মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসম বাজেট ২০২৩-২৪ত সাঙুৰি লোৱা দিশসমূহক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিত্তমন্ত্ৰী অজন্তা নেওগে ১৬ মাৰ্চত উপস্থাপন কৰা বাজেটখন হৈছে এনে এখন দস্তাবেজ যি সমাজৰ সকলো শ্ৰেণীকে সাঙুৰি আৰ্থ-সামাজিক সবলীকৰণ আৰু সমতাৰে উন্নয়ন সুনিশ্চিত কৰিব৷ তেওঁ কয় যে এই বাজেটখন সমাজৰ সকলো শ্ৰেণীৰ
আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব আৰু ৰাজ্যখনে সকলো দিশতে ইয়াৰ নিৰ্ধাৰিত শিখৰত উপনীত হোৱাৰ পথ প্ৰশস্ত কৰিব পাৰিব৷
ৰাজ্যখনৰ ২ লাখ যুৱক-যুৱতীক আত্মসংস্থাপনৰ সুযোগ প্ৰদান কৰাৰ বাবে বাজেটত ৫,০০০ কোটি টকাৰ আবণ্টনেৰে বিশেষ গুৰুত্ব প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বৈপ্লৱিক পদক্ষেপে অসমৰ যুৱপ্ৰজন্মক নিজৰ ভৰিত নিজে থিয় দিয়াৰ সুযোগ প্ৰদান কৰিব৷ ৰাজ্যখনৰ প্ৰচলিত ব্যৱস্থাই সম-বিকাশৰ ধাৰণাত বিশ্বাস কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মাইক্ৰ’ফাইনেন্স ঋণ ৰেহাইৰ বাবে কৰা ব্যৱস্থাসমূহ এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু ই চৰকাৰখনৰ অন্যতম নিৰ্বাচনী প্ৰতিশ্ৰুতিটো পূৰণৰ দিশত আগবঢ়াই নিব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ৩.২৭ লাখ আত্মসহায়ক গোটৰ প্ৰায় ৩৯ লাখ সদস্যৰ বাবে বাজেটত কৰা ঘোষণাসমূহৰ বিষয়েও আলোকপাত কৰে৷ তেওঁ কয় যে বিত্তীয় সাহায্যৰ জৰিয়তে আত্মসহায়ক গোটসমূহৰ সদস্যসকলক সবলীকৃত কৰি ৰাজ্যখনত শক্তিশালী
গৃহ-আধাৰিত উদ্যোগ গঢ়ি তোলাত সহায় কৰিব৷ ড॰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ ‘আয়ুষ্মান ভাৰত আঁচনি’ আৰু ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ আৰ্হিত প্ৰস্তুত কৰা নতুন আঁচনি ক্ৰমে ‘মুখ্যমন্ত্ৰী আয়ুষ্মান অসম’ আৰু ‘মুখ্যমন্ত্ৰী আৱাস যোজনা’ৰ প্ৰশংসা কৰে৷
মুখ্যমন্ত্ৰীয়ে বিত্তমন্ত্ৰী আৰু তেওঁৰ বিষয়াসকলৰ দলটিক এখন নতুন আৰু পুনৰুজ্জীৱিত অসমৰ সম্ভাৱনা প্ৰতিফলিত কৰা এনে এখন বাজেট প্ৰস্তুত কৰাৰ বাবে অভিনন্দন জনায় ৷
ৰাজ্যখনৰ উদ্যোগ সংস্থাসমূহেও ৰাজ্যিক বাজেটখনক সন্তুলিত আৰু প্ৰগতিশীল হিচাপে অভিহিত কৰি আদৰণি জনাইছে৷
ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চে (আইচিচি) কয় যে বাজেটখন হৈছে সাম্প্ৰতিক সময়ৰ আটাইতকৈ অন্তৰ্ভুক্তিমূলক বাজেটৰ অন্যতম৷ সামাজিক সুৰক্ষা আঁচনি, এমএছএমইৰ ক্ষেত্ৰত সহযোগ, চাহ উদ্যোগ, স্বাস্থ্যসেৱা খণ্ড, আন্তঃগাঁথনি আৰু শিক্ষা ক্ষেত্ৰত প্ৰদান কৰা গুৰুত্বৰ বিষয়ে উল্লেখ কৰি আইচিচিয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত বাজেটখনৰ প্ৰশংসা কৰে৷
আইচিচিৰ বিবৃতিটোত উল্লেখ কৰিছে যে, “বাজেটখনে ২০২৩-২৪ বৰ্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৫ লাখ কোটি টকাৰ উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে বাজেটখন দেশৰ ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দিশত আগবাঢ়ি যোৱাৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব৷”
