মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ কামৰূপ জিলাৰ হাজোৰ ভৰালীটোলাত অসমৰ প্রাক্তন মুখ্যমন্ত্রী, মহান স্বাধীনতা সংগ্ৰামী তথা সমাজ সংস্কাৰক বিষ্ণুৰাম মেধিৰ প্রতিমূর্তি উন্মোচন কৰে।
স্বৰাজোত্তৰ কালৰ অসমৰ প্রথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ১৯৫০ চনত মৃত্যুৰ পাছত বিষ্ণুৰাম মেধি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত হয় আৰু ১৯৫০-১৯৫৭ চনলৈ কাৰ্যনিৰ্বাহ কৰে। অসমৰ লৌহমানৱ হিচাপে খ্যাত বিষ্ণুৰাম মেধি ১৯৫৮ চনত মাদ্ৰাজৰ ৰাজ্যপাল হিচাপেও নিযুক্ত হৈ প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল হিচাপে স্বীকৃতি লাভ কৰে।
বিষ্ণুৰাম মেধিৰ অতুলনীয় অৱদানৰ স্বীকৃতিস্বৰূপে ৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয়। প্ৰতিমূৰ্তি স্থাপনৰ দায়িত্বত থকা সমিতিৰ বিষয়ববীয়াসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে ধন্যবাদ জনায় আৰু এই পদক্ষেপক বাস্তৱত পৰিণত কৰাত সহায় কৰাৰ বাবে হাজোবাসীকো তেখেতে কৃতজ্ঞতা জ্ঞাপন কৰে।
ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ উত্তৰসুৰী হিচাপে বিষ্ণুৰাম মেধিয়ে কেনেদৰে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে, সেই বিষয়েও ড° হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানৰ ভাষণ প্ৰসংগত বৰ্ণনা কৰে।
“লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আধৰুৱা সপোনক বাস্তৱায়িত কৰাৰ দায়িত্ব লৈছিল বিষ্ণুৰাম মেধিয়ে। কঠিন পৰিস্থিতিতো বিচলিত নহৈ দায়বদ্ধতাৰে তেখেতে কামসমূহ ৰূপায়ণ কৰি সফলতাৰ ৰূপ দিছিল। অসমৰ জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ এনাজৰী শক্তিশালী কৰাৰ বাবে তেখেতে উৎসৰ্গিত মনোভাবেৰে কাম কৰিছিল। ৰাজ্যৰ পৰা অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰিবলৈও তেখেতে অক্লান্তভাৱে কাম কৰিছিল। মৃত্যুৰ পূৰ্বে বিষ্ণুৰাম মেধিয়ে নিজৰ সঞ্চয়ৰ সমস্ত উপাৰ্জন দান কৰিছিল অসমৰ ৰাইজক,” মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।
মহম্মদ ছাদুল্লাই প্ৰব্ৰজনকাৰীসকলৰ বাবে আগবঢ়োৱা পুনৰসংস্থাপন নীতিৰ বিৰোধিতা কৰাত গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিয়ে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে আৰু বিষ্ণুৰাম মেধিক ৰাজ্যৰ এগৰাকী সুদক্ষ ৰাজনীতিবিদ বুলি কয়।
অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে মেধিৰ মুখ্যমন্ত্রিত্বৰ সময়ছোৱাত হোৱা কেইবাটাও উল্লেখযোগ্য কামৰ খতিয়ান দাঙি ধৰে৷ দেশৰ স্বাধীনতাৰ পাছৰ অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰীয়ে জনজাতীয় লোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে অসম ভূমি ৰাজহ আইন সংশোধন কৰাৰ সন্দৰ্ভতো ভাষণত কয়। ৰাজহ মন্ত্ৰী হিচাপেও তেখেতে জনকল্যাণমূলক বিভিন্ন কাম কৰি থৈ গৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। ইয়াৰ ভিতৰত তেখেতে চিলিং আইন, নগৰী ৰায়তীস্বত্ব আইন, ৰিলিফ আইন, জমিদাৰী আইন আদিক প্ৰশংসনীয় কৰ্ম বুলি কয়।
ড° হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, “ব্ৰহ্মপুত্ৰত শৰাইঘাট দলং, উমত্ৰু জলবিদ্যুৎ প্ৰকল্প আৰু গুৱাহাটী তেল শোধনাগাৰ নিৰ্মাণত বিষ্ণুৰাম মেধি ডাঙৰীয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।”
পলাশবাৰী আৰু শুৱালকুছি সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া দলংখনৰ নাম বিষ্ণুৰাম মেধিৰ সন্মানাৰ্থে ৰখা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তদুপৰি তেখেতৰ স্মৰণত এটা স্মৃতিসৌধ চৌহদৰ বাবে পুঁজি যোগানতো অনুমোদন জনায় বুলিও ড° হিমন্ত বিশ্ব শৰ্মাই কয় আৰু গুৱাহাটী ৰে’লৱে ষ্টেশ্যনৰ নাম বিষ্ণুৰাম মেধিৰ নামেৰে নামকৰণ কৰাৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা হ’ব বুলি তেখেতে উল্লেখ কৰে।