• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Monday, January 30, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home কেন্দ্ৰ-ৰাজ্য সংবাদ

হৰ ঘৰ দস্তক ২.০ সুৰক্ষাৰ প্ৰতিষেধক পালি

AB Bureau by AB Bureau
July 4, 2022
in অসমীয়া, কেন্দ্ৰ-ৰাজ্য সংবাদ
0
0
ডিব্ৰুগড়ত দুগৰাকী মহিলাক ভেকচিন প্ৰদানৰ পাছত আনুষ্ঠানিকতাসমূহ সম্পন্ন কৰি থকা মুহূৰ্তত এগৰাকী এএনএম৷

ডিব্ৰুগড়ত দুগৰাকী মহিলাক ভেকচিন প্ৰদানৰ পাছত আনুষ্ঠানিকতাসমূহ সম্পন্ন কৰি থকা মুহূৰ্তত এগৰাকী এএনএম৷

১৮ জুন, সোমবাৰ, দুপৰীয়া ১২ বাজি ৩০ মিনিট৷ গুৱাহাটীৰ নতুন শৰণীয়া গান্ধী বস্তিৰ বাসিন্দা গায়ত্ৰী দত্ত (৭৫)ই তেওঁৰ দুৱাৰত এটি বিশেষ টোকৰ পৰালৈ অপেক্ষা কৰি আছে৷ সমগ্ৰ অসমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)ৰ অধীনত চলি থকা ‘হৰ ঘৰ দস্তক ২.০’ অভিযানৰ অংশ হিচাপে পূব গুৱাহাটী ৰাজ্যিক ঔষধালয়ৰ অধীনৰ নিকটৱৰ্তী নগৰ জনস্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মীসকল আজি তেওঁৰ ঘৰলৈ আহিব৷

তেওঁৰ এই উদ্বিগ্নতাৰ অন্ত তেতিয়াহে পৰে যেতিয়া দুগৰাকী এএনএম (Auxiliary Nursing Midwifery) আৰু এগৰাকী আশা (Accredited Social Health Activist) কৰ্মীৰে গঠিত তিনিজনীয়া দল এটা আহি তেওঁৰ বাসগৃহত উপস্থিত হয়৷

দত্ত পৰিয়ালৰ সকলো সদস্যই আগতেই তেওঁলোকৰ বুষ্টাৰ ড’জ গ্ৰহণ কৰিছিল যদিও গায়ত্ৰী দত্তৰ এয়া দ্বিতীয় পালিহে আছিল৷ ‘হৰ ঘৰ দস্তক’ কাৰ্যসূচীৰ অংশ হিচাপে তেওঁলোকে ঔষধালয়ৰ সৈতে যোগাযোগ কৰি তেওঁৰ বাবে নিৰ্দিষ্ট সময়সূচী নিৰ্ধাৰণ কৰিছিল৷ “আজি মই সুৰক্ষিত অনুভৱ কৰিছোঁ৷ মই ভাবো এতিয়া আৰু মোৰ ক’ভিড হ’ব নোৱাৰে,” গায়ত্ৰী দত্তই কয়৷

গায়ত্ৰী দত্তক ক’ভিড-১৯ প্ৰতিষেধক পালি প্ৰদান কৰা এএনএম পাৰবিন চুলতানাই কয় যে টিকাকৰণৰ ক্ষেত্ৰত পূৰ্বতে বহুতৰ মনত কিছু দ্বিধা আছিল যদিও সময়ৰ লগে লগে এতিয়া ই হ্ৰাস পাইছে৷

“টিকাকৰণ অভিযান আৰম্ভ হোৱাৰেপৰা এই পৰ্যন্ত মই প্ৰায় আঠ হাজাৰ ক’ভিড পালি প্ৰদান কৰিছোঁ”, তেওঁ কয়৷

গায়ত্ৰী দত্তৰ ঘৰলৈ এএনএম দুগৰাকীৰ সৈতে যোৱা আশাকৰ্মী নীলিমা দেৱীয়ে কয় যে প্ৰথম পৰ্যায়ত মানুহক বুজনি দি ভেকচিন কেন্দ্ৰলৈ আনিবলগীয়া হৈছিল যদিও এতিয়া তেওঁলোকে নিজেই ইয়ালৈ আহে৷ “যিহেতু মোৰ ওচৰত এই অঞ্চলৰ সকলো লোকৰে সবিশেষ তথ্য আছে, সেইবাবে মই ৬০ বছৰৰ ঊদ্ধৰ্ৰ লোকসকলৰ লগতে কোন কোন ইয়াৰপৰা বঞ্চিত হৈছে সকলো গম পাওঁ”, তেওঁ কয়৷