বাজেটখনক আদৰণি জনাই অসম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এছ’চিয়েশ্যনৰ (আৰইআইডিএ) সভাপতি প্ৰণৱ কুমাৰ শৰ্মাই কয় যে নতুন পথ, দলং, জলপথ আৰু বিমান সংযোগৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়ন আৰু উন্নত সংযোগ ব্যৱস্থাৰ দিশত গুৰুত্ব প্ৰদান কৰাৰ লগতে লগতে ‘নন উড়ান’ পথৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাই ৰিয়েল ইষ্টেট খণ্ডত যথেষ্ট প্ৰভাৱ পেলাব৷
“চৰকাৰে আত্মসংস্থাপন আৰু উদ্যমিতাক উদগনি জনাইছে৷ ২০২৬ চনৰ ভিতৰত অসমক উত্তৰ-পূব ভাৰতত স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে লোৱা আন্তঃগাঁথনি ব্যৱস্থাই ৰাজ্যখনৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব৷ সেউজ শক্তিৰ বাবে বিদ্যুৎ শুল্ক ৰেহায়ে ঘৰৰ ছাদত সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত উৎসাহিত কৰিব,” তেওঁ কয়৷
“অনলাইন মাচুল আদায়ৰ ব্যৱস্থাসহ গৃহ নিৰ্মাণৰ অনুমতি প্ৰদান কৰা প্ৰণালীটো হৈছে ইজ অফ ডুয়িং বিজনেছ আইন, ২০১৬-ত নিৰ্ধাৰণ কৰা অনুসৰি এক সময়োপযোগী পদক্ষেপ৷
অনুমোদনৰ ক্ষেত্ৰত অতবছৰে কাগজৰ মেৰপাকত চলি থকা ব্যৱস্থাটোত এই কাৰ্যকৰীকৰণে দুৰ্নীতি নোহোৱা কৰিব,” তেওঁ লগতে কয়৷
ভাৰতীয় চাহ সংস্থাই ২০২৩-২৪ বৰ্ষৰ বাজেটত গ্ৰহণ কৰা ব্যৱস্থা আৰু ঘোষণাসমূহক প্ৰশংসা কৰি কয় যে বাজেটখনে মূলধনী ব্যয়ৰ ক্ষেত্ৰত শক্তিশালী আৰু দীৰ্ঘম্যাদী বহনক্ষমতাৰ দিশত গুৰুত্ব আৰোপ কৰিছে আৰু ই চাহ উদ্যোগটোক সকলো দিশতে উদ্ভাসিত কৰি তুলিব৷
“অসমৰ চাহ উদ্যোগৰ বাবে বাজেটত আগবঢ়োৱা প্ৰস্তাৱসমূহে উদ্যোগটোৰ বিত্তীয় কল্যাণ সাধন কৰিব আৰু উদ্যোগটোৰ কৰ্মৰাজিক সকলো দিশতে সাঙুৰি ল’ব,” সংস্থাটোৱে এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে৷
“বাজেটখনত অসমৰ চাহ উদ্যোগটোক আগুৱাই নিয়াৰ উদ্দেশ্যে আটাইতকৈ প্ৰগতিশীল দৃষ্টিভংগী প্ৰদান কৰাৰ বাবে ভাৰতীয় চাহ সংস্থাৰ লগতে সমগ্ৰ চাহ উদ্যোগটোৱে অসম চৰকাৰক প্ৰশংসা কৰিছে৷”
সংস্থাটোৰ মহাসচিব প্ৰবীৰ কুমাৰ ভট্টাচাৰ্যই কয় যে বিত্তমন্ত্ৰীগৰাকীয়ে ২০২৩ বৰ্ষত ৰাজ্যখনৰ চাহ উদ্যোগটোৰ ২০০টা গৌৰৱোজ্জ্বল বছৰ উদযাপন কৰিবলৈ উদ্যোগটো আৰু ইয়াৰ সৈতে জড়িত কৰ্মীসকলৰ বাবে কেইবাটাও প্ৰস্তাৱ আগবঢ়াইছে৷
ফেডাৰেচন অব ইণ্ড্ৰাষ্ট্ৰী এণ্ড কমাৰ্চ অৱ নৰ্থ ইষ্টান ৰিজিয়ন(FINER)ৰ প্ৰাক্তন অধ্যক্ষ আৰ এছ যোশীয়ে কয় যে কৃষি, শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি, এমএছএমই, গ্ৰাম্য আৰু নগৰাঞ্চলৰ নাগৰিকৰ বাবে কল্যাণমূলক আঁচনি, আত্মসংস্থাপন আঁচনি আদিৰ বাবে পুঁজি আবণ্টন কৰি বাজেটখনে সন্তুলিত ৰূপত চলি থকা উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে৷