কামৰূপ জিলাৰ সোণতলী অঞ্চলৰ বাসিন্দা ছৈফুৰ আলমৰ মনত কেইদিনমানৰপৰা আনন্দই নধৰা হৈছে। কিয়নো তেখেতে নিজৰ কষ্টৰ উচিত মূল্য পাইছে। অসম চৰকাৰে দ্বিতীয়বাৰৰ বাবে ন্যূনতম সমৰ্থন মূল্যত কৃষকৰ পৰা সৰিয়হ ক্ৰয় কৰাৰ খবৰটোৱে ছৈফুৰৰ দৰে উদ্যমী খেতিয়কসকললৈ লৈ আহিছে আশাৰ বতৰা।
শেহতীয়াকৈ ছৈফুৰে নিজ অঞ্চলৰে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ ক্ৰয় কেন্দ্ৰত ১০০ কুইণ্টল আৰু পৰৱৰ্তী সময়ত পুনৰ ৪৫ কুইণ্টল সৰিয়হ বিক্ৰী কৰে।
“আৰম্ভণিতে বিক্ৰী কৰা ১০০ কুইণ্টলৰ বিনিময়ত ৫,৬৫,০০০ টকা মোৰ একাউণ্টত জমা হয়। এই মূল্য লাভ কৰি মই নথৈ আনন্দিত হৈছোঁ। পৰৱৰ্তী সময়ত পুনৰ ৪৫ কুইণ্টল সৰিয়হ বিক্ৰী কৰোঁ। পূৰ্বে মধ্যভোগীৰ ওচৰত আমি অতি কম মূল্যত সৰিয়হ বিক্ৰী কৰিবলগীয়া হৈছিল। কিন্তু অসম চৰকাৰৰ এই কল্যাণকামী পদক্ষেপে আমাৰ দৰে খেতিয়কসকলক যথেষ্ট উপকৃত কৰিছে।”
কৃষকসকলক উৎসাহিত কৰি তেওঁলোকৰ আয় বৃদ্ধিৰ লক্ষ্যৰে এই বৰ্ষত ৫,৬৫০ টকা (প্ৰতি কুইণ্টল) ন্যূনতম সমৰ্থন মূল্যত ৰবি বতৰ-২০২৪ৰ বাবে ১৫ মাৰ্চৰ পৰা ১৫ জুলাইলৈ অসম চৰকাৰে সৰিয়হ ক্ৰয়ৰ ব্যৱস্থা কৰিছে। অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ, অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ জৰিয়তে সৰিয়হ ক্ৰয় কৰাৰ এই পদক্ষেপ হৈছে কৃষক ৰাইজৰ বাবে আশীৰ্বাদস্বৰূপ।
প্ৰায় ১৫ বছৰ ধৰি কৃষি ক্ষেত্ৰৰ সৈতে জড়িত হৈ থকা কামৰূপৰ শিঙিমাৰী অঞ্চলৰ বাসিন্দা জয়ৰাম বৰ্মনে আমিনগাঁওস্থিত সৰিয়হ ক্ৰয় কেন্দ্ৰত সৰিয়হ বিক্ৰী কৰিছে।
“যোৱা বৰ্ষত আমি প্ৰতি কুইণ্টলত ৫,৪৫০ টকাত চৰকাৰী সংস্থাক সৰিয়হ বিক্ৰী কৰিছিলোঁ। এইবাৰ ২০০ টকা বৃদ্ধি কৰাৰ ফলত আমি উৎসাহিত হৈছোঁ। বিগত বৰ্ষৰ তুলনাত এইবাৰ আমাৰ সৰিয়হ উৎপাদনৰ পৰিমাণো যথেষ্ট বৃদ্ধি পাইছে, যাৰ ফলশ্ৰুতিত প্ৰায় ৭০ কুইণ্টল সৰিয়হ অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ ক্ৰয় কেন্দ্ৰত বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ,” জয়ৰাম বৰ্মনে কয়।
ঠিক একেদৰে মৰিগাঁৱৰ দলৈচুবা নিৱাসী প্ৰণৱজ্যোতি ভৰালীয়ে প্ৰথমবাৰৰ বাবে চৰকাৰক সৰিয়হ বিক্ৰী কৰিছে। মৈৰাবাৰী কৃষি প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণৱজ্যোতি ভৰালীয়ে ৰহা সৰিয়হ ক্ৰয় কেন্দ্ৰত সৰিয়হ বিক্ৰী কৰাৰ পাছত আনন্দ প্ৰকাশ কৰি কয়, “মোৰ পিতৃ কৃষিকাৰ্যৰ সৈতে জড়িত আছিল। খেতিৰ বিষয়ে জনা হোৱাৰেপৰা ময়ো কৃষিকৰ্মতেই নিয়োজিত হৈ আহিছোঁ। মৈৰাবাৰী কৃষি প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ কৃষকসকলৰ ঐকান্তিক প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে আমি ৮৪ কুইণ্টল সৰিয়হ চৰকাৰী সংস্থাক বিক্ৰী কৰিছোঁ। ইয়াৰ পূৰ্বে প্ৰয়োজনসাপেক্ষে স্থানীয় ব্যৱসায়ীৰ ওচৰত ৩৮০০-৪২০০ টকাত সৰিয়হ বিক্ৰী কৰিছিলোঁ।”
তেখেতে লগতে কয়,“আমাৰ এফপিচিত ৪২৪গৰাকী কৃষক জড়িত হৈ আছে। ইয়াৰ প্ৰায় ৩০% কৃষকেই সৰিয়হ খেতি কৰে। সৰিয়হ বিক্ৰী কৰি লাভ কৰা ধন আমি কৃষিকাৰ্যতেই বিনিয়োগ কৰাৰ কথা চিন্তা কৰিছোঁ। কৃষক ৰাইজৰ মংগলৰ কথা চিন্তা কৰি গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে বৰ্তমানৰ চৰকাৰখনক জনাইছোঁ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। এনেধৰণৰ কুশলদায়ক পদক্ষেপে যুৱচামক কৃষিকাৰ্যৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব বুলি মই ভাবোঁ। যিহেতু ৰহা কেন্দ্ৰটো আমাৰ অঞ্চলৰপৰা কিছু দূৰৈত অৱস্থিত, সেয়েহে আমাৰ অঞ্চলৰ সমীপত ক্ৰয় কেন্দ্ৰ স্থাপন কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনালোঁ।”
১০ বছৰৰো অধিক সময় কৃষিক্ষেত্ৰৰ সৈতে জড়িত ধুবুৰীৰ শিঙিমাৰী পিটি-২ৰ বাসিন্দা মুস্তাফা শ্বেইখেও সৰিয়হ বিক্ৰী কৰি লাভান্বিত হৈছে। এই সন্দৰ্ভত তেখেতে অসম বাৰ্তাৰ এগৰাকী প্ৰতিনিধিক কয়, “এইবছৰ মই ২৩ কুইণ্টল সৰিয়হ বিক্ৰী কৰিছোঁ। এইক্ষেত্ৰত কৃষি বিভাগে সময়ে সময়ে আমাক বিভিন্ন সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে দিহা-পৰামৰ্শ দি আহিছে। যোৱা বছৰৰ তুলনাত এইবাৰ আমি অধিক সৰিয়হ উৎপাদন কৰি বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ।”