এডভাণ্টেজ আছাম ২.০ৰ সময়ত লাভ কৰা প্ৰতিশ্ৰুতিৰ আধাৰত শেহতীয়াকৈ গুৱাহাটীত ২২,৯০০ কোটি টকাৰ ঔদ্যোগিক বিনিয়োগৰ বুজাবুজিৰ চুক্তি-পত্ৰ বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্যখনৰ বিনিয়োগৰ ইতিহাসত এই কাৰ্যসূচী এক মাইলৰ খুঁটি হৈ ৰ’ব।
এই অনুষ্ঠানে অসমৰ বিনিয়োগ আৰু উন্নয়নৰ নতুন যুগৰ সূচনা কৰিব বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “বিভিন্ন খণ্ডৰ ২০টা বৃহৎ প্ৰকল্পৰ বাবে চুক্তি স্বাক্ষৰ কৰাৰ পদক্ষেপে ৰাজ্যখনৰ উন্নয়নমূলক লক্ষ্যৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতিক প্ৰতিনিধিত্ব কৰিছে।”

মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত গুৱাহাটী ৰিং ৰোড আৰু নাৰেংগী-কুৰুৱা দলঙৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰি কেন্দ্ৰীয় কেবিনেটে ২৩,০০০ কোটি টকাৰ বাজেট আবণ্টনৰ সৈতে গুৱাহাটী-শিলচৰ প্ৰৱেশ নিয়ন্ত্ৰিত মটৰৱেৰ বাবে অনুমোদন জনাইছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে চলিত বৰ্ষৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহতো একেধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা চলি আছে, য’ত বৃহৎ বিনিয়োগ চুক্তি চূড়ান্ত হ’ব।
আমুলৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আমুলে ৭৫ কোটি বিনিয়োগৰ জৰিয়তে ২০,০০০ নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।ধেমাজি, ডিব্ৰুগড় আৰু যোৰহাটত দুগ্ধ উৎপাদনৰ বাবে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে, যাৰ লক্ষ্য হৈছে ৩ লাখ লিটাৰ উৎপাদন কৰা। এই পদক্ষেপ ছেপ্টেম্বৰৰ ভিতৰত কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে।”
তেখেতে লগতে উল্লেখ কৰে যে অতিৰিক্ত দুগ্ধ উৎপাদনৰ বাবে আমুলৰ সৈতে চতুৰ্থ প্ৰকল্প চুক্তি স্বাক্ষৰিত হৈছে, “বৰ্তমান অসমত দৈনিক প্ৰায় ১.৩ লাখ লিটাৰ দুগ্ধ উৎপাদন হয়, আগন্তুক চাৰি-পাঁচ বছৰত এই সংখ্যা প্ৰতিদিনে ১০ লাখ লিটাৰলৈ বৃদ্ধি কৰাৰ দীৰ্ঘম্যাদী লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই লক্ষ্যৰ সৈতে সংগতি ৰাখি ৰাজ্যখনত দুটা অতিৰিক্ত প্ৰকল্প স্থাপন কৰিবলৈ আমুলক অনুৰোধ জনাইছোঁ।”
মুখ্যমন্ত্ৰীয়ে কামৰূপৰ বাহিৰেও আন স্থানত উদ্যোগসমূহৰ সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনায় আৰু বিশ্বনাথক আমুলৰ দ্বিতীয়টো দুগ্ধ ইউনিট স্থাপনৰ সম্ভাব্য স্থান হিচাপে প্ৰস্তাৱ আগবঢ়ায়।
