সন্মুখত হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়ৰ পৰীক্ষাত ৫০% বস্তুনিষ্ঠ প্ৰশ্ন থাকিব৷ সেই উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে পৰীক্ষাৰ প্ৰাকক্ষণত ডিব্ৰুগড় জিলাৰ অভ্যন্তৰীণ পৰীক্ষা সমিতিয়ে গ্ৰহণ কৰে এক বিশেষ পদক্ষেপ৷ সমিতিৰ তত্ত্বাৱধানত প্ৰকাশ কৰি উলিওৱা হৈছে ওপৰত উল্লেখ কৰা চাৰিটা বিষয়ৰ এখন সহায়িকা পুথি৷
কম সময়ৰ ভিতৰতে প্ৰস্তুত কৰা এই পুথিখনৰ কাৰ্যবাহী সমিতিত আছে সমিতিৰ সভাপতি তথা ডিব্ৰুগড়ৰ তদানীন্তন বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰী, উপ-সভাপতি তথা ছেবাৰ আঞ্চলিক সচিব আৰু সমগ্ৰ শিক্ষা, ডিব্ৰুগড়ৰ জিলা আঁচনি বিষয়া দীপাংকৰ দত্ত, সম্পাদক তথা টেঙাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ-প্ৰধান শিক্ষক উদয় শংকৰ গগৈ, সহকাৰী সম্পাদকদ্বয় ক্ৰমে চাবুৱা চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অঞ্জন কোঁৱৰ আৰু চাচাজী হাইস্কুলৰ প্ৰধান শিক্ষক শিও কুমাৰ চাহু৷
সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল উন্নীতকৰণ আৰু জ্ঞান আহৰণৰ যাত্ৰাত সহায়ক হোৱাকৈ প্ৰস্তুত কৰা এই পুথিখনত পাঠ্যপুথিৰ অন্তৰ্গত বিভিন্ন বিষয়ক প্ৰশ্ন আৰু উত্তৰ সন্নিৱিষ্ট কৰা হৈছে৷ এই সন্দৰ্ভত অসম বাৰ্তাৰ সৈতে হোৱা এটি বাৰ্তালাপত দীপাংকৰ দত্তই কয়, “সহায়িকা পুথিখনৰ কাৰ্যবাহী সমিতিৰ সদস্যসকলৰ সৈতে হোৱা এখন বৈঠকত আমি এই পদক্ষেপৰ বিষয়ে আলোচনা কৰোঁ আৰু ইয়াৰ সফল ৰূপায়ণৰ বাবে প্ৰাৰম্ভিক অৱস্থাত ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰী তথা শিক্ষকৰ সৈতে কথা পাতোঁ৷ তেওঁলোকে এই পদক্ষেপৰ প্ৰতি ভাল সঁহাৰি জনায়৷ এনেদৰে আমি জিলাৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকলৰ সৈতে যোগাযোগ কৰোঁ আৰু তেওঁলোকৰ সহযোগিতাত আৰ্হি কাকত প্ৰস্তুত কৰি পৰ্যায়ক্ৰমে আগবাঢ়োঁ৷”
সমিতিৰ সম্পাদক উদয় শংকৰ গগৈয়ে অসম বাৰ্তাক জনায় “ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে সহায়িকা পুথিখন প্ৰস্তুত কৰা হৈছে৷ বহুকেইগৰাকী ব্যক্তিৰ দিহা-পৰামৰ্শ, সহযোগিতাৰে সীমিত সময় আৰু সামথ্যৰ্ৰে পুথিখনৰ কাম সম্পাদন কৰা হৈছিল৷ সম্পূৰ্ণ বিনামূলীয়াকৈ বিদ্যালয়সমূহত পুথিখন যোগান ধৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকল বহুখিনি উপকৃত হৈছে বুলিও আমি জানিব পাৰিছোঁ৷ যদিও ডিব্ৰুগড. জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আমি প্ৰস্তুত কৰিছিলোঁ, পাছলৈ আমাক অন্য জিলাৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলেও যোগাযোগ কৰি পুথিখনৰ উপলভ্যতাৰ বিষয়ে সুধিছে আৰু আমিও এইক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ৷”
টেঙাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী নম্ৰতা গগৈয়ে কয়, “কিতাপখনে মোক যথেষ্ট সহায় কৰিছে৷ চাৰিটা বিষয়ৰে পাঠ্যপুথিৰ অন্তৰ্গত বিভিন্ন প্ৰশ্ন আৰু উত্তৰ চুটিকৈ লিখা আছে৷ মই এইকেইদিন সদায় পঢ়ি আছোঁ৷ বিষয়বস্তুবোৰ বুজিবলৈ সহজ আৰু সুবিধা হৈছে৷”