জনসাধাৰণৰ মাজত কিতাপ পঢ়াৰ অভ্যাস বৃদ্ধি কৰিবলৈ ২৩ ডিচেম্বৰ ২০২৪ত ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকত এটি বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ২০২৫ক ‘কিতাপৰ বৰ্ষ’ হিচাপে ঘোষণা কৰা হয়।
এই পদক্ষেপৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ খানাপাৰাত প্ৰথমবাৰৰ বাবে ‘অসম গ্ৰন্থমেলা’ অনুষ্ঠিত কৰা হয়। কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি চলিত বৰ্ষৰ ভিতৰত সকলো জিলাত গ্ৰন্থমেলা আয়োজন কৰা হ’ব আৰু নতুন বছৰৰ উপহাৰ হিচাপে কিতাপ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।
“আমি অসমত বৌদ্ধিক পৰিৱেশ ওভতাই আনিব লাগিব,” এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰে, “২০২৫ক কিতাপৰ বৰ্ষ হিচাপে উদযাপনৰ ঘোষণা কৰাৰ আগতেই আমি ইতিমধ্যে অধ্যয়নমুখী এখন সমাজৰ ভেটি স্থাপন কৰিবলৈ প্ৰয়াস কৰিছিলোঁ৷ ইয়াৰ বাবে ২০২৪ চনত আমি অসমত ২,৫৯৭ পুথিভঁৰাল নিৰ্মাণৰ বাবে ২৫৯.৭ কোটি টকা অনুমোদন জনাইছিলোঁ।”
এই পুথিভঁৰালসমূহ নিৰ্মাণৰ বাবে ২০০০ৰো অধিক গাঁও পঞ্চায়ত, ৪০০ পৌৰ নিগমৰ ৱাৰ্ড সামৰি লোৱা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ফে’চবুকত প্ৰকাশ কৰে। আধুনিক ভৱন, কিতাপ, আচবাব, কম্পিউটাৰ, ইণ্টাৰনেট সংযোগ আদিৰ সুবিধাৰে এই পদক্ষেপ গ্ৰহণ কৰা হ’ব।
ৰাইজৰ দিহা-পৰামৰ্শক সাৰোগত কৰি কিতাপৰ বৰ্ষ উদযাপন কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে আৰু বিভিন্ন চৰকাৰী কাৰ্যসূচী আয়োজন কৰা হ’ব বুলিও তেখেতে কয়।
অসমৰ নৱপ্ৰজন্মৰ মাজত কিতাপ ক্ৰয় আৰু পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।