ঔদ্যোগীকৰণৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে ৰাইজক উদ্দেশ্যি প্ৰশ্ন কৰে, “আদানীৰ গুৱাহাটী বিমানবন্দৰৰ সময়ত একাংশই কেনেদৰে প্রতিবাদ কৰিছিল, মনত আছেনে? তেওঁলোকৰ সন্মুখত মই ক’ব বিচাৰোঁ যে আজি গুৱাহাটী বিমানবন্দৰৰ দ্বাৰা সৃষ্টি হোৱা চাকৰি তিনিগুণ বৃদ্ধি পাই ১০ হাজাৰ হৈছে আৰু নতুন বিমানবন্দৰ স্থাপন হোৱাৰ লগে লগে ৩০ হাজাৰৰো অধিক নিযুক্তিৰ সৃষ্টি হ’ব।”
তেখেতে কয় যে যিকোনো ৰাজ্যৰ উন্নয়নৰ বাবে উদ্ভাৱনীমূলক চিন্তাধাৰাক প্ৰাধান্য দিয়াটো প্রয়োজন৷ এই উদ্দেশ্যৰ লগত সংগতি ৰাখি পূৰ্বৰ বাজেটত ‘ষ্টাৰ্ট-আপ এণ্ড ইনোভেশ্যন’ শীৰ্ষক এটা নতুন বিভাগ স্থাপন কৰা হৈছিল। ‘MASI Startup Programme’ৰ অধীনত ২৪টা ষ্টাৰ্ট-আপক মুঠ ২ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। এইসকল উদ্যমীয়ে স্কেল-আপৰ বাবে ষ্টাৰ্ট-আপ, আইডিয়াৰ পৰা প্ৰুফ অৱ কনচেপ্টলৈকে ষ্টাৰ্ট-আপ, পেটেণ্ট পৰিশোধ আৰু জিএছটি পৰিশোধ আদি শিতানৰ অধীনত অনুদান লাভ কৰিছে।

“ষ্টাৰ্ট-আপসমূহ বায়’টেকনলজি, প্ৰযুক্তিবিদ্যা আৰু উন্নত উদ্ভাৱনকে ধৰি বিভিন্ন খণ্ডত নিয়োজিত হৈ আছে। ৰাজ্যৰ যুৱচামে পেটেণ্ট লাভ আৰু ব্যৱহাৰিক ক্ষেত্ৰত নিজৰ ধাৰণা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে আৰু বহি:ৰাজ্যৰ ব্যক্তিসকলেও অসমৰ ইনকিউবেশ্যন চেণ্টাৰত কাম কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
ড° হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, “অসমৰ প্ৰায় ২০ লাখ যুৱক-যুৱতী বহি:ৰাজ্যত কৰ্মৰত। বহুতে কেৱল ৬,০০০-৭,০০০ টকা উপাৰ্জন কৰিবলৈ বাহিৰলৈ যায়। আমি ইয়াত মৰ্যাদাপূৰ্ণ সুযোগ সৃষ্টি কৰি এই ধাৰণাটো সলনি কৰিব লাগিব।”
বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বড়াই অসমৰ ঔদ্যোগিক পৰিৱেশক ৰূপান্তৰিত কৰি নতুন শিখৰত উপনীত কৰোৱাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।
প্ৰধান বিনিয়োগকাৰীসকল
| বিনিয়োগকাৰী | বিনিয়োগ (কোটি) |
| হিন্দুজা ৰিনিউৱেবলছ্ এনার্জি প্ৰাইভেট লিমিটেড | ১৪,০০০ |
| নিপ্কো | ২,৪০০ |
| মেগা শ্রী চিমেণ্টছ এলএলপি | ৮৫৯ |
| মেঘা টপ ইনফ্ৰা এলএলপি | ৮৫৯.২ |
| এছ জে ভি এন গ্ৰীন এনার্জি লিমিটেড | ৯৫০ |
| অমৃত চিমেণ্ট লিমিটেড | ৬১৭ |
| মেক্স চিমেণ্ট ইণ্ডাষ্ট্রিজ প্ৰাইভেট লিমিটেড | ৫১২.৯১ |
| অ’ টি পি চি (জইণ্ট ভেঞ্চাৰ) | ৫০০ |
| কামাখ্যা বায়’ফুয়েলছ প্ৰাইভেট লিমিটেড | ৩৪৬ |
| ডাউনটাউন হস্পিটেল লিমিটেড | ১২৯.৭২ |
| ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেড (তাজ গ্ৰুপ) | ১৭৫ |
| আমুল ছেটেলাইট ডেইৰী (গুৱাহাটী) | ৭৫ |










