উপলক্ষে ভাষণ প্ৰসংগত ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰচেষ্টাই ৰাজ্যখনত চাকৰিৰ সুযোগ বৃদ্ধি কৰিছে৷ মেধা আৰু যোগ্যতাৰ ভিত্তিত স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি প্ৰদান কৰাত চৰকাৰখনে গুৰুত্ব দিছে বুলিও তেখেতে কয়৷
ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে অনাগত সময়ত ৫০ হাজাৰ নতুন চৰকাৰী চাকৰি সৃষ্টিৰ পৰিকল্পনা কৰা হৈছে৷ নিযুক্তি প্ৰদানৰ সুযোগ বৃদ্ধি কৰি বিভিন্ন বিভাগ আৰু সেৱাসমূহৰ জৰিয়তে ৰাজহুৱা খণ্ডৰ কৰ্মশক্তি সবল কৰাটোৱেই এই পৰিকল্পনাৰ উদ্দেশ্য বুলি তেখেতে কয়৷
মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত শিক্ষকসকলৰ বাবে কেইবাটাও নতুন সুবিধা প্ৰৱৰ্তনৰ কথা উল্লেখ কৰে৷ ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত পেঞ্চন লাভৰ পদক্ষেপকে ধৰি ‘আপোন ঘৰ’ আঁচনিৰ গৃহ ঋণ ব্যৱস্থাৰো সুফল শিক্ষকসকলে লাভ কৰিব বুলি তেখেতে কয়৷ সমগ্ৰ ব্যৱস্থাটোক সুশৃংখলিত ৰূপ প্ৰদান কৰাৰ বাবে চৰকাৰে ভাৰতীয় ষ্টেট বেংকক এই ঋণসমূহ প্ৰদানত অগ্ৰাধিকাৰ দিবলৈ অনুৰোধ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷ তেখেতে ঘোষণা কৰে যে সেৱাৰ সময়ত যদি কোনো শিক্ষকৰ মৃত্যু হয়, তেন্তে তেওঁলোকৰ পৰিয়ালে সেৱাৰ বাকী থকা সময়ছোৱাত সম্পূৰ্ণ দৰমহা লাভ কৰিব৷
প্ৰান্তীয় অঞ্চলত কৰ্মচাৰীৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে কয় যে যিসকল শিক্ষকে দুৰ্গম অঞ্চলত কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকক অতিৰিক্ত নম্বৰ প্ৰদান কৰা হ’ব৷ তদুপৰি নৱনিযুক্তসকলক শিক্ষাৰ জৰিয়তে সমাজখনত পোহৰ বিলাবলৈ সমৰ্পিত মনোভাবেৰে কাম কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ শেহতীয়াকৈ শিক্ষা বিভাগে লাভ কৰা ৰাষ্ট্ৰীয় বঁটাৰ কথা উল্লেখ কৰি অসমৰ শৈক্ষিক পৰিৱেশক আগুৱাই লৈ যোৱাৰ বাবে টে’ট শিক্ষকসকলে আগবঢ়াই অহা অৱদানক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰি ৰাজ্য চৰকাৰে শিক্ষকসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিছে আৰু দুৰ্নীতিৰ এটাও দৃষ্টান্ত নোহোৱাকৈ প্ৰতিটো নিযুক্তি প্ৰদান কৰা হৈছে৷