পূব গুৱাহাটী জনস্বাস্থ্য কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ খণ্ড প্ৰকল্প প্ৰৱন্ধক ৰূপৰেখা খাটনিয়াৰে কয় যে ‘হৰ ঘৰ দস্তক ২.০’ টিকাকৰণ অভিযানৰ অধীনত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই শিক্ষানুষ্ঠানসমূহত ভেকচিন শিবিৰৰ আয়োজন কৰাৰ লগতে বয়োজ্যেষ্ঠ লোকসকলৰ বাবে ঘৰে ঘৰে ক’ভিড সুৰক্ষামূলক পালি প্ৰদান কৰাৰ বাবে বিশেষ অভিযান আৰম্ভ কৰিছে৷
“২০ জুনলৈকে আমি আমাৰ ক্ষেত্ৰৰ অধীনৰ এলেকাসমূহত প্ৰায় ৯২ বাৰ অহা যোৱা কৰিছোঁ৷ এই সময়ছোৱাত আমি ৰাইজৰপৰা ভাল সঁহাৰি লাভ কৰিছিলোঁ৷ আমি কোনো প্ৰতিৰোধৰ সন্মুখীন হোৱা নাছিলোঁ,” খাটনিয়াৰে কয়৷

এজন বয়োজ্যেষ্ঠ লোকক ক’ভিড ভেকচিন প্ৰদান কৰাৰ মুহূৰ্তত এগৰাকী নাৰ্চ (ফটো: এনএইচএম)

তেওঁ লগতে কয় যে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই ১০৪ ফোন সেৱাৰ (অসম চৰকাৰৰ স্বাস্থ্যসেৱা হেল্পলাইন) জৰিয়তে বয়োজ্যেষ্ঠসকলৰ বাবে ক’ভিড ভেকচিন প্ৰদান কৰাৰ বাবে বহুতো অনুৰোধ লাভ কৰিছে৷

চানমাৰীৰ নিজৰাপাৰ অঞ্চলৰ বাসিন্দা উত্তৰা বৈশ্যই (৬৪) তেওঁৰ সুৰক্ষামূলক পালিৰ বাবে পূব গুৱাহাটী ৰাজ্যিক ঔষধালয়ৰ সৈতে যোগাযোগ কৰিছিল৷ তেওঁ নিজৰ বাসগৃহতে এই পালি গ্ৰহণ কৰিছিল৷

“মই এতিয়া দুগুণ সুৰক্ষিত৷ এই স্বাস্থ্য অভিযান আৰম্ভ কৰাৰ বাবে মই ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ,”তেওঁ কয়৷

সাৰ্বজনীন টিকাকৰণ অভিযানৰ এগৰাকী বিষয়াৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি এই অভিযানৰ অন্তত ৰাজ্যখনত প্ৰদান কৰা মুঠ পালিৰ সংখ্যা আছিল ১১.৫৬ লাখ, ইয়াৰে ১.৯০ লাখ ব্যক্তিক বুষ্টাৰ পালি প্ৰদান কৰা হয়৷ অভিযানৰ প্ৰথম দিন কেইটাত মুঠ পালি প্ৰদানৰ সংখ্যা উৎসাহজনক আছিল৷ কিন্তু, নেৰানেপেৰা বৰষুণ আৰু বানপানীৰ বাবে অভিযানৰ গতি কিছু পৰিমানে স্তিমিত হৈ পৰিছিল৷ তথাপিও পৰিসংখ্যা সন্তোষজনক,” এগৰাকী শীৰ্ষ বিষয়াই কয়৷

“সমগ্ৰ দেশতে যোৱা ১ জুনত হৰ ঘৰ দস্তক ২.০ অভিযান আৰম্ভ হৈছিল যদিও, অসমত সা-সঁজুলি আৰু অন্যান্য প্ৰয়োজনীয়তাবোৰ সম্পূৰ্ণ কৰি ৬ জুনৰ পৰাহে এই অভিযান আৰম্ভ কৰা হৈছিল,” স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই কয়৷

ShareTweetShare

Related Posts

অৰুণোদয় ২.০ৰ শুভাৰম্ভণি
বিশেষ বাৰ্তা

অৰুণোদয় ২.০ৰ শুভাৰম্ভণি

January 1, 2023
2.5k
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে মহাসংগ্ৰাম
দৃষ্টিভংগী

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে মহাসংগ্ৰাম

January 1, 2023
2.4k
Fresh Take-off
সম্পাদকীয়

উন্নয়ন অবিৰত

January 1, 2023
3.2k
It takes two to tango
উদ্যমিতা

আত্মবিশ্বাসেৰে আত্মনিৰ্ভৰশীল যাত্ৰা

January 1, 2023
3.2k
বিধায়কৰ সপোনৰ দাপোণত উন্নয়নৰ প্ৰতিবিম্ব
বিধায়কৰ বাৰ্তা

বিধায়কৰ সপোনৰ দাপোণত উন্নয়নৰ প্ৰতিবিম্ব

January 1, 2023
2.5k
প্ৰজ্ঞান ভাৰতীঃ সাধনাৰ প্ৰেৰণা 
অনিৰুদ্ধ অসম

প্ৰজ্ঞান ভাৰতীঃ সাধনাৰ প্ৰেৰণা 

January 1, 2023
2.1k
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In