কামৰূপ জিলাৰ দাদৰাৰ শিঙিমাৰী গাঁৱৰ সৰিয়হৰ খেতিয়ক জয়ৰাম বৰ্মন (৪৮) হৈছে ৰাজ্য চৰকাৰৰ এক বিশেষ কৃষক-অনুকূল নীতিৰ সুবিধা গ্ৰহণ কৰা ৰাজ্যখনৰ প্ৰথমকেইগৰাকী ব্যক্তিৰ অন্যতম৷
১৩ জুনত অসম চৰকাৰৰ সৰিয়হ ক্ৰয় প্ৰক্ৰিয়াৰ আৰম্ভণিৰ দিনাই আমিনগাঁৱৰ অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ ক্ৰয় কেন্দ্ৰত নিজৰ খেতিৰ সৰিয়হ বিক্ৰী কৰা কামৰূপ জিলাৰ প্ৰথম চাৰিগৰাকী সৰিয়হৰ খেতিয়কৰ ভিতৰত অন্যতম আছিল জয়ৰাম৷
“মই যোৱা দুটা দশক সৰিয়হৰ খেতি কৰি আহিছোঁ৷ আমাৰ গাঁৱৰ সৰহসংখ্যকেই সৰিয়হৰ খেতিয়ক৷ খেতি যথেষ্ট ভাল হোৱা স্বত্ত্বেও, আমি বহু বছৰ ধৰি নিম্ন মূল্যত মধ্যস্থতাকাৰী বা মিল মালিকক সৰিয়হ বিক্ৰী কৰিব লগা হৈছিল৷ প্ৰথমবাৰৰ বাবে, মোৰ খেতিৰ সৰিয়হ প্ৰতি কুইণ্টলত ৫,৪৫০ টকাত এটা চৰকাৰী সংস্থাক বিক্ৰী কৰিছোঁ,” বৰ্মনে কয়৷
তেওঁ জিলা কৃষি কাৰ্যালয় আৰু গ্ৰাম সেৱকৰে গঠিত এক সু-পৰিচালিত দলৰপৰা সৰিয়হৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে অৱগত হৈছিল৷ “এয়া অসম চৰকাৰৰপৰা এটা সুন্দৰ পদক্ষেপ৷ আগতে আমি নিজে সৰিয়হৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰিছিলোঁ৷ এতিয়া পৰিস্থিতি সলনি হ’ব৷ ব্যক্তিগত খণ্ডৰ সংগ্ৰহকৰ্তাসকলৰ প্ৰতি থকা আমাৰ নিৰ্ভৰশীলতা এতিয়া ইতিহাস হৈ পৰিব,” বৰ্মনে লগতে কয়৷
মাত্ৰ এসপ্তাহৰ আগতে কেন্দ্ৰীয় চৰকাৰৰপৰা এক সেউজ সংকেত লৈ অসম চৰকাৰে ন্যূনতম ক্ৰয় মূল্যত ৰাজ্যখনৰ কৃষকসকলৰপৰা সৰিয়হ ক্ৰয় কৰাৰ বিষয়ে ঘোষণা কৰিছিল৷
এই ঘোষণাৰ পাছতেই জয়ৰামৰ দৰে কৃষকসকলক লাভান্বিত কৰাৰ উদ্দেশ্যে ৰবি ঋতু ২০২৩-ৰ বাবে ৰাজ্য চৰকাৰৰ মূল্য সহযোগিতা আঁচনিৰ অধীনত উল্লিখিত ন্যূনতম ক্ৰয় মূল্যত ৫,৭৯৩ মেট্ৰিক টন সৰিয়হৰ বীজ ক্ৰয় কৰাৰ অভিযান আৰম্ভ হৈছিল৷
সেই অনুসৰি, কৃষকসকলে তেওঁলোকৰ খেতিৰ সৰিয়হ চৰকাৰক বিক্ৰী কৰিব পৰাকৈ সমগ্ৰ ৰাজ্যতে ১০১টা মনোনীত সৰিয়হ ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে৷
সৰিয়হৰ বীজ ক্ৰয় প্ৰক্ৰিয়া পৰিচালনা কৰিছে অসম চৰকাৰৰ দুটা নোডেল সংস্থাই – অসম ৰাজ্যিক কৃষি বিপণন ব’ৰ্ড (এএছএএমবি) আৰু অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে (এএফচিএছচিএল)৷
জয়ৰামে এএছএএমবিক ২৩ কুইণ্টল সৰিয়হ বিক্ৰী কৰে আৰু আশা প্ৰকাশ কৰে যে বতৰৰ অৱস্থা উন্নত হোৱাৰ লগে লগে অধিক সৰিয়হ বিক্ৰী কৰিব পাৰিব৷
কৃষকসকলক ক্ৰয় কেন্দ্ৰত মধ্যস্থতাকাৰীৰপৰা নিলগত থাকিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে সংগ্ৰহ কৰা সৰিয়হ ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বাণিজ্য ফেডাৰেচন (নাফেড)ত বিক্ৰী কৰিব আৰু টকা তিনি দিনৰ ভিতৰত কৃষকসকলৰ একাউণ্টত জমা হ’ব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত সৰিয়হৰ উৎপাদন বৃদ্ধি হৈছে বুলি উল্লেখ কৰি কয় যে এই ব্যৱস্থাই ধানৰ পাছত বছৰত দ্বিতীয়টো খেতি কৰিবলৈ উৎসাহিত কৰিব৷ পৰিসংখ্যা অনুসৰি ২০২০-২১ বৰ্ষত অসমত সৰিয়হৰ উৎপাদন আছিল ১,৮৫,১৭৫ মেট্ৰিক টন৷
ৰাজ্য চৰকাৰে আশা ব্যক্ত কৰিছে যে এই ব্যৱস্থাই কৃষকসকলৰ অতিৰিক্ত উপাৰ্জন ৰাজ্যজুৰি ২৫০ কোটি টকালৈ বৃদ্ধি কৰিব৷ এয়া ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান হ’ব৷
ধান ক্ৰয় প্ৰক্ৰিয়াৰ দৰেই কৃষকসকলে তেওঁলোকৰ নিজ নিজ কৃষি উন্নয়ন বিষয়াৰপৰা কৃষকৰ প্ৰমাণপত্ৰ লাভ কৰিব৷
কৃষকসকলে ব্যক্তিগতভাৱে তেওঁলোকৰ ন্যায্য মূল্যত উৎপাদনৰ প্ৰতিদিনে ২৫ কুইণ্টললৈকে সৰিয়হ বিক্ৰী কৰিব পাৰিব৷ সৰিয়হৰ সৰ্বাধিক আদ্ৰৰ্তা ৮% সীমা অতিক্ৰম কৰিব নালাগিব৷ অতিৰিক্ত পৰিমাণৰ সৰিয়হ পৰৱৰ্তী দিনসমূহত এদিনত ২৫ কুইণ্টললৈকে বিক্ৰী কৰিব পাৰিব৷
সৰিয়হ সংগ্ৰহ প্ৰক্ৰিয়াৰ সৈতে জড়িত এগৰাকী ব্যক্তিয়ে অসম বাৰ্তাক কয় যে অসমৰ প্ৰাকৃতিক আদ্ৰৰ্তাৰ বাবে সৰিয়হৰ ৮% আদ্ৰৰ্তাৰ পৰিমাণ আকাংক্ষিত সীমাতকৈ যথেষ্ট বেছি৷ সেই অনুসৰি, ৰাজ্য চৰকাৰে ৰাজ্যখনৰ কৃষকসকলৰ সুবিধাৰ স্বাৰ্থত সৰ্বাধিক আদ্ৰৰ্তাৰ পৰিমাণৰ নীতিত কিছু প্ৰয়োজনীয় শিথিলতা প্ৰদান কৰিবলৈ কেন্দ্ৰৰ সৈতে আলোচনা কৰি আছে৷
জয়ৰামৰ দৰে কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বঙালমাৰা গাঁৱৰ জালাল উদ্দিনে (৩৫) ইতিমধ্যে ১৭ আৰু ২২ জুনত এএছএএমবিত দুবাৰকৈ মুঠ ৫০ কুইণ্টল সৰিয়হ বিক্ৰী কৰিছে৷
“মোৰ খেতিমাটিৰ পৰিমাণ হৈছে ৩০ বিঘা৷ নৱেম্বৰৰপৰা মাৰ্চলৈকে মই সৰিয়হ খেতি কৰোঁ৷ প্ৰতি বছৰে প্ৰচুৰ সৰিয়হৰ উৎপাদন হয়৷ মোৰ দৰে, অন্যান্য সৰিয়হৰ খেতিয়কসকলে মুকলি বজাৰত প্ৰতি কুইণ্টলত ৪,২০০-৪,৫০০ টকাত সৰিয়হ বিক্ৰী কৰিবলগীয়া হৈছিল৷ যাৰ ফলত অলপ লোকচানো হৈছিল৷ আজি এই ব্যৱস্থাৰ বাবে মই যথেষ্ট আনন্দিত,” তেওঁ এই প্ৰতিৱেদকক জানিবলৈ দিয়ে৷
জালাল উদ্দিনে এই আঁচনিৰ প্ৰকৃত লক্ষ্য স্পৰ্শ কৰাৰ বাবে আঁচনিখন সম্পৰ্কে এক সজাগতা অভিযান চলোৱাৰ পোষকতা কৰে৷
অসম চৰকাৰে ৰাজ্যব্যাপী এই অভিযান আৰম্ভ কৰাৰ দিনাই দৰং জিলাৰ খাৰুপেটিয়াৰ ওজাগাঁৱৰ মঃ জাকিৰ হুছেইনে(৪২) তেওঁৰ গাঁৱৰ এএফচিএছচিএলৰ এমপিচি (সৰিয়হ ক্ৰয় কেন্দ্ৰ)ত ২৫ কুইণ্টল সৰিয়হ বিক্ৰী কৰে৷
“মোৰ ৩৫ বিঘা কৃষি ভূমি আছে৷ ধান আৰু শাক-পাচলিৰ লগতে মোৰ তৃতীয় গুৰুত্বপূৰ্ণ খেতি হৈছে সৰিয়হ৷ মই বছৰি ৭০ৰপৰা ৮০ কুইণ্টল সৰিয়হ উৎপাদন কৰোঁ৷ আগতে টাঙনি বজাৰ আৰু বালাগাঁৱৰ স্থানীয় সাপ্তাহিক বজাৰত প্ৰতি কুইণ্টলত ৪,০০০ টকাত মিলৰ মালিকক সৰিয়হ বিক্ৰী কৰিছিলোঁ৷
হুছেইনৰ মতে, চৰকাৰে সৰিয়হ ক্ৰয় বা সংগ্ৰহ প্ৰক্ৰিয়া মাৰ্চৰ শেষ সপ্তাহৰপৰা আৰম্ভ কৰিব লাগে কিয়নো তেতিয়া শুকান বতৰৰ বাবে সৰিয়হৰ বীজৰ আদ্ৰৰ্তাৰ পৰিমাণ যথেষ্ট কম হৈ থাকে৷