অসম বিধান সভাৰ মজিয়াত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত প্ৰকাশ কৰা শক্তিশালী শব্দ আৰু চিন্তা আছিল ভৱিষ্যৎ অসমৰ এক সুদূৰপ্ৰসাৰী দৃষ্টিভংগী৷ তেখেতে ৰাজ্যখনৰ দক্ষ পেছাদাৰী আৰু অৰ্থনৈতিক বিকাশৰ চালিকাশক্তি হ’ব পৰা সম্ভাৱনা সম্পৰ্কে আলোকপাত কৰি কয়, “সৰ্বশ্ৰেষ্ঠ মানৱ সম্পদ বিতৰণ কৰি অসম অৰ্থনৈতিক কেন্দ্ৰবিন্দু হ’ব পাৰে৷” শিক্ষা, মানৱ সম্পদ বিকাশ আৰু অৰ্থনৈতিক বহনক্ষমতা আদিৰ লগতে ৰাজ্যখনে সন্মুখীন হোৱা কিছুমান গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীৰ কৌশলগত দৃষ্টিভংগীয়ে এক শক্তিশালী পৰিকাঠামোৰ ৰূপৰেখা প্ৰস্তুত কৰিছে৷
‘লুক ইষ্ট পলিচী’ক ‘এক্ট ইষ্ট পলিচী’লৈ সলনি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিৱৰ্তনশীল দৃষ্টিভংগীয়ে আমাৰ যুৱ, কৃষক, উদ্যমী আৰু শিপিনীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে৷ আজি তেওঁলোকে বিশ্ববজাৰত প্ৰৱেশ কৰিবলৈ আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে এক সম্ভাৱনাময় অংশীদাৰিত্ব গঢ়ি তুলিবলৈ সমৰ্থ হৈ উঠিছে৷
মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী জনসেৱাৰ নীতিৰ আধাৰত ৰাজ্যখনে এই দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰিবলৈ আগবাঢ়িছে৷ আজি এক স্পষ্ট ইংগিত লাভ কৰিব পৰা গৈছে যে ভাৰতৰ কৰ্মশক্তিৰ ভৱিষ্যৎ গঢ়িব পৰাকৈ অসম মানৱ মূলধনৰ উৎকৰ্ষৰ এক পটভূমি সাজু হৈ উঠিছে৷ মই তেওঁৰ চৰকাৰৰ এজন সহযোগী মন্ত্ৰী হিচাপে এই সুদূৰপ্ৰসাৰী দৃষ্টিভংগীক অন্তঃকৰণেৰে সমৰ্থন আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ, যি মূলতঃ পাঁচটা মজবুত স্তম্ভ, যেনে – মানৱ সম্পদৰ যোগান, দক্ষতা বিকাশ, উদ্যমশীলতা, কৃষি আৰু পৰ্যটনৰ বিকাশৰ ওপৰত নিৰ্ভৰশীল৷
১) মানৱ সম্পদৰ যোগান ঃ অসমৰ কৌশলগত সুবিধা ঃ সীমিত আৰু অসমানভাৱে বিতৰণ হৈ থকা প্ৰাকৃতিক সম্পদৰ বিপৰীতে কৰ্মযোগী মুখ্যমন্ত্ৰীগৰাকীয়ে মানৱ সম্পদক অসমৰ আটাইতকৈ মূল্যৱান সম্পদ হিচাপে চিনাক্ত কৰিছে৷ এক দক্ষ মানৱ সম্পদৰ আধাৰত অসমে বিশ্বব্যাপী এক অৰ্থনীতি গঢ়ি তুলিবলৈ নিজৰ স্থিতি সবল কৰিছে৷ আমাৰ নাৰ্ছিং স্নাতকসকলৰ প্ৰতি প্ৰকাশ ছিংগাপুৰ চৰকাৰৰ আগ্ৰহে আমাৰ কৰ্মশক্তিৰ মান আৰু সম্ভাৱনাক প্ৰতিফলিত কৰিছে৷ এই পদক্ষেপে নিবনুৱা সমস্যাৰ মোকাবিলা কৰাৰ লগতে আমাৰ ৰাজ্যত অতি প্ৰয়োজনীয় বৈদেশিক মুদ্ৰা উপলভ্য কৰি অৰ্থনৈতিক শ্ৰীবৃদ্ধিত সহায় কৰিব৷ চাকৰিপ্ৰত্যাশীসকলৰ বাবে এক অতিৰিক্ত সুবিধাৰ চিনস্বৰূপে আমি Naukri.comৰ সৈতে এক বুজাবুজি চুক্তি সম্পাদন কৰিছোঁ৷ অসম নিযুক্তি বিনিময় প’ৰ্টেলৰ অধীনত পঞ্জীয়ন কৰা লোকসকলক বিভিন্ন খণ্ডত চাকৰি আৰু খালী পদৰ বিষয়ে এতিয়া সজাগ হৈ থাকিব৷ তদুপৰি, চৰকাৰে এক লাখ চৰকাৰী চাকৰি দিয়াৰ সংকল্পক সফল ৰূপ দিয়াৰ পাছত এতিয়া ২০২৬ চনৰ ভিতৰত এই সংখ্যা দুগুণ কৰাৰ লক্ষ্যৰে কাম কৰি আছে৷ সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছতাৰে পৰিচালিত হৈছে, যি ছাত্ৰ-ছাত্ৰীসকলক আন্দোলন-প্ৰতিবাদ বা আইনবিৰুদ্ধ কাৰ্যকলাপৰ পৰা আঁতৰাই শৈক্ষিক ক্ষেত্ৰৰ সুস্থ প্ৰতিযোগিতাৰ দিশলৈ লৈ যোৱাত সফল হৈছে৷
২) দক্ষতা বিকাশ ঃ ভৱিষ্যৎ উদ্যোগৰ আধাৰ ঃ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ভৱিষ্যতৰ আধাৰশিলা হিচাপে দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিছে৷ মঙলদৈত দক্ষতা বিশ্ববিদ্যালয় স্থাপনৰ লগে লগে আমি কৃত্ৰিম বুদ্ধিমত্তা, বিত্তীয় অন্তৰ্ভুক্তি আৰু শ্বেয়াৰ বজাৰৰ কাৰ্যকলাপৰ দৰে ক্ষেত্ৰসমূহত অত্যাধুনিক দক্ষতাৰে বছৰি ১০,০০০ যুৱক-যুৱতীক প্ৰশিক্ষিত কৰিব পাৰিম৷ আমাৰ আইটিআই আৰু পলিটেকনিকসমূহৰ সংস্কাৰ আৰু আধুনিকীকৰণৰ বাবে টাটা টেকন’লজীৰ সহযোগিতা হৈছে উদ্যোগ ৪.০ৰ প্ৰতি আমাৰ এক সবল খোজ৷ অসমত স্থাপন হোৱা অৰ্ধপৰিবাহী উদ্যোগটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ২৭,০০০ যুৱক-যুৱতীক সংস্থাপন প্ৰদান কৰি এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব৷
৩) উদ্যমিতা – বৌদ্ধিক উদ্যোগ ঃ আজি উদ্যমিতাৰ ক্ষেত্ৰত অসমৰ অনন্য প্ৰত্যাহ্বানসমূহ একোটা সুযোগলৈ ৰূপান্তৰিত হৈছে৷ আমাৰ ৰাজ্যৰ সীমিত প্ৰাকৃতিক সম্পদৰ বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীয়ে বুদ্ধিমত্তাৰে ভৌতিক সম্পদৰ সলনি বৌদ্ধিক মূলধন আধাৰিত উদ্যোগ স্থাপনৰ বিষয়ে উল্লেখ কৰিছে৷ অসমৰ দৰে বানপ্ৰৱণ অঞ্চলত পৰম্পৰাগত উদ্যোগ ব্যৱস্থাৰ যথেষ্ট প্ৰত্যাহ্বান আছে৷ ‘বৌদ্ধিক উদ্যোগ’ – কৃত্ৰিম বুদ্ধিমত্তাৰ বাস্তৱমুখী যাত্ৰা, ছ’ফটৱেৰ বিকাশ আৰু ভৱিষ্যৎমুখী অন্যান্য উদ্যোগক সামৰি এক বিকাশৰ পথ অংকিত হৈছে৷
