মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তিনিদিনীয়া বৰাক উপত্যকা ভ্ৰমণৰ অন্তিম দিনটোত শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ অংশ হিচাপে ২৪ আগষ্ট ২০২৪ত মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ ৰোগীসকলৰ বাবে ২০খন বিছনাযুক্ত কাৰ্ডিঅ’লজী আই চি ইউ উৎসৰ্গা কৰে।
তেখেতে এই ভ্ৰমণৰ সময়ছোৱাত ৫৩৫খন বিছনাযুক্ত জৰুৰীকালীন ভৱনটোৰ বৰ্তমানৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। এই ভৱনটো বৰ্তমানৰ আন্তঃগাঁথনিৰ সৈতে সংলগ্ন কৰা হ’ব। ২০২৫ বৰ্ষৰ নৱেম্বৰ মাহত মুকলি কৰাৰ সম্ভাৱনা থকা নতুন জৰুৰীকালীন ভৱনটোৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত চিকিৎসালয়খনৰ মুঠ বিছনাৰ সংখ্যা আই চি ইউৰ বিছনাকে ধৰি বৰ্তমানৰ ১,৩৫০খনৰ পৰা প্ৰায় ১,৮৮৫খনলৈ বৃদ্ধি পাব।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মহাবিদ্যালয় চৌহদত ১,০০০খন বিছনাৰ আন এটা ভৱনো নিৰ্মাণ কৰা হ’ব। তদুপৰি পৰৱৰ্তী ১০ বছৰৰ প্ৰয়োজনীয়তা বিবেচনা কৰি কৰ্মচাৰীৰ খালী পদকে ধৰি চিকিৎসালয়খনৰ আনুষংগিক সেৱাসমূহৰো তেখেতে মূল্যায়ন কৰে। চিকিৎসালয়খনৰ ভৱিষ্যতৰ দিশটোলৈ লক্ষ্য কৰি সম্প্ৰসাৰণৰ বিষয়টোত গুৰুত্ব প্ৰদানেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লোক নিৰ্মাণ বিভাগ (ভৱন)ৰ বিষয়াসকলক এক উন্নত পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে।
উক্ত দিনাই কাছাৰ জিলা উকীল সন্থাৰ ১৫০ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠানতো মুখ্যমন্ত্ৰীগৰাকীয়ে অংশ লয়।
এই অনুষ্ঠানৰ ভাষণ প্ৰসংগত তেখেতে ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেখেতে সদৰী কৰে যে গণতন্ত্ৰৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে ভাৰতৰ এখন ন্যায়পালিকা আছে, যাক অন্যতম মৌলিক স্তম্ভ হিচাপে বিবেচনা কৰা হয়। নিজৰ আইনগত দক্ষতা ব্যৱহাৰ কৰি ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে জনমত গঠন কৰা মহাত্মা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেল, ড° বি আৰ আম্বেদকাৰ, ৰাজেন্দ্ৰ প্ৰসাদ আদিৰ অৱদানৰ কথাও তেখেতে স্মৰণ কৰে।
মুখ্যমন্ত্ৰীয়ে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু স্বাধীনতা সংগ্ৰামৰ আদৰ্শৰ আধাৰত আইনী ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যক প্ৰতিফলিত কৰাৰ বিষয়টো উল্লেখ কৰে। এইক্ষেত্ৰত তেখেতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় ন্যায় সংহিতা (বিএনএছ), ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ) আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম (বিএছএ)ৰ প্ৰৱৰ্তনৰ কথা ব্যক্ত কৰি ভাৰতৰ আইন ব্যৱস্থাৰ পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰে।
চলিত বৰ্ষৰ ২৩ আগষ্টত হাইলাকান্দিৰ ৰবীন্দ্ৰ ভৱনত মুখ্যমন্ত্রীয়ে এখন বৈঠকত ভাষণ প্ৰদান কৰি ২০২৬ চনৰ আৰম্ভণিতে তথা আগন্তুক বিধান সভা নির্বাচনৰ পূর্বে জিলাখনত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ বিষয়েও ঘোষণা কৰে৷ চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণ কৰিবলৈ উপযুক্ত স্থান বাছনিৰ বাবে হাইলাকান্দি জিলা আয়ুক্তক নিৰ্দেশ দিয়া বুলিও তেখেতে কয়।
—————————————————————-