খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ দিশত অভিনৱ পদক্ষেপ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে শেহতীয়াকৈ ১৯.৯২ লাখ নতুন হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ এই প্ৰক্ৰিয়াৰ সুফল লাভেৰে নতুন হিতাধিকাৰীসকলে এতিয়াৰ পৰা প্ৰতিমাহে বিনামূলীয়া ৰেচন লাভ কৰিব৷ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ (এনএফএছএ) অধীনত সুবিধা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
অৰুণোদয় ৩.০ আঁচনি মুকলি কৰাৰ দিনাই অতিৰিক্ত ১৯,৯২,১৬৭গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে আৰম্ভ কৰে৷ উল্লেখযোগ্য যে অৰুণোদয়ৰ সৈতে ৰেচন কাৰ্ড সংযোজন তথা ইয়াৰ সুবিধা লাভ কৰাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে পৰিকল্পনা কৰিছে৷
ইয়াৰ বাবে ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা আবেদন প্ৰক্ৰিয়া ১৫ অক্টোবৰলৈ অব্যাহত থাকিব৷ আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখ টকাতকৈ কম হোৱাসকলে এই পদক্ষেপৰ সুফল লাভ কৰিব পাৰিব৷
দেশবাসীৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাটোৱেই হৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ৰ লক্ষ্য৷ ইয়াৰ বাবে দেশজুৰি ৮০০ নিযুতৰো অধিক লোকক বিনামূলীয়া চাউল প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷
অসমত বৰ্তমান ২,৩১,৯৭,৬০৮গৰাকী হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ (পিএমজিকেএৱাই)ৰ অধীনত বিনামূলীয়া চাউল লাভ কৰিছে আৰু এই সংখ্যাই ৬৬,৮৬,৮৪৫টা পৰিয়ালক সামৰি লৈছে৷
এই আঁচনিখনে আৰ্থিক স্থিতিৰ আধাৰত দুই প্ৰকাৰৰ কাৰ্ড আগবঢ়ায় – অন্তো্যাদয়া অন্ন যোজনা (এএৱাই) আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল (পিএইচএইচ)ৰ কাৰ্ড৷
২০১১ চনৰ লোকপিয়ল অনুসৰি কেন্দ্ৰীয় চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত অসমৰ বাবে ২,৫১,৮৯,৭১৫গৰাকী হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল৷ এই লক্ষ্য পূৰণ কৰিবলৈ অতিৰিক্ত ১৯,৯২,১৬৭গৰাকী হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন৷
ৰাজ্য চৰকাৰে জিলা অনুযায়ী নতুন হিতাধিকাৰীৰ সংখ্যা নিৰ্ধাৰণ কৰিছে৷ ইয়াৰ বাবে প্ৰতিখন জিলাৰ বিধান সভা সমষ্টিৰ সংখ্যা অনুসৰি কোটা নিৰ্ধাৰণ কৰা হৈছে৷ আগ্ৰহী আবেদনকাৰীসকলে অসম খাদ্য সুৰক্ষা বিধি ২০২২ অনুসৰি প্ৰপত্ৰ দাখিল কৰিব পাৰিব৷ গাঁও পঞ্চায়ত বা পৌৰসভা পৰ্যায়ৰ সমিতিয়ে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব আৰু ইয়াৰ পাছত জিলা আয়ুক্ত, অভিভাৱক মন্ত্ৰী আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই অনুমোদন জনাব৷ এই বিৱৰণসমূহ ৰেচন কাৰ্ড মেনেজমেণ্ট ছিষ্টেমত (আৰচিএমএছ) ডিজিটাইজ কৰা হ’ব৷
সকলো জিলা আৰু মহকুমাত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তত্ত্বাৱধানত এই প্ৰক্ৰিয়া আৰম্ভ হৈছে