৪) কৃষি ঃ অসমৰ অৰ্থনীতিৰ মেৰুদণ্ডক পুনৰুজ্জীৱিত কৰা ঃ অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড কৃষিক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ অসমৰ নিজৰ উৎপাদিত চাউল ৰাজ্যৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে বিতৰণ কৰাৰ বাবে ভাৰতীয় খাদ্য নিগমৰ সৈতে কৰা চুক্তি এই দিশত এক “গেম-চেঞ্জাৰ” পদক্ষেপ৷ এই বিকেন্দ্ৰীকৃত ক্ৰয় আৰ্হিয়ে স্থানীয় কৃষকসকলক সবলীকৃত কৰিব৷ এই বছৰ ৪ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ প্ৰচেষ্টাৰ লগতে ব্যক্তিগত খণ্ডৰ বৰ্ধিত আগ্ৰহে কৃষিক্ষেত্ৰৰ এক ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিছে৷ কৃষকসকলৰ পৰিবহণ ব্যয়ত সকাহ প্ৰদানৰ বাবে অধিক ৰাজসাহায্যৰ বিষয়ে চৰকাৰে বিবেচনা কৰিছে৷ এনে পদক্ষেপে এই খণ্ডটোত অধিক অংশগ্ৰহণ আৰু উৎপাদনশীলতা নিশ্চিত কৰিব৷
৫) পৰ্যটন ঃ অৰ্থনৈতিক বিকাশৰ আশীৰ্বাদস্বৰূপ ঃ অসমৰ সমৃদ্ধ সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্যই ৰাজ্যখনৰ পৰ্যটন খণ্ডক নতুন উচ্চতা প্ৰদান কৰি অৰ্থনৈতিক বিকাশক পৰিচালিত কৰাৰ সম্ভাৱনা আছে৷ শেহতীয়াকৈ বিশ্ব অভিলেখ সৃষ্টিকাৰী বিহুনাচৰ প্ৰদৰ্শনৰ জৰিয়তে ৰাজ্যখনৰ প্ৰাণময় সাংস্কৃতিৰ চানেকি বিশ্বই দেখা পাইছে৷ ঝুমুইৰ নৃত্যয়ো এনে এক পৰিচয় লাভ কৰিব৷ চৰকাৰৰ পৰ্যটন প’ৰ্টেলে ৫,০০০ হোমষ্টে’ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছে৷
সদনৰ মজিয়াত আগবঢ়োৱা মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণত অসমক আগুৱাই নিয়াৰ এক বিস্তৃত পৰিকল্পনাৰ আধাৰ আমি সকলোৱে অনুভৱ কৰিছোঁ৷ অসমৰ তাৎক্ষণিক আৰু দীৰ্ঘম্যাদী প্ৰয়োজনীয়তাসমূহক উপলব্ধি কৰি গ্ৰহণ কৰা এনে পদক্ষেপ অতি প্ৰেৰণাদায়ক৷ কৰ্মযোগী মুখ্যমন্ত্ৰীগৰাকীৰ কেবিনেটৰ এগৰাকী সদস্য হিচাপে মই এই ৰূপান্তৰকামী পদক্ষেপসমূহক বাস্তৱায়িত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিবলৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ৷ আমি একেলগে আমাৰ সন্মুখৰ প্ৰত্যাহ্বানসমূহক সুযোগলৈ ৰূপান্তৰিত কৰি আমাৰ ৰাজ্যৰ বাবে এক সমৃদ্ধিশালী আৰু বহনম ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিম৷
(লেখক অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী)