শিক্ষাক্ষেত্ৰত সফলতাৰ শিখৰত অসমৰ নাম জিলিকাব পৰা অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ অন্যতম হৈছে অন্তৰা পল, সাগৰ গুপ্তা আৰু আৰয়ানা দত্ত ৷ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা (নীট-এনইইটি), যুটীয়া প্ৰৱেশ পৰীক্ষা (জেইই- এডভান্স)ৰ প্ৰস্তুতিৰ বাবে শিক্ষাৰ্থীসকলক পেছাদাৰী প্ৰশিক্ষণ প্ৰদান কৰিবলৈ অসম ৰাজ্যিক যুৱ আয়োগে এক বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰে৷ এই প্ৰশংসনীয় পদক্ষেপে চৰকাৰক এনে ব্যৱস্থা অসমৰ অন্যান্য চহৰসমূহলৈ সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত উৎসাহ যোগাইছে৷
উল্লিখিত ছাত্ৰ-ছাত্ৰী তিনিগৰাকীয়ে ক’টাৰ এলেন কেৰিয়াৰ ইনষ্টিটিউটৰ সহযোগিতাত প্ৰতিষ্ঠানটোৰ ডিব্ৰুগড়ৰ কেন্দ্ৰত অসম চৰকাৰৰ পৰিচালিত ব্যক্তিগত ক’চিং গ্ৰহণ কৰিছিল৷ এইবছৰ এই কেন্দ্ৰটোত প্ৰশিক্ষণ গ্ৰহণ কৰা ২২০গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১৫৩গৰাকীয়ে নীট আৰু জেইইৰ পৰীক্ষাত সফলতা অৰ্জন কৰিছে৷
এলেনৰ সৈতে অসম চৰকাৰৰ মাজত এখন চুক্তি স্বাক্ষৰ হৈছিল যোৱা বছৰৰ জানুৱাৰী মাহত৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ ফুলবাগানত এই কেন্দ্ৰটোৰ উদ্বোধন কৰিছিল৷
কেন্দ্ৰটোৰ ফলাফলৰ পৰা উদ্বুদ্ধ হৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসমৰ বিভিন্ন স্থানত এনে তিনিটা কেন্দ্ৰ স্থাপন কৰাৰ বিষয়ে উল্লেখ কৰে৷ এই কেন্দ্ৰসমূহে ৰাজ্যখনৰ বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকলক দেশৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠানসমূহত নিজৰ পছন্দৰ বিষয় অধ্যয়ন কৰাৰ সপোন পূৰণ কৰিব৷
“বৰ্তমান প্ৰায় ৬০০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিব্ৰুগড়ৰ এই কেন্দ্ৰটোত আৰু ১০৬গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তেজপুৰৰ আন এটা এনে কেন্দ্ৰত প্ৰস্তুতি চলাই আছে৷ এই বছৰৰ পৰা নলবাৰী, শিলচৰ আৰু যোৰহাটত এনে নতুন কেন্দ্ৰ স্থাপন কৰা হ’ব,” মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কয়৷
“আমি সমাজৰ আৰ্থিকভাৱে পিছপৰা তথা মধ্যবিত্ত লোকসকলৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ৷ এই বিশ্বমানৰ প্ৰতিষ্ঠানসমূহত আৰ্থিক বাধাগ্ৰস্ত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰস্তুতিৰ ব্যৱস্থা আমাৰ এনে এক প্ৰচেষ্টাৰ অংশ”
ড॰ হিমন্ত বিশ্ব শৰ্মা
অসম ৰাজ্যিক যুৱ আয়োগে চৰকাৰৰ এই ক’চিং কেন্দ্ৰসমূহৰ নিৰীক্ষণৰ ক্ষেত্ৰত ন’ডেল এজেন্সী হিচাপে ভূমিকা পালন কৰি আহিছে৷ নতুন দিল্লীস্থিত কেন্দ্ৰ Social Responsibility & Leadership- য়ে তেজপুৰত নীট আৰু জেইই (এডভান্স)ৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে৷
“আমি সমাজৰ আৰ্থিকভাৱে পিছপৰা তথা মধ্যবিত্ত লোকসকলৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ৷ এই বিশ্বমানৰ প্ৰতিষ্ঠানসমূহত আৰ্থিক বাধাগ্ৰস্ত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰস্তুতিৰ ব্যৱস্থা আমাৰ এনে এক প্ৰচেষ্টাৰ অংশ,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
১৫ জুনত ড॰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ এলেন কেন্দ্ৰটো ভ্ৰমণ কৰি নীট আৰু জেইই (এডভান্স)ত সফলতা লাভ কৰা ৮গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷
মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ শ্ৰেষ্ঠ চিকিৎসা আৰু আভিযান্ত্ৰিক প্ৰতিষ্ঠানত অধ্যয়ন কৰাৰ সুবিধা পাবলৈ ছাত্ৰ-ছাত্ৰীসকলক সবলীকৰণ কৰাৰ দিশত থকা প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে৷ অন্তৰ্ভুক্তিকৰণৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “যোৱা পাঁচ বছৰত অসমত বহু নীট আৰু জেইই প্ৰশিক্ষণ কেন্দ্ৰসমূহ ব্যৱসায়িক ৰূপত প্ৰতিষ্ঠা হৈছে আৰু সমাজৰ এটা নিৰ্দিষ্ট শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী ইয়াৰ দ্বাৰা লাভান্বিত হৈছে৷ অৱশ্যে, আমাৰ কেন্দ্ৰসমূহত জাতি, ধৰ্ম আৰু সম্প্ৰদায় নিৰ্বিশেষে সকলো শিক্ষাৰ্থীয়ে প্ৰাথমিকতা লাভ কৰিব৷”
ডিব্ৰুগড়ৰ কেন্দ্ৰটিত ন’ডেল ব্যক্তিৰ দায়িত্বত থকা অসম ৰাজ্যিক যুৱ আয়োগৰ সদস্য ভাস্কৰ পাপুকণ গগৈয়ে অসম বাৰ্তাক কয় যে কেন্দ্ৰটোত অন্তৰ্ভুক্তিৰ পূৰ্বে এক পৰীক্ষাৰ আধাৰত নিৰ্ধাৰণ কৰা হৈছিল৷
“মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি আমি এনে কেইবাটাও প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিম য’ত মধ্যবিত্ত আৰু আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীসকলৰ পৰা সামান্য মাচুল সংগ্ৰহ কৰা হ’ব ৷ আমি আমাৰ উদ্দেশ্য পূৰণৰ বাবে দেশৰ শীৰ্ষ ক’চিং প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতামূলক ব্যৱস্থা গ্ৰহণ কৰিম,” ভাস্কৰ পাপুকণ গগৈয়ে কয়৷
তেওঁ লগতে উল্লেখ কৰে যে ডিব্ৰুগড়ৰ কেন্দ্ৰটো ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, লখিমপুৰ, ধেমাজি আৰু যোৰহাট জিলাৰ শিক্ষাৰ্থীসকলৰ বাবে সুবিধাজনক ঠিক তেনেকৈ তেজপুৰৰ কেন্দ্ৰটোৱে সামৰি লৈছে শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, নগাঁও, মৰিগাঁও আৰু দৰঙৰ শিক্ষাৰ্থীসকলক৷
গগৈয়ে লগতে কয়, “প্ৰথমতে আমি এই আঁচনিৰ বিষয়ে প্ৰচাৰ কৰিবলগীয়া হৈছিল কিন্তু মুখ বাগৰি এতিয়া আমি ইয়াত অন্তৰ্ভুক্তিৰ বাবে যথেষ্টসংখ্যক শিক্ষাৰ্থীৰ সঁহাৰি লাভ কৰিছোঁ৷”
তেওঁ লগতে কয় যে অসম ৰাজ্যিক যুৱ আয়োগে এলেন কেৰিয়াৰ ইনষ্টিটিউটৰ সৈতে বিকশিত জীৱন পৰিকল্পনা আঁচনিৰ অধীনত বিভিন্ন জিলাত জলপানি প্ৰদানৰ পৰীক্ষা অনুষ্ঠিত কৰিছে৷ “দশম শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীক উন্নতমানৰ শিক্ষা আৰু ক’চিং প্ৰদানৰ বাবে এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হৈছিল,” তেওঁ কয়৷
১০০ শতাংশ জলপানি লাভ কৰাৰ পাছত এনে ব্যক্তিগত ক’চিং প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে খৰচ হোৱা ২ লাখ টকালৈকে ৰাহি কৰিব পাৰি৷
১৯ বছৰীয়া অন্তৰাই এইবাৰ নীটৰ পৰীক্ষাত যথেষ্ট ভাল প্ৰদৰ্শন আগবঢ়াইছে৷ নামৰূপৰ অন্তৰা এখন ভাল চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰ সুবিধা লাভ কৰিব বুলি আশাবাদী৷ প্ৰথমতে তেওঁ গুৱাহাটীৰ এলেনত নামভৰ্তি কৰিছিল৷ সফলতাৰে প্ৰৱেশ পৰীক্ষাত ৯০ শতাংশ জলপানি লাভ কৰাৰ পাছত তেওঁ অসম চৰকাৰৰ সহযোগিতাত গঢ় লোৱা এই কেন্দ্ৰটিত নামভৰ্তি কৰে৷
ধলাৰ ২০ বছৰীয়া সাগৰ বৰ্তমান ধনবাদৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ধাতু-শোধন আভিযান্ত্ৰিক পাঠ্যক্ৰমত অধ্যয়নৰত৷ সাগৰ ডিব্ৰুগড়ৰ কেন্দ্ৰটোৰ প্ৰথমটো বৰ্ষৰ ছাত্ৰ আছিল৷
“মোৰ দেউতাৰ এটা সৰু ব্যৱসায় আছে৷ মই ৮৫ শতাংশ জলপানি লাভ কৰি ইয়াত অধ্যয়ন কৰিছিলোঁ৷ ভাবকচোন মোৰ বাবে এয়া কিমান বৃহৎ সকাহ আছিল,” সাগৰে ফ’নযোগে এই প্ৰতিৱেদকক কয়৷
চাবুৱাৰ ১৯ বছৰীয়া আৰয়ানা দত্ত৷ তেওঁ যোৱা জেইই (এডভান্স)ত সফলতা লাভ কৰি আইআইটি (বাৰানসী)ত ধাতু-শোধন আভিযান্ত্ৰিক পাঠ্যক্ৰমত অধ্যয়ন কৰি আছিল আৰু শেহতীয়াকৈ আইআইটি খৰগপুৰত অধ্যয়নৰ সুবিধা লাভ কৰিছে৷ তেওঁ কেন্দ্ৰটোৰ শিক্ষক তথা পাঠ্যক্ৰমৰ বিষয়ে প্ৰশংসা কৰে৷